নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ বৰপেটাত তৃতীয় ৰাষ্ট্ৰীয় গ্ৰন্থ-বিজ্ঞান মেলা

বাৰ্তা ব্যুৰো, বৰপেটা ১০ ফেব্ৰুৱাৰীঃ বৰপেটা গ্ৰন্থমেলা সমিতিৰ উদ্যোগত ১১ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰী ৮ দিনীয়া কাৰ্যসূচীৰে তৃতীয় ৰাষ্ট্ৰীয় বৰপেটা গ্ৰন্থ আৰু বিজ্ঞান মেলাৰ আয়োজন কৰা হৈছে৷ বৰপেটা পৌৰসভাৰ খেলপথাৰত আয়োজন কৰা এই গ্ৰন্থমেলাত ৰাজ্যৰ কেবাখনো প্ৰতিস্থিত গ্ৰন্থ প্ৰকাশক আৰু গ্ৰন্থ বিপণীৰ লগতে কলিকতাৰ গ্ৰন্থ বিপণীয়েও অংশ গ্ৰহণ কৰিব৷ গ্ৰন্থমেলাৰ সতে সংগতি ৰাখি অসম বিজ্ঞান সমিতি বৰপেটা জিলা শাখাৰ সহযোগত গ্ৰন্থমেলাৰ লগতে এখন বিজ্ঞান মেলাৰো আয়োজন কৰা হৈছে৷ বিজ্ঞান মেলাত অসম বিজ্ঞান সমিতি আৰু ইছৰোই অংশ গ্ৰহণ কৰিব ৷ ইয়াৰ উপৰি গ্ৰন্থমেলাস্থলীত বিভিন্ন বিষয়ৰ আলোচনা চক্ৰ আৰু প্ৰতিযোগিতা অনুষ্ঠিত হব৷ কাৰ্যসূচী অনুসৰি ১১ ফেব্ৰুৱাৰীৰ পুৱা ৯-৩০ বজাত গ্ৰন্থমেলাৰ পতাকা উত্তোলন কৰা হব৷ পতাকা উত্তোলন কৰিব গ্ৰন্থমেলা সমিতিৰ সভাপতি তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে৷ ১০ বজাত স্মৃতি তৰ্পণ অনুষ্ঠান মুকলি কৰিব গুনীন্দ্ৰ নাথ দাসে৷ ১০.৩০ বজাত শৈক্ষিক আৰু সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰিব কবীন্দ্ৰ নাথ দাসে৷ বিয়লি ৩ বজাত ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াই গ্ৰন্থ আৰু বিজ্ঞানমেলা উদ্বোধন কৰিব৷ ইয়াৰ লগতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিতব্য সভাত শিক্ষা উপদেষ্টা ডঃ ননীগোপাল মহন্তই স্মৃতিগ্ৰন্থ উন্মোচন কৰিব৷ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰী৷ সন্ধিয়া ৬ বজাত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব সত্যকৃষ্ণ মিশ্ৰই৷ ১২ ফেব্ৰুৱাৰীৰ পুৱা ১০ বজাত আবৃত্তি প্ৰতিযোগিতা, দুপৰীয়া ২ বজাত গ্ৰন্থ উন্মোচন, লেখক-লেখিকা আৰু পঢ়ুৱৈৰ সৈতে অক্ষয় কুমাৰ মিশ্ৰৰ মত-বিনিময় অনুষ্ঠান আৰু সন্ধিয়া ৬ বজাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব ৷ অনুষ্ঠান উদ্বোধন কৰিব অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী প্ৰিয়ম পাঠকে ১৩ ফেব্ৰুৱাৰীৰ পুৱা ১০.৩০ বজাত কুইজ প্ৰতিযোগিতা আৰু বিয়লি ৩ বজাত কৃত্ৰিম বুদ্ধিমত্তাঃ মানৱ সভ্যতা, গ্ৰন্থৰ ভবিষ্যত শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হব৷ আলোচনা চক্ৰ উদ্বোধন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক কৰিব ডঃ খনীন চৌধুৰীয়ে৷ লেখক মৃণাল গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত হবলগীয়া আলোচনা চক্ৰত বিজ্ঞানী দীপক গোস্বামী, প্ৰকৃতিবিদ ডঃ ৰঞ্জন মেধি, লেখক ডঃ ৰণজিৎ সভাপণ্ডিত আৰু আৰক্ষী অধীক্ষক (অনাতাঁৰ) চিত্তৰঞ্জন ওজাই আলোচক হিচাপে অংশ গ্ৰহণ কৰিব ৷ সিদিনাই সন্ধিয়া ৬ বজাত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হব৷ সাংস্কৃতিক সন্ধিয়া মুকলি কৰিব অৱসৰ প্ৰাপ্ত অধ্যক্ষ নন্দ লাল দাসে ৷ ১৪ ফেব্ৰুৱাৰীৰ পুৱা ১০ বজাত চিত্ৰাংকন প্ৰতিযোগিতা আৰু বিয়লি ৩ বজাত কবি সন্মিলন