নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫০ শতাংশ কংগ্রেছী মোৰ লগত আছে : ড০ হিমন্ত বিশ্ব শৰ্মা

বিশেষ বাৰ্তা, ১ এপ্ৰিলঃ কংগ্রেছৰ ভিতৰৰ খবৰ মুখ্যমন্ত্রীয়ে লাভ কৰি থাকে বুলি শেহতীয়াকৈ সৃষ্টি হোৱা বিতর্ক সন্দর্ভত আজি দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্রীৰ মন্তব্য– ৫০ শতাংশ কংগ্রেছৰ নেতা–কর্মী মোৰ লগত আছে৷ দলটোত মই ২২ বছৰ আছোঁ৷ গতিকে কংগ্রেছৰ দুজনে কথা পাতিলে মই গম পাই যাওঁ৷ বিগত ২২ বছৰ কংগ্রেছৰ বহু লোক মোৰ লগত আছে বা মই তেওঁলোকৰ লগত আছোঁ৷ গতিকে এয়া সাধাৰণ কথা৷ কংগ্রেছে ইয়াক লৈ যদি বৈঠক অনুষ্ঠিত কৰে, তেন্তে কংগ্রেছ দেউলীয়া হোৱা বুলি ক’ব লাগিব৷ ৰাজ্য চৰকাৰে বিনামূলীয়াকৈ বিতৰণ কৰা ষষ্ঠ শ্রেণীৰ বিজ্ঞান আৰু গণিত পাঠ্যপুথি ইংৰাজীত ছপা কৰাক লৈ সৃষ্টি হোৱা প্রতিক্রিয়াৰ মাজতে এয়া ছাত্র–ছাত্রীৰ ভাল দিশৰ কথা চিন্তা কৰি ইংৰাজী ব্যৱহাৰ হোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ছাত্র দিৱসৰ অনুষ্ঠানত অংশগ্রহণৰ পাছতেই সাংবাদিকে বিষয়টো সন্দর্ভত কৰা প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রীৰ মন্তব্য– অসমৰ ভৱিষ্যতৰ কাৰণে ইয়াতকৈ ভাল কথা একো নাই৷ তেওঁ কয়– ছাত্র–ছাত্রীসকলে দুটা শব্দ ইংৰাজীত পঢ়িলে উচ্চতৰ মাধ্যমিকত তেওঁলোকে ভাল ফলাফল দেখুৱাব পাৰিব৷ ৰাজ্যত চিকিৎসা আৰু অভিযান্ত্রিকৰ পাঠ্যক্রমত বহু আসন এতিয়াও খালী হৈ আছে৷ আমি আমাৰ ছাত্র–ছাত্রীসকলক চিকিৎসক–ভিযন্তা হিচাপে তৈয়াৰ কৰিব লাগিব৷ মুখ্যমন্ত্রীয়ে কয় যে পাঠ্যপুথিখনত ইংৰাজী শব্দৰ অসমীয়া তর্জমা দিয়া আছে৷ গতিকে ইয়াত আপত্তি কৰিবলগীয়া একো নাই৷ ইফালে, বিনামূলীয়া ইউনিফর্ম বিতৰণক লৈ সৃষ্টি হোৱা বিতর্ক সন্দর্ভতো মুখ্যমন্ত্রীগৰাকীয়ে কয়– মই বিদ্যালয়ৰ পৰিচালনা সমিতিক অনুৰোধ কৰিছোঁ তেওঁলোকে ঠিকাদাৰৰ পৰা নহয়, আত্মসহায়ক গোটৰ পৰা ইউনিফর্ম ক্রয় কৰক৷ মন কৰিবলগীয়া যে চৰকাৰী বিদ্যালয়ৰ ছাত্র–ছাত্রীক ইউনিফর্ম দিয়াৰ বাবে কালি ধন আবণ্টন কৰিছিল৷ যিহেতু ১ এপ্রিলৰ পৰা শিক্ষাবর্ষ আৰম্ভ হ’ব, তেনেস্থলত এদিনৰ ভিতৰতে ছাত্র–ছাত্রীক কিদৰে ইউনিফর্ম প্রদান কৰা হ’ব তাক লৈ উত্থাপন হৈছে বিভিন্ন প্রশ্ণ৷ একাংশ ঠিকাদাৰক ইউনিফর্ম যোগানৰ বাবে পৰিচালনা সমিতিয়ে আগতীয়াকৈ দায়িত্ব দিয়া বুলিও অভিযোগ উঠিছে৷ এনেবোৰ অভিযোগৰ বিপৰীতে মুখ্যমন্ত্রীয়ে স্পষ্ট কৰি দিয়ে যে পৰিচালনা সমিতিয়ে আত্মসহায়ক গোটৰ পৰাহে ইউনিফর্মসমূহ চিলাব৷ মুখ্যমন্ত্রীয়ে আজি বিদ্যুৎ মাচুল বৃদ্ধি সন্দর্ভতো কয় যে বিদ্যুৎ নিয়ামক আয়োগে তেওঁক সাক্ষাৎ কৰি অৱগত কৰিছে যে বিদ্যুতৰ মাচুল ১০ পইচা হ্রাসহে কৰিছে৷ টোলগেটৰ মাচুল বৃদ্ধিৰ প্রসংগতো মুখ্যমন্ত্রীৰ মন্তব্য– টোলগেট ৰাজ্য চৰকাৰৰ বিষয় নহয়৷ আনহাতে, দৰবৰ দাম বৃদ্ধিৰ প্রসংগত মুখ্যমন্ত্রীগৰাকীয়ে কয়– দুখীয়া লোকসকলক বিনামূলীয়া চিকিৎসা আৰু বিনামূলীয়া দৰব যোগান ধৰি আহিছোঁ আমি৷ এইবাৰ পাঁচ লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰো আঁচনি অনা হৈছে৷ চৰকাৰী চিকিৎসালয়লৈ আহিলে বিনামূলীয়া চিকিৎসাৰ লগতে ঔষধো লাভ কৰিব প্রতিজন ৰোগীয়ে৷ অৰুণাচলৰ সৈতে সীমা বিবাদ মীমাংসাৰ বিষয়টো সন্দর্ভত আজি সাংবাদিকৰ আগত মুখ্যমন্ত্রীয়ে কয় যে দুয়োখন ৰাজ্যৰ সীমা বিবাদ সমাধানৰ পথত৷ কালি অনুষ্ঠিত হৈ যোৱা মুখ্যমন্ত্রী পর্যায়ৰ বৈঠকত দুয়ো ৰাজ্যই সীমা সমস্যাৰ ক্ষেত্রত ঐকমত্যত উপনীত হৈছে৷ আগন্তুক মাহৰ মাজভাগত অসম আৰু অৰুণাচলে বুজাবুজি চুক্তি সম্পন্ন কৰিব আৰু ইয়াক কেন্দ্রীয় চৰকাৰলৈ প্রেৰণ কৰিব৷ পৰৱর্তী সময়ত বিষয়টো কেন্দ্রীয় চৰকাৰৰ ওপৰত নির্ভৰ কৰিব৷ ৯২ শতাংশ সীমা সমস্যা সমাধান হৈছে৷

You might also like