নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৌলাশালস্থিত চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ ৩৭সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ নলবাৰী জিলাৰ দৌলাশালস্থিত চতুৰ্দ্দশ অসম আৰক্ষী বাহিনীৰ ৩৭সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। ১৯৮৭ চনৰ ৮ ফেব্ৰুৱাৰীত দৌলাশালত স্থাপন কৰা হৈছিল  চতুৰ্দ্দশ অসম আৰক্ষী বাহিনীৰ সদৰ কাৰ্যালয়। ১৯৮৮ চনৰ ৮ ফেব্ৰুৱাৰীত সেই সময়ৰ অসম চৰকাৰৰ গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনে দৌলাশালত চতুৰ্দ্দশ অসম আৰক্ষী বাহিনীৰ সদৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিল। আজি ৩৭সংখ্যক প্ৰতিষ্ঠা দিৱস উলহ-মালহেৰে বাহিনীটোৰ মুখ্য কাৰ্যালয়ত উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক আই. পি. এচ.  সুপ্ৰিয়া দাস। জোৱানসকলৰ অভিবাদন গ্ৰহণ কৰি পতাকা উত্তোলন কৰে নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসে। আৰক্ষী অধীক্ষকগৰাকীয়ে জোৱানসকলক উদ্দেশ্য কৰি ভাষণ প্ৰসংগত কয় যে “আজি এটা মহান দিন, গৌৰৱৰ মুহূৰ্ত। দেশ তথা জাতিৰ সেৱাত এই বাহিনীৰ বিষয়া- জোৱানসকলে উৎকৃষ্ট সেৱা আগবঢ়াই আহিছে। ৩৭ বছৰ ধৰি দেশ তথা ৰাজ্যৰ আইন-শৃংখলাৰ লগতে দেশৰ সুৰক্ষাৰ হকে কাম কৰি অহা এই বাহিনীত কৰ্মৰত বিষয়া-জোৱানসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই বাহিনীৰ জোৱানসকলে নলবাৰী জিলা আৰক্ষীক যোগাই অহা সহযোগিতাৰ বাবে বাহিনীটোৰ বিষয়া-জোৱানসকল কৃতজ্ঞতা আৰু ধন্যবাদৰ পাত্ৰ।” ইয়াৰ উপৰি বাহিনীটোৰ অধিনায়ক অঞ্জন পণ্ডিতৰ নেতৃত্বত বাহিনীটোৰ অধিক উন্নয়ন হ’ব বুলি মন্তব্য কৰে আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসে। বাহিনীটোৰ অধিনায়ক অঞ্জন পণ্ডিতে আদৰণি ভাষণ প্ৰদান কৰি বাহিনীৰ শ্বহীদ জোৱানসকলক স্মৰণ কৰাৰ লগতে জাতিৰ স্বাৰ্থত নিয়োজিত আৰক্ষী জোৱানসকলৰ কৰ্তব্যনিষ্ঠাক প্ৰশংসা কৰে৷ চতুৰ্দ্দশ অসম আৰক্ষী বাহিনীৰ ইতিহাস দাঙি ধৰাৰ উপৰি দৌলাশাল তথা নিকটৱৰ্তী অঞ্চলৰ ৰাইজৰ সহযোগিতাৰ কথা উল্লেখ কৰে বাহিনীটোৰ অধিনায়ক অঞ্জন পণ্ডিতে।  ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসে বাহিনীটোৰ অধিনায়ক অঞ্জন পণ্ডিত, বাহিনীটোৰ জোৱান তথা আমন্ত্ৰিত অতিথিসকলৰ উপস্থিতিত কেক কাটে। ইয়াৰ পূৰ্বে শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি আৰু পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰে বাহিনীটোৰ অধিনায়ক অঞ্জন পণ্ডিতে । উল্লেখ্য যে প্ৰতিষ্ঠা দিৱসৰ দৃষ্টিনন্দন পেৰেডে উপস্থিত ৰাইজক মুগ্ধ কৰি তোলে । প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত বাহিনীটোৰ জোৱানসকলৰ লগতে পৰিয়ালবৰ্গ, দৌলাশাল উন্নতি সাধিনী সভাৰ সম্পাদক বাবুল বণিক্য, দৌলাশাল হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ক্ৰমে অকণ চন্দ্ৰ চৌধুৰী, ভবেন কুমাৰ কলিতা, মাজদিয়া-গৰেমাৰী গাঁও উন্নয়ন সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক কামৰুজ জামান, বিশিষ্ট অধিবক্তা আনোৱাৰ হুছেইনকে ধৰি বৃহত্তৰ অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে।
প্ৰেৰক তফিকুৰ ৰহমান
You might also like