নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩৮ বছৰ পূৰ্বে এগৰাকী আইতাৰ ভৱিষ্যত বাণী! “ল’ৰাটো(হিমন্ত) এসময়ত বহুত ডাঙৰ মানুহ হ’ব

দেৱীলালৰ পিঠিত উঠি নবছৰীয়া হিমন্তই দিছিল ৰজা হোৱাৰ ইঙ্গিত!

নিয়মীয়া বাৰ্তা ১১ মেঃ “সি এসময়ত বহুত ডাঙৰ মানুহ হ’ব। তাৰ এই সাহসে এতিয়াই পৰিচয় দিছে।”-এয়া কোনো নাটকৰ সংলাপ নহয়; এগৰাকী আইতাৰ অন্তৰ আত্মাৰ পৰা ওলোৱা এক আৰ্শীবাদ আছিল। প্ৰায় ৩৮ বছৰৰ আগতে কোৱা এই ভৱিষ্যত বাণী যেন আখৰে আখৰে ফলিয়ালে আৰু শেহতীয়াকৈ কালি অসমৰ পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি তাকে যেন প্ৰমাণ কৰিলে! নগাঁও জিলাৰ অন্যতম প্ৰাণকেন্দ্ৰ কামপুৰ শান্তিপতিৰ প্ৰয়াত কনক বৰা আৰু সোণটি বৰাৰ বাসগৃহতেই আৰম্ভ হৈছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাংস্কৃতিক জীৱন। মাত্ৰ ন-বছৰ বয়সতেই সাংস্কৃতিক ক্ষেত্ৰখনত খোজ পেলাই ভৱিষ্যত উজ্বল জীৱনৰ আভাস দি অতি দক্ষতা আৰু সাহসেৰে অভিনয় কৰি ৰাইজৰ মন আকৰ্ষিত কৰিছিল তাহানিৰ ল’ৰাজনে।

১৯৮৩ চনত স্বনামধন্য চলচিত্ৰ নিৰ্মাতা নিপ বৰুৱাই পৰিচালনা কৰা অসমীয়া চলচিত্ৰ “ককা দেউতা নাতি আৰু হাতী”ত অভিনয় কৰিবলৈ গৈ কামপুৰৰ বিশিষ্ট ব্যক্তি কনক বৰাৰ গৃহত অন্যান্য শিল্পী সকলৰ লগতে থাকিব লগা হৈছিল শিশু শিল্পী হিমন্ত বিশ্ব শৰ্মা। সাধু কথাৰ কাহিনীৰ দৰে লগা এই অতীতৰ সোণ সেৰুৱা কথাবোৰে আজিও আমনি কৰে কামপুৰ বাসীৰ লগতে প্ৰয়াত কনক বৰা আৰু সোণটি বৰাৰ পৰিয়ালক। সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে শনত গ্ৰহণ কৰা সময়ত প্ৰয়াত কনক বৰাৰ জেষ্ঠ পুত্ৰ তথা সাংবাদিক সমৰেন্দ্ৰ নাৰায়ন বৰাৰ পিতৃ ছয়সত্তৰ বৰ্ষীয়া কিৰণ বৰা( কামপুৰ “ৰাজকমল” চিনেমা হলৰ স্বত্বাধিকাৰী)ই তাহানিৰ মধুৰ অতীত সোঁৱৰণ কৰি আৱেগিকহৈ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে- আমাৰ ঘৰখনৰ লগত নিপ বৰুৱাৰ ঘনিষ্ঠতাৰ হেতু ‘ককা দেউতাৰ নাতি আৰু হাতী’ চিনেমাখনৰ শ্বুটিঙ কৰিবলৈ আহিছিল।

