নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ বিশ্ববিঃৰ আচার্য–কর্তৃপক্ষক সবিশেষ শপতনামা দাখিলৰ নির্দেশ

২০০ কোটি টকাৰ বিত্তীয় অনিয়মত কঠোৰ গুৱাহাটী হাইক’ৰ্ট

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ ৰাজ্যৰ চাৰি আগশাৰীৰ বিশ্ববিদ্যালয়ত সংঘটিত বিত্তীয় অনিয়মক লৈ কঠোৰ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়৷ মহাগাণনিকৰ প্রতিবেদনত বিশ্ববিদ্যালয়কেইখন্ বিৰুদ্ধে উত্থাপিত বিত্তীয় অনিয়মৰ অভিযোগৰ কিয় তদন্ত কৰা হোৱা নাই, সেই সন্দর্ভত উত্তৰ বিচাৰি সংশ্লিষ্ট বিশ্ববিদ্যালয়কেইখন্ আচার্য–কর্তৃপক্ষসহ্ ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে উচ্চ ন্যায়ালয়ে৷ ৮২/২০২১ নম্বৰৰ ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ে জাৰি কৰা এই জাননীৰ উত্তৰ শপতনামা আকাৰে তিনি সপ্তাহৰ ভিতৰত দাখিল কৰিব লাগিব সংশ্লিষ্ট কর্তৃপক্ষই৷

উল্লেখ্য যে ডিব্রুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ত বিগত কেইবাটাও বিত্তীয় বর্ষত প্রায় ২০০ কোটি টকাৰ অনিয়ম সংঘটিত হোৱা বুলি কেগৰ প্রতিবেদনত উল্লেখ কৰা হৈছিল৷ এই প্রতিবেদনৰ ভিত্তিতে আমগুৰি নৱনির্মাণ সমিতি নামৰ এটা সংস্থাই ইয়াৰ তদন্ত বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল ৫/২০২১ নম্বৰৰ এখন ৰাজহুৱা স্বার্থজড়িত আবেদন৷ এই আবেদনৰ শুনানিৰ অন্তত উচ্চ ন্যায়ালয়ে আবেদনকাৰী সংশ্লিষ্ট বিশ্ববিদ্যালয়সমূহ আচার্যক সমগ্র অনিয়ম সন্দর্ভত সবিশেষ তথ্য সন্নিৱিষ্ট কৰি স্মাৰক–পত্র দাখিল কৰিবলৈ নির্দেশ দিয়ে৷

সেই একেটা নির্দেশতে উচ্চ ন্যায়ালয়ে আশা প্রকাশ কৰে যে এই স্মাৰক–পত্রৰ ভিত্তিত আচার্যই ব্যৱস্থা গ্রহণ কৰিব৷ লগতে আচার্যই কোনোধৰণৰ ব্যৱস্থা গ্রহণ নকৰিলে আবেদনকাৰী পুনৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব পাৰিব বুলিও স্পষ্টভাৱে নির্দেশটোত উল্লেখ কৰা হৈছিল৷ ইয়াৰ ভিত্তিতে বিগত বর্ষতে আমগুৰি নৱনির্মাণ সমিতিয়ে আটাইকেইখন বিশ্ববিদ্যালয়ৰ আচার্যক এই অনিয়ম সন্দর্ভত স্মাৰক–পত্রৰ জৰিয়তে অৱগত কৰে৷ কিন্তু এইক্ষেত্রত আচার্য তথা বিশ্ববিদ্যালয় কর্তৃপক্ষই কোনো ব্যৱস্থা গ্রহণ নকৰাত আবেদনকাৰী সংস্থাটোৱে পুনৰ ৮২/২০২১ নম্বৰৰ ৰাজহুৱা স্বার্থজড়িত আবেদনখন গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰে৷ ইয়াৰ ভিত্তিতে আজি উচ্চ ন্যায়ালয়ে সংশ্লিষ্ট বিশ্ববিদ্যালয়কেইখন্ আচার্য আৰু কর্তৃপক্ষক এই সন্দর্ভত শপতনামা দাখিল কৰিবলৈ নির্দেশ দিছে৷

You might also like