নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলৰ ৩৬সংখ্যক প্ৰতিষ্ঠা দিৱসত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ আজি অৰুণাচল প্ৰদেশৰ সোণালী জয়ন্তী বৰ্ষৰ লগতে ৩৬সংখ্যক ৰাজ্যিক দিৱসত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অৰুণাচল প্ৰদেশৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ইটানগৰত অনুষ্ঠিত হৈছে বৰ্ণাধ্য অনুষ্ঠানৰ। এই অনুষ্ঠানৰ বাবে পুৱাই ইটানগৰত উপস্থিত হোৱা অসমৰ মুখ্যমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনায় অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে।

চুবুৰীয়া ৰাজ্য়খনৰ  প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ শৰ্মাই ভাষণ প্ৰদান কৰি কয়, “অসম আৰু অৰুণাচল প্ৰদেশ দুয়োখন ৰাজ্যৰ জনসাধাৰণে অতীজৰে পৰা ঘনিষ্ঠ সম্পৰ্কৰ লগতে ভাতৃত্ববোধৰ শক্তিশালী বান্ধোন বৰ্তাই ৰাখিছে। অসম আৰু অৰুণাচল প্ৰদেশ উভয়ৰে ৰাজ্য চৰকাৰে এই বৰ্ষৰ এপ্ৰিলত সীমান্ত অঞ্চলৰ বিবাদ দূৰীকৰণৰ লক্ষ্যৰে আলোচনাত মিলিত হ’ব আৰু আশা কৰোঁ যে এই বৰ্ষৰ ভিতৰতে আমি সৰ্বাধিক সংখ্যক সীমা বিবাদ সমাধান কৰিবলৈ সক্ষম হ’ম। কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুক ‘টীম নৰ্থ ইষ্ট’ৰ দলপতি হিচাপে উদ্যোগ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ যাতে সমগ্ৰ দেশৰ বিকাশৰ বাটত উত্তৰ-পূবৰ বাবে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হয়। মোৰ বন্ধু তথা অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বলিষ্ঠ নেতৃত্বত বিগত সময়চোৱাত সমৃদ্ধিশালী সাংস্কৃতিক ঐতিহ্য আৰু নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্যক মূলধন হিচাপে লৈ ৰাজ্যখনে উল্লেখনীয় সফলতা লাভ কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গ দৰ্শনত উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহৰ উন্নয়নৰ অবিৰত যাত্ৰা অব্যাহত আছে।”

ইপিনে অৰুণাচল প্ৰদেশৰ কাৰ্যসূচী সামৰি বিয়লি গুৱাহাটীলৈ ঘূৰি আহিব মুখ্যমন্ত্ৰী ড০ শৰ্মা। তাৰপাছত সন্ধিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক।

You might also like