নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Game Changer- দ্বিতীয়বাৰলৈ মিত্রজোঁটক দিছপুৰত ক্ষমতালৈ অনাৰ ৰূপকাৰ ড০ হিমন্ত বিশ্ব শর্মা

নির্বাচনত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ তুলিছিল প্রচাৰৰ ধুমুহা

নিয়মীয়া বাৰ্তা ৪ মেঃ এইবাৰৰ বিধানসভা নির্বাচনত মিত্রজোঁটৰ চমকপ্রদ সাফল্যৰ পাছতেই কি শাসক–কি বিৰোধী উভয় শিবিৰতে উচ্চাৰিত হৈছে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ ড০ হিমন্ত বিশ্ব শর্মাৰ নির্বাচনী প্রচাৰৰ প্রসংগ৷ সকলোৱে একমুখে স্বীকাৰ কৰিবলৈ বাধ্য হৈছে ড০ শর্মাই হৈছে বিজেপি নেতৃত্বাধীন মিত্রজোঁটক দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ ক্ষমতালৈ অনাৰ প্রধান ৰূপকাৰ৷ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ নির্বাচনী প্রচাৰ সভাসমূহত অংশগ্রহণ কৰি ড০ শর্মাই এজন চেলিব্রিটীৰ দৰে কেতিয়াবা যদি নাচি–বাগি প্রচাৰ চলাছিল, কেতিয়াবা নির্বাচনী সভালৈ অহা লোকৰ মাজলৈ সোমাই গৈ ভাব বিনিময় কৰিছিল, কেতিয়াবা কোলাত কাৰোবাৰ কেঁচুৱা লৈছিল, উপস্থিত যুৱক–যুৱতীৰ সৈতে ছেলফি উঠি সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছিল৷ এনেদৰেই ড০ শর্মা এইবাৰৰ নির্বাচনত পৰিগণিত হৈছিল এজন গেম চেঞ্জাৰ হিচাপে৷ নির্বাচনী ফলাফলেই তেওঁ যে এজন গেম চেঞ্জাৰ, সেই কথাকেই প্রতিপন্ন কৰিলে৷ কিয়নো তেওঁ যেতিয়াই যি সমষ্টিলৈ নির্বাচনী প্রচাৰ চলাবলৈ গৈছিল, সেই দিনটোৰ পৰাই সংশ্লিষ্ট সমষ্টিসমূহত বলিছিল মিত্রজোঁটৰ সপক্ষে নির্বাচনী ধুমুহা৷ ইয়াৰ বাবেই নির্বাচনৰ সময়ছোৱাত প্রতিটো সমষ্টিৰ প্রার্থীসকলে বিচাৰিছিল ড০ শর্মা অন্ততঃ এবাৰ তেওঁলোকৰ সমষ্টিলৈ নির্বাচনী প্রচাৰৰ বাবে আহক৷

মন কৰিবলগীয়া এয়ে যে নির্বাচনৰ দিন ঘোষণাৰ প্রাক্মুহূর্তৰ পৰাই ড০ শর্মাই ৰাজ্যখনত ইমূৰৰ পৰা সিমূৰলৈ নির্বাচনী প্রচাৰকার্য আৰম্ভ কৰে৷ যোৱা ২৫ ফেব্রুৱাৰীৰ পৰা ৩০ মার্চলৈ অর্থাৎ দ্বিতীয় পর্যায়ৰ নির্বাচনৰ প্রচাৰৰ সামৰণিৰ দিনটোলৈ ড০ শর্মাই প্রথম আৰু দ্বিতীয় পর্যায়ত নির্বাচন অনুষ্ঠিত ৮৬টা সমষ্টিৰ ভিতৰত ৭৩টা সমষ্টিতে প্রচাৰকার্য চলায়৷ মুঠ ৭১খন ৰাজহুৱা সভা, ২১৪ কিলোমিটাৰ ৰোড শ্ব’, ১২৪ কিলোমিটাৰ বাইক/চাইকেল ৰেলী আৰু ৭২ কিলোমিটাৰ পদযাত্রাৰে মিত্রজোঁটৰ হৈ নির্বাচনী প্রচাৰ চলায়৷ একেদৰে তৃতীয় পর্যায়ত ভোটগ্রহণ অনুষ্ঠিত হোৱা ৪০টা সমষ্টিৰ বাবেও ৩১ মার্চৰ পৰা ৪ এপ্রিললৈ তেওঁ নির্বাচনী প্রচাৰকার্য চলায়৷ এই সময়ছোৱাত তেওঁ তিনিটা ৰোড শ্ব’ আৰু ১৭খন ৰাজহুৱা সভাত অংশগ্রহণ কৰে৷

