ফেচবুকত হঠাৎ সক্রিয় বিদেশৰ ৫-৬ হাজাৰ একাউণ্ট
🔹 ৰাজ্যৰ পৰিৱেশ বিনষ্টৰ চেষ্টা : মুখ্যমন্ত্রীৰ সকীয়নি
🔹 জিএছ ৰোড-খাৰঘুলিত ভাৰা লৈছে সন্দেহজনক লোকে
বিশেষ বাৰ্তা, ২১ জুন : বিধানসভা নির্বাচনৰ পূর্বে ৰাজ্যৰ সামাজিক আৰু ৰাজনৈতিক পৰিৱেশ বিনষ্ট কৰাৰ এক ভয়ংকৰ ষড়যন্ত্র চলিছে৷ সামাজিক মাধ্যমযোগে ইছলামিক আদর্শৰে অনুপ্রাণিত এই চক্রটোৱে ৰাজ্যৰ ভিতৰত বিদেশৰ পৰা সক্রিয় হৈ আছে৷- মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই বিস্ফোৰক তথ্য ফাদিল কৰাৰ লগতে সতর্কবাণী দি কয় যে বিগত এমাহত প্রায় ৫–৬ হাজাৰ ফেচবুক একাউণ্ট হঠাৎ সক্রিয় হৈ উঠিছে৷ এই একাউণ্টবোৰ পৰিচালিত হৈছে পাকিস্তান, বাংলাদেশ, আফগানিস্তান, আলবেনিয়া, ফ্রান্স আদি দেশৰ পৰা৷ এই একাউণ্টবোৰৰ গৰাকী হ’ল কঠোৰ ইছলামিক পন্থী, পেলেষ্টাইনী, ইৰানী, প্র’ মহম্মদ ইউনুছ৷
আনহাতে, এই একাউণ্টবোৰৰ গৰাকীয়ে অসমৰ এজন বিশেষ ৰাজনৈতিক নেতাৰ সমর্থনতো জঁপিয়াই পৰিছে৷ মুখ্যমন্ত্রীয়ে সংবাদ মেলযোগে এই তথ্য প্রকাশ কৰি কয়– এই ফেচবুক একাউণ্টসমূহৰ বিস্তৃত পৰীক্ষাৰ পাছত প্রত্যক্ষ কৰা হৈছে যে বর্তমান অসমৰ ফেচবুকত ৭০০তকৈ বেছি একাউণ্ট বাংলাদেশৰ পৰা সক্রিয় হৈ আছে৷ ৩৫০টা একাউণ্ট পাকিস্তানৰ পৰা সক্রিয় হৈ আছে আৰু মধ্যপ্রাচ্যৰ পৰা ৫০০ৰো অধিক একাউণ্ট সক্রিয় হৈ আছে৷ ইয়াৰ গভীৰতালৈ গ’লে দেখিম যে আফগানিস্তানৰ পৰা ৩৫টা, আলবেনিয়াৰ পৰা ৪টা, অষ্ট্রেলিয়াৰ পৰা দুটা, বাহৰেইনৰ পৰা ৮টা, বাংলাদেশৰ পৰা ৬১৮টা, ব্রাজিলৰ পৰা ৬টা, কানাডাৰ ১টা, কলম্বিয়াৰ ১টা, ইকুৱেডৰৰ পৰা ১টা, ইজিপ্তৰ পৰা ৬টা, ফ্রান্সৰ পৰা ৫৪টা, জার্মানীৰ পৰা ৪টা, ঘানাৰ পৰা ১টা, গ্রীছৰ পৰা ১টা, ইণ্ডোনেছিয়াৰ পৰা ১৬টা, ইৰাকৰ পৰা ৮টা, ইটালীৰ পৰা ৩টা, জর্দানৰ পৰা ১০টা, কুৱেইটৰ পৰা ৮৮টা, লিবিয়াৰ পৰা ১টা, মালিৰ পৰা ৫টা, মালদ্বীপৰ পৰা ৬টা, মৰক্কোৰ পৰা ৩টা, নিউজিলেণ্ডৰ পৰা ১০টা, নাইজেৰিয়াৰ পৰা ৭টা, নৰৱে’ৰ পৰা ২টা, ওমানৰ পৰা ১৩টা, পাকিস্তানৰ পৰা ৩৫০টা, পেলেষ্টাইনৰ পৰা ২টা, ফিলিপাইনছৰ পৰা ৯টা, পর্তুগালৰ পৰা ১টা, কাটাৰৰ পৰা ২২টা, ছৌদি আৰবৰ পৰা ২৪৬টা, ছিংগাপুৰৰ পৰা ৭টা, স্পেইনৰ পৰা ৫টা, শ্রীলংকাৰ পৰা ৪টা, ছুইজাৰলেণ্ডৰ পৰা ৩টা, থাইলেণ্ডৰ পৰা ১৭টা, তুৰস্কৰ পৰা ৭টা, ইউএইৰ পৰা ৩৬টা, ইউক্রেইনৰ পৰা ১টা, ইউএছএৰ পৰা ৩৭টাৰ লগতে ৪৯৬জন ব্যক্তিৰ একাউণ্টো পৰীক্ষা কৰা হৈছে, যিবোৰ দেশৰ বাহিৰৰ ব্যক্তিৰ৷ সর্বমুঠ ২,০৯২ ফেচবুক একাউণ্টৰ জৰিয়তে অসমক লৈ যিবোৰ ফেচবুক পোষ্ট কৰিছে, সেইবোৰ বাদ দিলে বাকী থকা পোষ্টবোৰৰ জৰিয়তে কেৱল মৌলবাদী, পেলেষ্টাইনী আৰু ভাৰতবিৰোধী বক্তব্যৰে ভৰা৷ এই একাউণ্টবোৰৰ জৰিয়তে অসমৰ এজন ৰাজনৈতিক ব্যক্তিক তেওঁলোক লাইক দিলে বা কমেণ্ট কৰিলে সেই কথাখিনি যদি বাদ দিয়া হয়, তেন্তে তেওঁলোকৰ কার্যকলাপ পৰীক্ষা কৰিলে দেখা পোৱা যায় যে তেওঁলোক মৌলবাদী ইছলামিক চিন্তাৰে পৰিচালিত৷
মুখ্যমন্ত্রীয়ে কয়– মাত্র এমাহ আগৰ পৰাহে অসমক লৈ এই চক্রান্ত আৰম্ভ হৈছে৷ আমাৰ সন্দেহ হৈছে– অসমৰ পৰাই বিদেশৰ এই চক্রটোক অনলাইনত তথ্য যোগান ধৰা হয়৷ কলকাতাত কল চেণ্টাৰ বহুওৱাৰ বাবেও এই চক্রটোৱে চেষ্টা চলাই আছে৷ এই মানুহখিনিয়ে আচৰিত ধৰণে কংগ্রেছৰ নেতা ৰাহুল গান্ধীক অনুকৰণ নকৰে বা নিখিল ভাৰত কংগ্রেছকো অনুকৰণ নকৰে৷ তেওঁলোকে কেৱল অসমক লৈহে ব্যস্ত আৰু এজন ব্যক্তিকহে অনুকৰণ কৰে৷ একেদৰে অসমৰ কংগ্রেছকো তেওঁ অনুকৰণ কৰে৷ এগৰাকী পেলেষ্টাইনী, বাংলাদেশী বা পাকিস্তানী লোকৰ অসমৰ ওপৰত কি আকর্ষণ থাকিব পাৰে?
মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে এই ফেচবুক একাউণ্টৰ গৰাকীবোৰ নির্দিষ্ট এটা সম্প্রদায়ৰ৷ এই বিদেশী চক্রটোৱে ফেচবুক একাউণ্ট খুলিবলৈ আইআইটি গুৱাহাটীৰ ঠিকনা ব্যৱহাৰ কৰি আহিছে৷ আন এক বিস্ফোৰক তথ্য প্রকাশ কৰি মুখ্যমন্ত্রীয়ে কয়– বাহিৰৰ পৰা গুৱাহাটীলৈ এনে এটা চক্র আহিছে, এই চক্রটোৱে এটা ঘৰ খাৰঘুলি আৰু আন এটা ঘৰ জিএছ ৰোডত ভাৰাত লৈছে৷ লক্ষণীয়ভাৱে এই চক্রটোৱে অসমৰ ইউটিউবাৰ, ইনষ্টাগ্রাম চলোৱা লোকসকলৰ সৈতেও যোগাযোগ কৰি আছে৷ এই চক্রটোৱে ৰাজনৈতিকভাৱে কার্যকলাপ চলাই থাকিলে কোনো আপত্তি নাই৷ কিন্তু তেওঁলোকৰ ইয়াৰ উপৰি উদ্দেশ্য আৰু লক্ষ্য কি, সেয়া আমি নজৰ দি আছোঁ৷ ইতিমধ্যে এই বিষয়বোৰ কেন্দ্রীয় চৰকাৰকো অৱগত কৰা বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে৷ ৰাষ্ট্রীয় নিৰাপত্তাৰ দিশৰ পৰাও অসম চৰকাৰ যথেষ্ট সক্রিয় হৈ থকাৰো মুখ্যমন্ত্রীয়ে উল্লেখ কৰে৷