চিনেমাখনত থকা হাতীটো “দেৱীলাল”ৰ মালিক আছিল কামপুৰৰে হেমচন্দ্ৰ গোস্বামী। চিনেমা খনৰ শ্বুটিঙত আন কলা-কুশলীৰ লগতে হিমন্ত আছিল তেনেই সৰু  আৰু সেই বাবে আই( সোণটি বৰা)য়ে বৰ মৰম কৰিছিল। ঘৰলৈ আলহী অহাৰ বাবে আইয়ে বিভিন্ন ৰকমৰ লাড়ু বনাইছিল। আৰু হিমন্তয়ো সেই লাড়ু খাই বৰভাল পাইছিল। যিদিনাখন চিনেমাখনৰ শ্বুটিঙ আৰম্ভ হৈছিল তেতিয়া শ্বুটিঙ চাবলৈ যোৱা মানুহৰ সংখ্যাও বহুত আছিল।পাঁচ-সাত মিনিট মান শ্বুটিঙ কৰিছিল আৰু সেই  ল’ৰাজনৰ শ্বুটিঙ দেখি সকলো  আচৰিত হৈ পৰিছিল। কামপুৰ কপিলী দলঙত দক্ষিণ দিশৰ পৰা “দেৱীলাল”ৰ পিঠিত উঠি পৰিচালকে দেখুওৱাৰ দৰে তেঁও নিৰ্ভয়ে অভিনয় কৰিছিল।

যিটো প্ৰকাণ্ড হাতী দেখি অঞ্চলৰ পুৰুষ-মহিলাই ভয়তে ওচৰ চাপিবলৈ সাহস নকৰে সেই হাতীটোৰ পিঠিত উঠি কনমানি হিমন্তই এক-দুই-তিনি-চাৰি গীতটো অংগী-ভংগীৰে সুন্দৰ ভাৱে শ্বুটিঙ কৰাত পৰিচালক, আন সকলো কলা-কুশলীৰ লগতে ৰাইজেও প্ৰশংসা কৰিছিল। তাতোকৈ আয়ে ইমানেই তেঁৱক ভাল পাইছিল যে, হাতীৰ পিঠি পৰা নামি অহাৰ লগে লগে সাৱতি ধৰি গালে-মুখে চুমাৰে উপচাই দি লগত নিয়া লাডু খাবলৈ দিছিল।

ইয়াৰ লগতে কিৰণ বৰাৰ পত্নী লক্ষী বৰায়ো(৬৯) সেই মধুৰ অতীত ৰোমন্থন কৰি কয় যে, ল’ৰাজনৰ এক্টিং দেখি শাহুমা(সোণটি বৰা)ই কৈছিল-ল’ৰাটো এসময়ত বহুত ডাঙৰ মানুহ হ’ব। আমি হয়তো দেখা নাপাম, তোমালোকে দেখিবা তাৰ গাত লক্ষণ আছে আৰু চাবা সি ডাঙৰ মানুহ হ’বই। ল’ৰাজনৰ নিজৰ কামৰ প্ৰতি থকা নিষ্ঠা আৰু একাগ্ৰতা দেখি সকলোৱে বুজি উঠিছিল। আত্মবিশ্বাসী ল’ৰাজনে পৰিচালকৰ নিৰ্দেশৰ পাছত তৰপৰাই উত্তৰ দিছিল -মই পাৰিম বুলি আৰু তেতিয়াই ফুটি উঠিছিল শিশুটিৰ ভৱিষ্যতৰ উজ্বল ৰাঙলী আভা।

সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ৰূপে ড: হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰা লগে লগে কামপুৰ বাসীৰ লগতে প্ৰয়াত কনক বৰা পৰিয়ালৰ মাজতো আনন্দৰ পৰিবেশ সৃষ্টি হয়। কিৰণ বৰা আৰু লক্ষী বৰাই বৰ্তমানলৈকে যদিও ড:হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মুখা-মুখি হোৱা নাই; তথাপিও এইবাৰ যিকোনো প্ৰকাৰে মুখ্যমন্ত্ৰী গৰাকীক লগ পোৱা চেষ্টা কৰি অতীতৰ সোণ সেৰুৱা স্মৃতিবোৰ সোঁৱৰাই দিব বুলি মন্তব্য কৰে। তদুপৰি মুখ্যমন্ত্ৰী গৰাকীক পৰিয়ালটোৰ পৰাও শুভেচ্ছা জ্ঞাপন কৰিছে।

You might also like