নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিলাপথাৰত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে চাৰিজনৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰী : ৰাজপথত মৃত্যুৰ কিৰীলি। আজি পুৱা প্ৰায় ৪.৩০ বজাত চিলাপথাৰৰ চিলাসুতিত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৪জনৰ। নিশা মিচিং যুৱ মহোৎসৱৰ পৰা ঘৰমুৱা হৈছিল দুয়ো ভাতৃ ভগ্নী ৷ ঘৰলৈ যাবৰ বাবে পথৰ কাষত ৰৈ আছিল দুয়ো ৷ নিশা হাঁহি ফুৰ্তিৰে কাৰেং চাপৰিত মিচিং যুৱ মহোৎসৱৰ সাংস্কৃতিক সন্ধিয়া উপভোগ চাই ঘৰ নাপালেগৈ ভাতৃ- ভগ্নী৷ ঘৰৰ সন্মুখতে নোহোৱা হল আজা আৰু জয়া৷ আনহাতে একেখন বাহনে মিচিং যুৱ মহোসৎৱ চাই আহি থকা জোনাই তেলামৰ দুয়ো বন্ধু দীনেশ পেগু (২৫) আৰু ভবকান্ত দলে (২৬)ক ১০০ মিটাৰ দূৰলৈ চোঁচৰাই নিয়াৰ ফলত এজনৰ তিথাতে নিহত হয় এজন গুৰুত্বভাৱে আহত হয় যদিও ডিব্ৰুগড় চিকিৎসালয়ত চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ ভয়ংকৰ দুৰ্ঘটনাৰ ফলত একেটা পৰিয়ালৰে ভাতৃ-ভগ্নীৰ আজা চুংকুৰাং আৰু জয়া চুংকুৰাঙৰ লগতে দীনেশ পেগু আৰু ভবকান্ত দলেৰ অকাল বিয়োগ৷ ফলত এতিয়া পৰিয়ালত কান্দোনত ভাগি পৰিছে৷ কাৰোৰে ভাষা নাই পৰিয়ালত সান্তনা দিবলৈ৷ উল্লেখ্য যে বগা ৰঙৰ তীব্ৰ বেগী টাটা পাঞ্জ বাহনে ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আৰ্চিপথাৰৰ অংশত মিচিং যুৱ মহোৎসৱৰ পৰা আনন্দ উল্লাস উপভোগ কৰি ঘৰমুৱা হোৱা জয়া চুংক্ৰাঙ আৰু আজা চুংক্ৰাঙক খুন্দোৱাৰ ফলত মৃত্যু হয় ভাতৃ-ভগ্নী দুজনৰ। ইফালে একে দিশত থকা মিচিং মহোৎসৱৰ পৰা তেলাম লৈ যোৱা AS06AA/8394FZ নম্বৰৰ মটৰচাইকেলক খুন্দা মৰাৰ ফলত প্ৰায় ১০০ মিটাৰ দূৰলৈ চোঁচৰাই নিয়াৰ ফলত গুৰুত্বভাৱে আহত হোৱা বাইক আৰোহীক চিকিৎসালয়ত নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে তেলামৰ দীনেশ পেগু (২৫) আৰু ভবকান্ত দলে (২৬) ক। যি ঘটনাই পুৱাতেই জোঁকাৰি গৈছে সমূগ্ৰ চিলাপথাৰ অঞ্চল শোক ছাঁ পেলাইছে। চিলাপথাৰত সংঘটিত হোৱা মৰ্মান্তিক পথ দুৰ্ঘটনাই কাল অমানিশা কঢ়িয়াই ৪ টাকৈ পৰিয়ালত। হিয়া ভৰা কান্দোনে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে এতিয়া পৰিয়ালৰ মাজত। ইতিমধ্যেই মৃতকৰ গৃহত উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰিছে মিচিং স্বায়ত্বশাসিত পৰিষদৰ সাধাৰণ সদস্য কনক দলেৰ লগতে বিভিন্ন জনে৷

প্ৰেৰক কৰবী দলে

You might also like