নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যিক কর্মচাৰীলৈ ৪ শতাংশ মৰগীয়া বানচ

🔹 আমোলা–বিষয়া–কর্মচাৰীক কৰ্মৰ প্ৰতি দায়বদ্ধ কৰিবলৈ আৰটিপিএছ গঠন

বিশেষ বাৰ্তা, ১৪ মার্চ : ৰাজ্যিক কর্মচাৰীলৈ সুখবৰ৷ কেন্দ্রীয় চৰকাৰে যোৱা ১২ মার্চত কেন্দ্রীয় কর্মচাৰীৰ মৰগীয়া বানচ ৪ শতাংশ বৃদ্ধিৰ ঘোষণা কৰাৰ পাছত আজি অসম চৰকাৰে ৰাজ্যিক কর্মচাৰীৰ মৰগীয়া বানচো ৪ শতাংশ বৃদ্ধি কৰিলে৷ ইয়াৰ লগে লগে ৰাজ্যিক কর্মচাৰীৰ মৰগীয়া বানচৰ পৰিমাণ ৫০ শতাংশলৈ বৃদ্ধি পালে৷ আজি পুৱা লোকসেৱা ভৱনত আয়োজন কৰা এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে৷ ব’হাগ বিহুৰ প্রাক্মুহূর্তত ৰাজ্যিক কর্মচাৰীৰ বৃদ্ধি কৰা ৪ শতাংশ মৰগীয়া বানচ চলিত বর্ষৰ ১ জানুৱাৰীৰ পৰা কার্যকৰী হ’ব৷ অহা এপ্রিল মাহৰ দৰমহাৰ সৈতে ৰাজ্যিক কর্মচাৰীয়ে এই বর্ধিত মৰগীয়া বানচ লাভ কৰিব৷ সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বাকী তিনি মাহৰ বকেয়াখিনি অহা মে’–জুন আৰু জুলাই মাহৰ দৰমহাৰ সৈতে লাভ কৰিব৷ বর্ধিত মৰগীয়া বানচৰ এটা কিস্তি মে’ মাহত, এটা কিস্তি জুন মাহত আৰু এটা কিস্তি জুলাই মাহত লাভ কৰিব৷ ৰাজ্যিক কর্মচাৰীৰ মৰগীয়া বানচ ৫০ শতাংশলৈ বৃদ্ধি পোৱাটো এক মাইলৰ খুঁটি বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অহা ৩১ মার্চৰ আগেয়ে চৰকাৰে বহু টকা খৰচ কৰিব লাগিব বাবে এপ্রিল মাহতেই মৰগীয়া বানচৰ বকেয়া আদায় দিব খোজা নাই৷ ইপিনে, ৰাজ্যৰ নিবনুৱা যুৱক–যুৱতীসকললৈ আন এক সুখবৰ কঢ়িয়াই আনিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এতিয়াৰে পৰা নিম্ন প্রাথমিক, উচ্চ প্রাথমিক, হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকত চতুর্থ বর্গৰ যিমান নিযুক্তি হ’ব, সেয়া স্থানীয় প্রার্থীৰ মাজৰ পৰাই মেধাৰ ভিত্তিত বাছনি কৰা হ’ব৷ সংশ্লিষ্ট ৰাজহ গাঁও আৰু গাঁও পঞ্চায়তৰ ভিতৰৰ প্রার্থীৰ মাজৰ পৰাই সেই পদৰ প্রার্থী বাছনি কৰা হ’ব৷ মূলতঃ বহু সময়ত আন স্থানৰ প্রার্থী চতুর্থ বর্গৰ পদত নিযুক্তি পোৱাক লৈ বিৰাজ কৰা অসন্তুষ্টি, ক্ষোভ আদিৰ বাবেই চৰকাৰে এই সিদ্ধান্ত গ্রহণ কৰিছে৷ অৱশ্যে স্থানীয় গাঁও বা গাঁও পঞ্চায়ত এলেকাৰ পৰাই সেই পদসমূহ পূৰণ কৰা হ’ব যদিও বাছনি প্রক্রিয়া সম্পূর্ণ মেধাৰ ভিত্তিতহে হ’ব৷ কলেজৰ চতুর্থ বর্গৰ পদত নিযুক্তিৰ ক্ষেত্রত এই ব্যৱস্থা প্রযোজ্য নহ’ব৷ ইফালে, আমোলা–বিষয়া–কর্মচাৰীক কামৰ বাবে দায়বদ্ধ কৰিবলৈ চৰকাৰে ৰাজহুৱা সেৱা অধিকাৰ আয়োগ (আৰটিপিএছ) গঠন কৰাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পৰহি ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই উক্ত আয়োগৰ মুখ্য আয়ুক্ত হিচাপে অৱসৰপ্রাপ্ত আইপিএছ বিষয়া সুজয় লাল থাওচেনক নিযুক্তি দিছে৷ দেশৰ ভিতৰতে এনে আয়োগ গঠন কৰা অসমে প্রথমখন ৰাজ্য বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে এতিয়াৰে পৰা কোনো কামৰ ক্ষেত্রত বিষয়া–কর্মচাৰীৰ হেমাহিৰ বাবে জনসাধাৰণে সেৱা লাভ কৰাত বিলম্ব হ’লে প্রতিটো দিনৰ বাবে সংশ্লিষ্ট বিষয়া–কর্মচাৰীয়ে নিজৰ দৰমহাৰ পৰা ভুক্তভোগীক ২০ টকাকৈ আদায় দিব লাগিব৷

You might also like