নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০ বিশ্বকাপ : ভাৰত–পাকিস্তানৰ হাই ভ’ল্টেজ মেচত বৰষুণৰ আশংকা

বিশেষ বাৰ্তা, ৮ জুন : আৰু মাত্র কেইটামান ঘণ্টা বাকী৷ ২২ গজৰ ক্রিকেটত পুনৰ মুখামুখি হ’ব চিৰন্তন প্রতিদ্বন্দ্বী দল দুটা৷ নিউয়র্কৰ নাছাউ কাউণ্টী আন্তৰ্জাতিক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব টি–২০ বিশ্বকাপৰ ভাৰত–পাকিস্তানৰ হাই ভ’ল্টেজ মেচ৷ কিন্তু মেচখনৰ আগমুহূর্তত স্থানীয় বতৰ বিভাগে দিলে বেয়া খবৰ৷ দেওবাৰৰ খেলখনত বৰষুণে বিধি-পথালি দিয়াৰ পূর্ণ সম্ভাৱনা আছে৷ ভাৰত–পাকৰ খেল ক্রিকেটপ্রেমীৰ বাবে সদায় আকর্ষণৰ কেন্দ্রবিন্দু৷ বিশ্বৰ বিভিন্ন প্রান্তৰ পৰা অনুৰাগীসকল নিউয়র্কত উপস্থিত হৈছে৷ বহুত টকা খৰচ কৰি টিকট ক্রয় কৰিছে৷ এই খেলখনৰ ন্যূনতম টিকটৰ মূল্য ভাৰতীয় মুদ্রাত ২৫ হাজাৰ টকা৷ পেভিলিয়ন আৰু বাউণ্ডেৰীৰ আসনৰ টিকটৰ মূল্য প্রায় ডেৰ লাখ টকা৷ কর্ণাৰ আৰু ডাইমণ্ড ক্লাবৰ টিকটৰ দাম সর্বাধিক প্রায় ৮ লাখ টকা৷ কিন্তু বৰষুণৰ ফলত ৰোহিত বনাম বাবৰ ব্রিগেডৰ মেচ বাতিল হোৱাৰ সম্ভাৱনা আছে৷ শুকুৰবাৰৰ বতৰৰ পূর্বাভাস অনুসৰি মেচ আৰম্ভ হোৱাৰ আধা ঘণ্টাৰ পিছত অৰ্থাৎ ৯ জুনত স্থানীয় সময় অনুসৰি পুৱা ১১ বজাত বৰষুণৰ সম্ভাৱনা ৫১ শতাংশ৷ বিয়লি ৪ বজালৈ বৰষুণৰ সম্ভাৱনা ৪৫–৫০ শতাংশ৷ ইয়াৰ পিছত বৰষুণৰ হাৰ সামান্য হ্রাস পাই ৩০ শতাংশ হ’ব পাৰে৷ অর্থাৎ, নির্ধাৰিত মেচখনৰ সমগ্র সময়ছোৱাত বৰষুণৰ সম্ভাৱনা আছে৷ কিছু সময়ৰ পাছত বন্ধ নহ’লে বিশ্বকাপৰ আটাইতকৈ গুৰুত্বপূর্ণ মেচখন বাতিল হোৱাৰ অধিক সম্ভাৱনা আছে৷ উল্লেখ্য যে টীম ইণ্ডিয়াই আয়াৰলেণ্ডক পৰাস্ত কৰি বিশ্বকাপ অভিযান আৰম্ভ কৰিছে৷ আনহাতে, প্রথমখন মেচত ছুপাৰ অ’ভাৰত আমেৰিকাৰ হাতত পৰাস্ত হয় পাকিস্তান৷

You might also like