৩১ মার্চত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে বিজনী, হাজো আৰু দিছপুৰ সমষ্টিৰ সোণাপুৰত নির্বাচনী প্রচাৰত অংশগ্রহণ কৰে৷ ১ এপ্রিলত পাটাছাৰকুছিৰ এক ৰোড শ্ব’ত অংশগ্রহণ কৰাৰ লগতে বৰমা, ধর্মপুৰ, দুধনৈ, পলাশবাৰী আৰু হাজোত নির্বাচনী সভাত অংশগ্রহণ কৰে৷ ২ এপ্রিলত দিহিৰা, বাসুগাঁও, গোলকগঞ্জ, শ্রীৰামপুৰ, ফকিৰাগ্রামত নির্বাচনী প্রচাৰ চলোৱাৰ লগতে কোকৰাঝাৰত এক ৰোড শ্ব’ত অংশগ্রহণ কৰে৷ ৪ এপ্রিলৰ দিনা তেওঁ বিজনীত ৰোড শ্ব’ত অংশগ্রহণ কৰাৰ লগতে দুধনৈ, বৰক্ষেত্রী, হাজো সমষ্টিত নির্বাচনী সভাত অংশগ্রহণ কৰি গৃহ সমষ্টি জালুকবাৰীৰ শুৱালকুছিত বিশাল নির্বাচনী সমাৱেশত অংশগ্রহণ কৰি নির্বাচনী প্রচাৰকার্য সামৰণি মাৰে৷

উল্লেখ্য যে ড০ শর্মাৰ এইবাৰ নির্বাচনী প্রচাৰ সভাসমূহত ‘আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ’ শীর্ষক নির্বাচনী গীতটোৱে ৰাইজৰ মাজত ইমানেই জনপ্রিয়তা অর্জন কৰে যে সেই গীতটোৰ বাবেও ড০ শর্মাৰ নির্বাচনী প্রচাৰে ৰাইজৰ মাজত ইতিবাচক প্রভাৱ পেলোৱাৰ লগতে বিৰোধীৰ সমালোচনাসমূহ নিস্তেজ হৈ পৰে৷ সেইদৰে মামা–ভাগিন, স্কুটী, বুলেট, মহিলাসকলক মাইক্র’ফাইনেঞ্চনৰ ঋণ ৰেহাই আদিৰ প্রসংগয়ো মিত্রজোঁটৰ চমকপ্রদ সাফল্যত যথেষ্ট বৰঙণি যোগায়৷ ভাষণৰ ক্ষেত্রতো ড০ শর্মাই কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাক সমালোচনা কৰিবলৈ গৈ মিত্রজোঁটৰ প্রার্থীসকলৰ ফটোৰ পিছফালে নৰেন্দ্র মোদী থকাৰ দৰে কংগ্রেছৰ প্রার্থীসকলৰ পিছফালে বদৰুদ্দিন আজমলৰ ফটো থকা বুলি কৰা মন্তব্যয়ো উজনি অসমৰ লগতে মূলসুঁতিৰ অসমীয়াৰ মাজত কংগ্রেছৰ প্রতি বিৰূপ ভাব সৃষ্টি কৰে৷ এই কথা খোদ পশ্চিম গুৱাহাটী সমষ্টিৰ কংগ্রেছ প্রার্থী মীৰা বৰঠাকুৰে স্বীকাৰ কৰিছে৷

You might also like