নিয়মীয়া বাৰ্তা ৪ মেঃ দ্বিতীয়বাৰলৈ চৰকাৰ গঠনৰ বাবে প্রস্তুত হোৱা বিজেপিৰ সফলতাৰ বাবে দলটোৰ ৪২ লাখ কার্যকর্তাক কৃতিত্ব দিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে৷ জয়ৰ পাছতে আজি টিহুত উপস্থিত হোৱা বিজেপিৰ ৰাজ্যিক সভাপতি দাসৰ মন্তব্য– ‘প্রতিটো জাতি–জনগোষ্ঠীৰ হকে কাম কৰিব নতুন চৰকাৰে৷’ উল্লেখ্য যে পাটাছাৰকুছি বিধানসভা সমষ্টিৰ পৰা ৮০ হাজাৰতকৈ অধিক ভোট লাভ কৰি নির্বাচিত হৈছে ৰঞ্জিত দাস৷ সৰভোগ সমষ্টিৰ পৰা দুবাৰকৈ বিধায়ক হিচাপে নির্বাচিত হোৱাৰ পাছত এইবাৰ সভাপতি দাসে পাটাছাৰকুছি সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰি তেওঁৰ নিকটতম প্রতিদ্বন্দ্বী কংগ্রেছ প্রার্থী শান্তনু শর্মাক ৬২,৫৬০টা ভোটৰ ব্যৱধানত পৰাজিত কৰি বিধানসভালৈ নির্বাচিত হৈছে৷ লক্ষণীয়ভাৱে সমষ্টিটোত তৃতীয় স্থানতে থাকিল অসম জাতীয় পৰিষদৰ কার্যকৰী সভাপতি তথা সমষ্টিটোৰ প্রাক্তন বিধায়ক পবিন্দ্র ডেকা৷
ইফালে, সোমবাৰে টিহুত উপস্থিত হৈ ৰঞ্জিত দাসে উল্লেখ কৰে যে অহা ৪–৫ দিনৰ ভিতৰতে ৰাজ্যত নতুন চৰকাৰ গঠন হ’ব৷ তেওঁ বিজেপিৰ টিহু মণ্ডল সমিতিৰ কার্যালয় আৰু টিহুৰ অগপ কার্যালয়ত উপস্থিত হৈ দলীয় কর্মী–সমর্থকসকলৰ সৈতে এক সৌহার্দ্যপূর্ণ আলোচনাত মিলিত হয়৷ নৱনির্বাচিত বিধায়কগৰাকীয়ে বিজেপিৰ নেতা–কর্মীসকলৰ লগতে অগপ দলে পালন কৰা মিত্রতাৰ ধর্মক শলাগ লোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে৷
ইফালে ৰাজ্যৰ পৰৱর্তী মুখ্যমন্ত্রী সন্দর্ভত ৰঞ্জিত দাসে কয়– কেন্দ্রীয় নেতৃত্বই অসমলৈ প্রেৰণ কৰা পর্যবেক্ষকগৰাকীয়ে নির্বাচিত বিধায়কসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছত সংসদীয় ব’ৰ্ডৰ ওচৰত এক প্রতিবেদন দাখিল কৰিব৷ সংসদীয় ব’র্ডে এই সন্দর্ভত গ্রহণ কৰা সিদ্ধান্ত অনুসৰি পৰৱর্তী মুখ্যমন্ত্রী নির্বাচিত হ’ব৷ আজি ৰঞ্জিত দাসে নির্বাচনত জয়ী হোৱাৰ বাবে ৰাজ্যবাসীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি কয়– অসমবাসী ৰাইজৰ স্নেহ আৰু স্বাভিমানী সত্তাক অম্লান প্রেৰণা হিচাপে লৈ প্রতিটো জাতি–জনগোষ্ঠীৰ সর্বাংগীণ উন্নয়নৰ বাবে আমি অবিৰতভাৱে কাম কৰিবলৈ প্রতিশ্রুতিবদ্ধ৷ ৰাজ্যবাসীয়ে বিজেপিৰ সপক্ষে প্রদর্শন কৰা সমর্থন আৰু স্নেহভৰা আশিস শিৰত লৈ মিত্রজোঁটৰ চৰকাৰখনে ৰাইজৰ আশা–আকাংক্ষাক বাস্তৱ ৰূপ দিবলৈ বদ্ধপৰিকৰ৷ পাটাছাৰকুছিৰ পৰা নির্বাচিত হোৱাৰ বাবে আজি তেওঁক টিহু উন্নয়ন সমিতি, টিহু ৰাজহুৱা পুথিভঁৰাল সমিতি, বিজেপিৰ টিহু মণ্ডল সমিতি, টিহু নগৰ অগপ, টিহু সাহিত্য সভা, টিহু মহকুমা সাংবাদিক সন্থা, টিহু মহকুমা ৰিপ’টার্ছ এছ’চিয়েচন আদি দল–সংগঠনে শুভেচ্ছা জ্ঞাপন কৰে৷
