নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলাত ৯ দিনীয়া কাৰ্যসূচীৰে তৃতীয় বাৰ্ষিক সদৌ অসম শিশু ভাওনা সমাৰোহ

বৰহোলাত আজিৰে পৰা সদৌ অসম ভিত্তিত অনুষ্ঠিত হৈছে তৃতীয় বাৰ্ষিক শিশু ভাওনা সমাৰোহ। বৰহোলাৰ সদৌ অসম শিশু ভাওনা সমাৰোহ উদযাপন সমিতিৰ উদ্যোগত আৰু শংকৰ-মাধৱ শিশুশিল্পী সমাজৰ সহযোগত ৯ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ভাওনা সমাৰোহ।

আজি পুৱাৰে পৰা গায়ন-বায়ন, হৰিধ্বনিৰে প্ৰয়াত শিক্ষাবিদ জয়ৰাম বৰা ক্ষেত্ৰত উদুলি-মদুলি পৰিৱেশ বিৰাজ কৰিছে। পুৱা অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিজয় মোহন সন্দিকৈয়ে ফিতা কাটি তোৰণ উন্মোচন কৰাৰ লগতে অৱসৰপ্ৰাপ্ত অধ্যক্ষ গজেন হাজৰিকাই জয়ৰাম বৰা ক্ষেত্ৰ উদ্বোধন কৰে। ইয়াৰ পিছতে পতাকা উত্তোলন, স্মৃতি তৰ্পণ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু নাম-প্ৰসংগ অনুষ্ঠিত হয়।

উল্লেখ্য যে আজি (২১ ডিচেম্বৰ)ৰ পৰা ২৯ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব লগা এই সমাৰোহত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৭টাকৈ দলে অংশগ্ৰহণ কৰিব। প্ৰতি সন্ধিয়া দুখনকৈ ভাওনা প্ৰদৰ্শন হ’ব। ভাওনাৰ প্ৰতিটো দিনত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে উদযাপন সমিতিৰ মুখ্য সম্পাদক দেৱজিৎ সোণোৱালে।

You might also like