অনুষ্ঠিত হব ৷ কবি সন্মিলন উদ্বোধন কৰিব সমীৰ তাঁতীয়ে ৷ সঞ্চালনা কৰিব খবিৰ আহমেদে৷ সন্ধিয়া ৬ বজাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হব ৷ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব গোবিন্দ তালুকদাৰে৷ ১৫ ফেব্ৰুৱাৰীৰ পুৱা ১০ বজাত ফটোগ্ৰাফী প্ৰতিযোগিতা আৰু বিয়লি ৩ বজাত জলবায়ুৰ পৰিবৰ্ত্তন আৰু পাৰিপাৰ্শ্বিক সংকট শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হব৷ আলোচনা চক্ৰ উদ্বোধন কৰিব মাধব চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ কিৰণ চন্দ্ৰ বায়নে৷ বিশিষ্ট বিজ্ঞানী ডঃ দীনেশ চন্দ্ৰ গোস্বামীয়ে সঞ্চালনাত অনুষ্ঠিত হবলগীয়া আলোচনা চক্ৰত আলোচক হিচাপে গুৱাহাটী বিশ্ব বিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অৱসৰ প্ৰাপ্ত অধ্যাপক ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য, গুৱাহাটী বিশ্ব বিদ্যালয়ৰ ভূগোল বিভাগৰ অৱসৰ প্ৰাপ্ত অধ্যাপক ডঃ অৱনী কুমাৰ ভাগৱতীয়ে অংশ গ্ৰহণ কৰিব৷ সন্ধিয়া ৬ বজাত সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব গোৱৰ্ধন দাসে ৷ ১৬ ফেব্ৰুৱাৰীৰ পুৱা আকস্মিক বক্তৃতা প্ৰতিযোগিতা৷ বিয়লি তিনি বজাত বিশ্বায়নৰ প্ৰভাবত অসমীয়া সংস্কৃতিৰ বিৱৰ্তন আৰু নাৰীৰ ভূমিকা শীৰ্ষক আলোচনা চক্ৰ মুকলি কৰিব বৰপেটা সাহিত্য সভাৰ সভাপতি, বিশিষ্ট লেখিকা হিৰণ শইকীয়া লহকৰে৷ ডঃ অমিয়া মহন্তৰ সঞ্চালনাত অনুষ্ঠিত হব লগীয়া আলোচনা চক্ৰত কামৰূপ মহাবিদ্যালয়ৰ উপাধ্যক্ষা ডঃ কবিতা চৌধুৰী, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডঃ লীনা ডেকাই আলোচক হিচাপে অংশগ্ৰহণ কৰিব ৷সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব কেশৱ চন্দ্ৰ ডাকুৱাই ৷ ১৭ ফেব্ৰুৱাৰীৰ পূৱা ১০ বজাত ভেশছন প্ৰতিযোগিতা৷ বিয়লি ৩ বজাত নিচাযুক্ত দ্ৰব্য আৰু আজিৰ যুৱ সমাজ শীৰ্ষক আলোচনা চক্ৰ মুকলি কৰিব বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে৷ অসম বিজ্ঞান সমিতিৰ বৰপেটা জিলা শাখাৰ সভাপতি ডঃ নৱ কুমাৰ তালুকদাৰৰ সঞ্চালনাত অনুষ্ঠিত হব লগীয়া আলোচনা চক্ৰত অৱসৰ প্ৰাপ্ত আৰক্ষী সঞ্চালকপ্ৰধান পল্লৱ ভট্টাচাৰ্য, বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিনৰ মুৰব্বী অধ্যাপক ডঃ স্বপ্না ডি কাকতিয়ে আলোচক হিচাপে অংশ লব৷ সন্ধিয়া শিশুৰ জাতীয় সাজপাৰ প্ৰতিযোগিতা মুকলি কৰিব প্ৰীতি দাসে৷ ১৮ ফেব্ৰুৱাৰীৰ পুৱা ১০ বজাত পোষ্টাৰ নিৰ্মাণ প্ৰতিযোগিতা ৷ বিয়লি ৩ বজাত গ্ৰন্হমেলাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হব৷ বৰপেটা গ্ৰন্থ আৰু বিজ্ঞান মেলাৰ সভাপতি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হব লগীয়া এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাৰতীয় প্ৰশাসনীয় সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া সুভাষ দাস, আৰু বিশিষ্ট অতিথি হিচাপে অসম বিধান সভাৰ অৱসৰ প্ৰাপ্ত সচিব হেমেন দাস উপস্থিত থাকিব৷ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীয়ে ৷

প্ৰেৰক নৱজিত বায়ন

You might also like