নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টাইকোৱানডোত সোণ লাভেৰে মৰাণলৈ গৌৰৱ কঢ়িয়ালে শ্বোৱইবে

বিশেষ বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ বহিঃৰাজ্য ছত্তিশগড়ত যোৱা ২ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত টাইকোৱানডো ক্ৰীড়াৰ ৩৭সংখ্যক ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ কিউৰোগি আৰু ১২সংখ্যক পুমছে প্ৰতিযোগিতাত অসমৰ দলক প্ৰতিনিধিত্ব কৰি মৰাণ খটখটী নিৱাসী জাকিৰ হুছেইন আৰু চাজিদা বেগমৰ জ্যেষ্ঠ পুত্ৰ শ্বোৱেইব আশ্ৰফ হুছেইনে ছাব জুনিয়ৰৰ ২১ কেজি শাখাত সোণৰ পদক লাভ কৰি মৰাণ অঞ্চলৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁৰ এই কৃতকাৰ্যতাৰ বাবে অসম চাহ জনগোষ্ঠী জল্‌হা যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জিতু আহমেদে সাক্ষাৎ কৰি অভিনন্দন জনায়। উল্লেখ্য যে অসম দলে প্ৰতিযোগিতাখন আটাইতকৈ বেছি পদক লাভ কৰি পদক তালিকাত সৰ্বোচ্চ স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

প্ৰেৰক দীপাংকৰ পাল

You might also like