নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাপুৰত তেলৰ টেংকাৰত জব্দ ৪০ চোৰাং গৰু

নিয়মীয়া বার্তা,  ৪ জুলাই : ট্ৰাক, যাত্রীবাহী বাছ নহয়, এইবাৰ তেলৰ টেংকাৰত গৰু সৰবৰাহ৷ গো–মাফিয়াই দৈনিক ন ন কৌশল অৱলম্বন কৰি গৰু সৰবৰাহ কৰিবলৈ লৈছে৷ উজনি অসমৰ বিভিন্ন প্রান্তৰ পৰা প্রত্যেকদিনাই চুবুৰীয়া ৰাজ্য মেঘালয়লৈ দিনৰ পোহৰতে সৰবৰাহ কৰি আছে এই গো–ধন৷ তেনে সময়তে মহানগৰীৰ সমীপৱর্তী সোণাপুৰৰ টোলগেটত এখন গৰুভর্তি তেলৰ টেংকাৰ জব্দ কৰে৷ এক গোপন খবৰৰ ভিত্তিত কালি দিনৰ ১১ বজাত সোণাপুৰ আৰক্ষীয়ে টোলগেটত জব্দ কৰিবলৈ সক্ষম হয় এই টেংকাৰখন৷ জানিব পৰা মতে, ধেমাজিৰ চিলাপথাৰৰ পৰা মেঘালয়ৰ বর্ণিহাট বজাৰলৈ বুলি এএছ–০৫ চি–১৬৫৫ নম্বৰৰ তেলৰ টেংকাৰখনত ৪০টা গৰু কঢ়িয়াই আনিছিল৷ সোণাপুৰ আৰক্ষীৰ তৎপৰতাত গৰু সৰবৰাহত ব্যৱহাৰ কৰা তেলৰ টেংকাৰখন জব্দ হয়৷ উল্লেখ্য যে টেংকাৰখনত অনা ৪০টা গৰুৰ ৬–৭টা গৰু মৃত অৱস্থাত উদ্ধাৰ হৈছে৷ ভাৰত পেট্ৰ’লিয়াম টেংকাৰখনৰ চালকৰ আসনৰ ওচৰেদি কৌশলেৰে এখন দর্জা বনাই টেংকাৰৰ ভিতৰত ভাবিব নোৱাৰা ধৰণে গো–ধন ভৰাই আনিছিল৷ আনকি গৰুকেইটাৰ বাবে টেংকীৰ ভিতৰত লাহট আৰু ফেনৰ ব্যৱস্থা কৰি প্রত্যেকটো গৰুৰে ঠেংবোৰ বান্ধি ভিতৰত ভৰাই আনিছিল৷ পানী, খাদ্যৰ অভাৱত ৬–৭টা গৰুৰ মৃত্যু হয়৷ সোণাপুৰ আৰক্ষীয়ে এহ সন্দর্ভত টেংকাৰৰ চালক–হেণ্ডিমেন গুৰজাৰ হুছেইন আৰু ফাহজুল আলীক সৰবৰাহৰ সৈতে জড়িতৰ অভিযোগত আটক কৰিছে৷ উল্লেখ্য যে উজনি অসমৰ বিভিন্ন প্রান্তৰ পৰা ৩৭নং ৰাষ্ট্রীয় পথেৰে দিনে–নিশাই দৈনিক মেঘালয়লৈ সৰবৰাহ কৰি আছে চোৰাং গৰু৷ ৩৭নং ৰাষ্ট্রীয় পথেৰে আহোঁতে পথৰ কাষত বহুকেইখন জিলাৰ বহু থানা অতিক্রম কৰি আহিবলগীয়া হয়৷ তেনে ক্ষেত্রত সেই থানাবোৰৰ চকুত ধূলি দি কেনেকৈ সৰবৰাহ হৈ আছে চোৰাং গৰু, কেনেকৈ চলি আছে ৰমৰমীয়া ক’লা বেহা৷ সচেতন মহলে ইয়াক লৈ প্রশ্ণ ডত্থাপন কৰিছে ৷

প্ৰেৰক ৰমেশ দাস

You might also like