🔹 মুখ্যমন্ত্রী -ৰ ‘শ্বুট এট ছাইট’ৰ নির্দেশৰ পাছতে ধুবুৰীত গ্রেপ্তাৰ ৪০
🔹 সাম্প্রদায়িক শক্তিৰ বিৰুদ্ধে তৎপৰ অসম আৰক্ষী
বিশেষ বাৰ্তা, ১৫ জুন : নিষিদ্ধ মাংসক কেন্দ্র কৰি ধুবুৰীত সৃষ্টি হোৱা অশান্তিকৰ পৰিৱেশ স্বাভাৱিক কৰাৰ বাবে তৎপৰ হৈ পৰিছে অসম আৰক্ষী৷ ঈদৰ পাছতে ধুবুৰী চহৰৰ হনুমান মন্দিৰৰ সন্মুখত নিষিদ্ধ মাংস পেলাই থৈ যোৱা ঘটনাক লৈ সৃষ্টি হোৱা সাম্প্রদায়িক পৰিৱেশ ৰুধিবলৈ ধুবুৰীত উপস্থিত হৈছিল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ জিলাখনৰ পৰাই মুখ্যমন্ত্রীয়ে স্পষ্ট কৰিছিল যে ধুবুৰীক বাংলাদেশ হ’বলৈ দিয়া নহ’ব৷ ধুবুৰীক অশান্ত কৰাসকলক দেখা মাত্রকে গুলীওৱা হ’ব৷ কার্যতঃ মুখ্যমন্ত্রীয়ে আৰক্ষীক পৰহি শ্বুট এট ছাইটৰ স্পষ্ট নির্দেশ দিছিল৷
এই কঠোৰ নির্দেশৰ পাছতে পৰহি নিশাৰে পৰা আৰক্ষীয়ে কঠোৰ অভিযান আৰম্ভ কৰিছে৷ নিশাৰ ভিতৰতে আৰক্ষীয়ে জিলাখনক অশান্ত কৰিব বিচৰা ৪০জনৰো অধিক অপৰাধীক গ্রেপ্তাৰ কৰিছে৷ জিলাখনৰ ধুবুৰী সদৰ, তামাৰহাট, গৌৰীপুৰ, আগমনি, চাপৰ, বিলাসীপাৰা, সাপটগ্রাম আৰু গোলকগঞ্জত অভিযান চলাই এইসকল অপৰাধীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্রীৰ এই ভ্রমণৰ পাছতে ধুবুৰীৰ পৰিৱেশ যথেষ্ট সলনি হৈছে৷ তদুপৰি জিলাখনৰ আইন–শৃংখলা পৰিস্থিতিক লৈ মুখ্যমন্ত্রীৰ নেতৃত্বতে অনুষ্ঠিত হৈছিল এক গুৰুত্বপূর্ণ বৈঠক৷ এই বৈঠকতে শেহতীয়াকৈ বাংলাদেশৰ পৰা অহা এচাম দুষ্কৃতিকাৰীয়ে যে জিলাখনৰ পৰিৱেশ বিনষ্ট কৰাৰ বাবে উঠি-পৰি লাগিছে, সেই বিষয়টোও আলোচনা হৈছিল৷ এই আলোচনাৰ পাছতে মুখ্যমন্ত্রীয়ে শ্বুট এট ছাইটৰ নির্দেশ দিছিল৷ ধুবুৰীত সাম্প্রদায়িক পৰিৱেশ সৃষ্টি কৰাৰ বাবে হনুমান মন্দিৰৰ সন্মুখত গো–মাংস পেলাই ৰাখিছিল একাংশ দুষ্কৃতিকাৰীয়ে৷ এনে দুষ্কৃতিকাৰীৰ ৪০জনক পৰহি নিশাৰ পৰা কালিলৈকে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
ধুবুৰীৰ প্রান্তে প্রান্তে চলিছে আৰক্ষীৰ জামিনবিহীন ধাৰাৰ ৱাৰেণ্ট থকা অপৰাধীৰ বিৰুদ্ধে অভিযান
নিয়মীয়া বার্তা, ধুবুৰী : মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কঠোৰ নির্দেশৰ পিছত পৰহি নিশাৰ পৰাই ধুবুৰীকে ধৰি জিলাখনৰ প্রান্তে প্রান্তে আৰক্ষীয়ে আৰম্ভ কৰিছে জামিনবিহীন ধাৰাত ৱাৰেণ্ট থকা অপৰাধীসকলৰ বিৰুদ্ধে অভিযান৷ পৰহি নিশা ধুবুৰীৰ গো–মুণ্ড কাণ্ডত বর্তমানলৈ ধুবুৰী জিলাৰ পৰা মুঠ ৪০গৰাকীক গ্রেপ্তাৰ কৰা হৈছে৷ ইপিনে, পৰহি নিশাৰে পৰা ধুবুৰী চহৰৰ স্পর্শকাতৰ অঞ্চলবোৰত ৰেপিড একচন ফ’ৰ্চ, অসম আৰক্ষীৰ বেটেলিয়েন, চিআৰপিএফ মোতায়েন কৰা হৈছে৷ উল্লেখ্য যে সম্প্রতি হনুমান মন্দিৰৰ সমীপত সন্দেহজনক গো–মাংস উদ্ধাৰৰ পিছত সৃষ্টি হোৱা ঘটনাৱলীৰ বুজ ল’বলৈ ১৩ জুনত ধুবুৰীত উপস্থিত হৈছিল অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ ধুবুৰীস্থিত জিলা আৱর্ত ভৱনত ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব (গৃহ আৰু ৰাজনৈতিক), অসম আৰক্ষীৰ ডিজিপি, ধুবুৰীৰ জিলা আয়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি অন্যান্য শীর্ষ প্রশাসনিক আৰু আৰক্ষী বিষয়াৰ উপস্থিতিত এক গুৰুত্বপূর্ণ আইন–শৃংখলাজনিত পর্যালোচনা বৈঠকত অংশ লোৱাৰ পিছত উপস্থিত সাংবাদিকৰে হোৱা কথা–বতৰাত ধুবুৰীৰ সাম্প্রতিক উত্তেজনা সৃষ্টি আঁৰত এটা বাংলাদেশৰ শক্তি জড়িত হৈ থকাৰ চাঞ্চল্যকৰ তথ্য প্রদান কৰিছিল মুখ্যমন্ত্রীগৰাকীয়ে৷