নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষার্থীৰ বাবে মেডিকেল-ইঞ্জিনীয়াৰিঙত ৫% আসন সংৰক্ষণ

🔹 ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূর্ণ সিদ্ধান্ত

বিশেষ বাৰ্তা, ২ ডিচেম্বৰ : ১৬খন জিলাত খিলঞ্জীয়া ভূমিহীন পৰিয়ালৰ ভূমি নিষ্পত্তি কৰা, চৰকাৰী বিদ্যালয়ৰ শিক্ষার্থীৰ বাবে চিকিৎসা, অভিযান্ত্রিক মহাবিদ্যালয়ত আসন সংৰক্ষণকে ধৰি কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিলে কালি অনুষ্ঠিত ৰাজ্যিক কেবিনেটে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত তিনিচুকীয়াত অনুষ্ঠিত কেবিনেট বৈঠকে ৰাজ্যৰ ১৬খন জিলাত খিলঞ্জীয়া ভূমিহীন পৰিয়ালক সকাহ দিয়াৰ লক্ষ্যৰে ভূমি নিষ্পত্তি কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ সেই অনুসৰি মিছন বসুন্ধৰা ২.০ৰ অধীনত তিনিচুকীয়া, শোণিতপুৰ, ডিব্রুগড়, ধেমাজি, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, নগাঁও, বৰপেটা, কামৰূপ, বঙাইগাঁও, কামৰূপ মহানগৰ, গোৱালপাৰা, নলবাৰী আৰু ধুবুৰী জিলাৰ খিলঞ্জীয়া ভূমিহীন পৰিয়ালৰ বাবে ভূমি নিষ্পত্তি কৰা হ’ব৷ জিলাকেইখনৰ নগৰ আৰু গ্রাম্য দুয়োটা অঞ্চলৰ ৪,৪৪৪টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালৰ বাবে ভূমি নিষ্পত্তি কৰা হ’ব৷ কেবিনেট বৈঠকখনৰ সিদ্ধান্ত সদৰী কৰি এখন সংবাদ মেলযোগে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জানিবলৈ দিয়ে যে এতিয়াৰে পৰা ম্যাদীপট্টাৰ নাম পেৰিঅ’ডিক পট্টা, একচনীয়া পট্টাৰ নাম এনুৱেল পট্টা, চাহ বাগিচাৰ মাটিসমূহ বিশেষ ম্যাদী পট্টা, চৰকাৰী মাটিসমূহ অসম চৰকাৰৰ ম্যাদী পট্টা হ’ব বুলি সংশোধন কৰা হ’ব৷ মিছন বসুন্ধৰা দ্বিতীয়ৰ অধীনত এতিয়ালৈ ২ লাখ ১০ হাজাৰ ব্যক্তিয়ে পট্টা পাইছে৷ অহা ৩১ ডিচেম্বৰত মিছন বসুন্ধৰা দ্বিতীয়ৰ সামৰণি হ’ব আৰু তৃতীয় পর্যায় আৰম্ভ কৰাৰ পূর্বেই ২ লাখ ২০–২৫ হাজাৰ লোকক মাটিৰ পট্টা দিব পৰা যাব৷ কেবিনেট বৈঠকত অসমত স্থাপন হোৱা চিকিৎসা মহাবিদ্যালয় আৰু অভিযান্ত্রিক মহাবিদ্যালয়সমূহত যাতে দৰিদ্র শ্রেণীৰ ছাত্র–ছাত্রীসকলে অধ্যয়ন কৰিব পাৰে, তাৰ বাবে ৫ শতাংশ আসন সংৰক্ষণৰ এটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷ সিদ্ধান্ত অনুসৰি চিকিৎসা আৰু অভিযান্ত্রিক মহাবিদ্যালয়ত সপ্তম শ্রেণীৰ পৰা দশম শ্রেণীলৈ চৰকাৰী বিদ্যালয় (ছেবাৰ অধীন)ত আৰু একাদশ–দ্বাদশ শ্রেণী চৰকাৰী বিদ্যালয়, মহাবিদ্যালয়, প্রাদেশিক মহাবিদ্যালয় (এএইচএছইচিৰ অধীন)ত অধ্যয়ন কৰা শিক্ষার্থীসকলৰ বাবে ৫ শতাংশ আসন সংৰক্ষণ কৰা হ’ব৷ কেবিনেটে দৰিদ্র পৰিয়ালসমূহক বিনামূলীয়াকৈ চাউল যোগান ধৰাৰ লক্ষ্যৰে খাদ্য সুৰক্ষা বিধি–২০২২ৰ নিয়ম ৪ৰ সংশোধন কৰাৰ সিদ্ধান্ত লয়৷ প্রস্তাৱিত সংশোধনীয়ে ৰাজ্য চৰকাৰৰ মাষ্টাৰৰোল কর্মচাৰী, দৈনিক মজুৰি উপার্জনকাৰী, কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ অৱসৰপ্রাপ্ত চতুর্থ বর্গৰ কর্মচাৰী, চাৰি লাখতকৈও কম বার্ষিক উপার্জন কৰা ঠিকাভিত্তিক কর্মচাৰীসকলক এনএফএছএৰ অধীনত হিতাধিকাৰী হিচাপে বিনামূলীয়াকৈ চাউল যোগান ধৰা হ’ব৷ কেবিনেট বৈঠকত ধান ক্রয়ৰ ক্ষেত্রত গ্রহণ কৰে এলানি বিশেষ সিদ্ধান্ত৷ ধান ক্রয়ৰ প্রক্রিয়াটো সুশৃংখলিত কৰিবলৈ খাৰিফ মার্কেটিং ছিজন (কেএমএছ) ২০২৩–২৪ বর্ষত অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডে (এএফচিএছচিএল) ১.৬৯ কোটি টকাৰ আনুমানিক ব্যয়ত বঙাইগাঁও আৰু বিশ্বনাথ জিলাত আংশিক বিকেন্দ্রীকৃত ধান ক্রয় (ডিচিপি) প্রক্রিয়া ৰূপায়ণ কৰা হ’ব৷ এই সন্দর্ভত অসম চৰকাৰ, ভাৰত চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ বিভাগৰ মাজত এক ত্রিপাক্ষিক চুক্তি স্বাক্ষৰ হ’ব৷ ডিচিপি ব্যৱস্থাৰ অধীনত নির্দিষ্ট সংস্থাটোৱে এমএছপিক কৃষকৰ পৰা ধান ক্রয় কৰি নির্দিষ্ট ধান মিলত ধান কুটাই চাউলখিনি নির্দিষ্ট গুদামলৈ প্রেৰণ কৰিব৷ বিতৰণ প্রক্রিয়াটো অসামৰিক যোগান আৰু গ্রাহক পৰিক্রমা আয়ুক্তই নির্দিষ্ট সুলভ মূল্যৰ দোকানৰ জৰিয়তে প্রেৰণ কৰিব৷ কেবিনেটে কল্যাণমূলক কাম–কাজৰ বাবে এক পৰিৱেশ সৃষ্টি কৰাৰ লক্ষ্যৰে অসম কর্প’ৰেট সামাজিক দায়বদ্ধতা কর্তৃপক্ষৰ সংবিধান (চিএছআৰএএ) আৰু ইয়াৰ নিয়ম–নীতিত অনুমোদন জনায়৷ ইয়াৰ জৰিয়তে বিভিন্ন আঁচনি ৰূপায়ণৰ সময়ত বিভিন্ন খণ্ড, বিভাগৰ মাজত জটিলতা, ব্যৱধান চিনাক্ত কৰাত সহায় কৰিব৷ তদুপৰি চিএছআৰএএ সংবিধানে চিএছআৰ পুঁজিৰ জৰিয়তে অহা বিনিয়োগক সুশৃংখলিত কৰাত সহায় কৰিব৷ কেবিনেটে ঔদ্যোগিকীকৰণত বিশেষ গুৰুত্ব আৰোপ কৰি নতুনকৈ বিনিয়োগৰ বাবে ৪৩৮ কোটি টকাৰ তিনিটাকৈ নতুন প্রস্তাৱত অনুমোদন জনায়৷ সেই অনুসৰি ৰাজ্যৰ ঔদ্যোগিক নীতিৰ অধীনত কাজিৰঙাত টাটাই তাজ হোটেল নির্মাণ কৰিব আৰু