নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ পৰা চলিছে ভাৰতত কূটাঘাতৰ ষড়যন্ত্র

🔹 প্রৱাসী ভাৰতীয় নাগৰিকৰ চাঞ্চল্যকৰ অভিযোগ

বিশেষ বাৰ্তা, ১৪ মার্চ : আমেৰিকাৰ ভূমিৰ পৰাই ভাৰতত কূটাঘাতৰ ষড়যন্ত্র চলিছে৷ চাঞ্চল্যকৰ এই দাবী কৰিলে আমেৰিকাত বাস কৰা ভাৰতীয়সকলে৷ তেওঁলোকৰ অভিযোগ অনুসৰি, ভাৰত আৰু ভাৰতীয়ৰ বিৰুদ্ধে এটাৰ পিছত এটাকৈ আক্রমণ সংঘটিত হ’লেও অভিযুক্তসকলৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাই মার্কিন প্রশাসনে৷ উল্লেখনীয় যে বিগত কেইবামাহ ধৰি ভাৰতীয় লোকৰ ওপৰত দুর্বৃত্তই আক্রমণ চলাইছে আমেৰিকাত৷ ১১টা হিন্দু মন্দিৰতো আক্রমণ চলোৱা হৈছে৷ ভাৰতীয় দূতাৱাস জ্বলাই দিয়াৰ হুংকাৰ দিছে খালিস্তানপন্থীয়ে৷ ছুখী চাহাল নামৰ এজন আমেৰিকাবাসী ভাৰতীয়ই অভিযোগ কৰা অনুসৰি দুর্বৃত্ত বাৰে বাৰে সাৰি গৈছে৷

You might also like