ৰাজ্যবাসীলৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ ধন্যবাদ–কৃতজ্ঞতা
পুনৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ প্রার্থীসকলক বিপুল ভোটত জয়যুক্ত কৰি ৰাজ্যৰ শাসনভাৰ অর্পণ কৰাৰ বাবে জাতি–ধর্ম–ভাষা–বর্ণ্ নির্বিশেষে বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়ামৰ প্রতিগৰাকী নাগৰিককে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ বিগত সময়ছোৱাত চৰকাৰখনলৈ আগবঢ়োৱা সহযোগিতাৰ বাবে মুখ্যমন্ত্রীয়ে ৰাজ্যখনৰ প্রতিগৰাকী শিল্পী, সাহিত্যিক, সাংবাদিক, ক্রীড়াবিদ, শিক্ষাবিদৰ লগতে কর্মচাৰী সমাজৰ প্রতিগৰাকী সদস্যলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে৷ এক বিবৃতিযোগে মুখ্যমন্ত্রীয়ে কয়– ‘মূলতঃ চাৰিটা কাৰণৰ বাবে ৰাজ্যবাসীয়ে অসমত পুনৰ বিজেপি নেতৃত্বাধীন চৰকাৰ গঠনৰ দিশত সবল জনমত প্রদান কৰিলে৷ তাৰে প্রথমটো কাৰণ হৈছে বিগত পাঁচ বছৰীয়া কার্যকালত ৰাজ্যখনত সর্বস্তৰত সাধিত হোৱা ব্যাপক উন্নয়ন আৰু প্রতিটো খণ্ডৰ বিকাশ৷
দ্বিতীয়তে চৰকাৰখনে প্রতিশ্রুতি অনুসৰি এখন দুর্নীতিমুক্ত, বিদেশীমুক্ত, সন্ত্রাসমুক্ত আৰু প্রদূষণমুক্ত অসম গঢ়াৰ বাবে যি নিষ্ঠাৰে কাম কৰিলে, ৰাইজ তাত সন্তুষ্ট৷ তৃতীয়তে ৰাজ্যখনৰ দুয়োটা উপত্যকা আৰু পাহাৰীয়া জিলাকেইখনত বসবাস কৰা প্রতিটো সৰু–বৰ জাতি–জনগোষ্ঠীৰ মাজত সমন্বয় আৰু শান্তিৰ বাতাৱৰণ অক্ষুণ্ণ ৰখাত চৰকাৰখন সফল হৈছে৷ চতুর্থ তথা অন্যতম গুৰুত্বপূর্ণ কাৰণ হৈছে নামনি অসমকে ধৰি বহুকেইখন জিলাত জনগাঁথনিলৈ অহা ব্যাপক পৰিৱর্তন ৰাজ্যৰ খিলঞ্জীয়া জনসাধাৰণে এই কথা উপলব্ধি কৰিলে যে ৰাজ্যখনৰ মাটি–ভেটি সুৰক্ষিত কৰিবলৈ হ’লে বিজেপি মিত্রজোঁটৰ চৰকাৰৰ কোনো বিকল্প নাই৷ সেয়েহে জনসাধাৰণে বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ প্রতি অকুণ্ঠ সমর্থন ব্যক্ত কৰিলে৷ ইয়াৰ বাবে মুখ্যমন্ত্রীয়ে অসমৰ জনসাধাৰণলৈ বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে৷