গুৱাহাটীত ৰেডিছন ব্লুৰ এখন নতুন হোটেল নির্মাণ কৰা হ’ব৷ এই ঔদ্যোগিক নীতিৰ অধীনতেই বঙাইগাঁও জিলাত ভাগ্যশ্রী উদ্যোগ নামেৰে এটা প্রতিষ্ঠানে বাঁহ ক্রেছ কেৰিয়াৰৰ উদ্যোগ স্থাপন কৰিব৷ এই তিনিটা উদ্যোগ স্থাপনৰ ফলত ৰাজ্যত প্রায় ১৪০০ নতুন সংস্থাপনৰ সৃষ্টি হ’ব৷ অসম টি কর্প’ৰেচনৰ বাগিচাসমূহৰ বহুকেইখন বাগিচা চৰকাৰে লীজত দিছে যদিও এই বাগিচাসমূহত শ্রমিকসকলৰ পুৰণি ডেনা–পাওনাৰ দায়িত্ব ৰাজ্য চৰকাৰে গ্রহণ কৰিব বুলি প্রতিশ্রুতি দিছিল৷ সেই প্রতিশ্রুতি ৰক্ষা কৰি কালিৰ কেবিনেটে অসম টি কর্প’ৰেচনৰ ভৱিষ্যনিধিলৈ ১০০ কোটি টকাৰ অনুমোদন দিয়ে৷ অসম ৰাজ্যিক প্রচিকিউচন সেৱাত নিযুক্তিৰ ক্ষেত্রত প্রচিকিউচন সেৱা নিয়মাৱলীৰ সংশোধনত কেবিনেটে অনুমোদন জনায়৷ পুৰণা অধিবক্তাসকলে যাতে পিপি আৰু এপি আদি পদত আবেদন কৰাৰ সুবিধা লাভ কৰিব পাৰে তাৰ প্রতি লক্ষ্য ৰাখি অধিবক্তাসকলৰ বয়সৰ উচ্চ সীমা ৫ বছৰলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ এইক্ষেত্রত সাধাৰণ শ্রেণীৰ প্রার্থীৰ বয়স ৪৫ আৰু অনুসূচিত জাতি–জনজাতি প্রার্থীৰ বয়স ৫৫ বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ কেবিনেটে ছাত্র–ছাত্রীসকলৰ উন্নত শিক্ষাৰ লক্ষ্যৰে উত্তৰ গুৱাহাটীত চার্টার্ড একাউণ্টছ অৱ ইণ্ডিয়া নামৰ এখন শিক্ষানুষ্ঠান স্থাপনৰো সিদ্ধান্ত গ্রহণ কৰে৷ উক্ত শিক্ষানুষ্ঠানখন উত্তৰ গুৱাহাটী ৰাজহ চক্রৰ বৰবংশৰ মৌজাৰ অন্তর্গত উত্তৰ ফুলুং গাঁৱত ১০ বিঘা মাটিত স্থাপন কৰা হ’ব৷ কেবিনেটে কর্প’ৰেট ছ’চিয়েল ৰেছপনচিবিলিটী অথৰিটী স্থাপনৰ সিদ্ধান্ত লয়৷ এই সন্দর্ভত মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়া মতে, সমগ্র দেশত কোম্পানীসমূহে ২৫ হাজাৰ কোটিৰ চিএছআৰ আগবঢ়ায় ৷ অসমে মাত্র ৩৫০ কোটি টকাহে ইয়াৰ পৰা লাভ কৰে৷ কিয়নো এতিয়ালৈকে অসমত এনেধৰণৰ কোনো অথৰিটী এতিয়ালৈ স্থাপন হোৱা নাই, যিয়ে চিএছআৰ বিনিয়োগ বৃদ্ধি কৰিব পাৰে৷ সেয়েহে এই লক্ষ্যৰে এজন ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়াক মুখ্য কার্যবাহী বিষয়া ৰূপে লৈ প্রথমবাৰৰ বাবে কর্প’ৰেট ছ’চিয়েল ৰেছপনচিবিলিটী অথৰিটী স্থাপনৰ সিদ্ধান্ত লোৱা হয়৷ কেবিনেট বৈঠকে জানুৱাৰী মাহত লখিমপুৰত পৰৱর্তী কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰো সিদ্ধান্ত গ্রহণ কৰে৷

You might also like