নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাপানত চাকৰি পাব অসমৰ ৫০,০০০ যুৱক–যুৱতীয়ে

🔹 এডভাণ্টেজ আছাম ২.০ সন্মিলন–মুখ্যমন্ত্ৰীৰ ঘোষণা

বিশেষ বাৰ্তা, ১৬ ফেব্রুৱাৰী : এডভাণ্টেজ আছাম ২.০ৰ প্রস্তুতিৰ মাজতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যৰ যুৱক–যুৱতীৰ বাবে দিলে এক সুখবৰ৷ জাপানত ৰাজ্যৰ ৫০ হাজাৰ যুৱক–যুৱতীয়ে লাভ কৰিব নিযুক্তি৷ মুখ্যমন্ত্রী ড০ শর্মাই কালি এই কথা ঘোষণা কৰি জানিবলৈ দিয়ে যে এডভাণ্টেজ আছাম ২.০ বিনিয়োগ সন্মিলনৰ মাজতে জাপানৰ সৈতে এই সন্দর্ভত অসম চৰকাৰৰ এক বুজাবুজি চুক্তি সম্পন্ন হ’ব৷ এই চুক্তি অনুসৰি জাপানে অসমত স্থাপন কৰিব এক ভাষা কেন্দ্র৷ যাৰ জৰিয়তে জাপানী ভাষা শিকাৰ প্রশিক্ষণ প্রদান কৰা হ’ব৷ ৯ মাহৰ বাবে অনুষ্ঠিত হ’ব এক বিশেষ প্রশিক্ষণ শিবিৰ৷ জাপানিজ ভাষাৰ এনে প্রশিক্ষণৰ পাছতে দেশখনে কেন্দ্রটোৰ জৰিয়তে অনুষ্ঠিত কৰিব পৰীক্ষা আৰু যিসকল প্রশিক্ষণ লোৱা প্রার্থীয়ে এই পৰীক্ষাত উত্তীর্ণ হ’ব তেওঁলোকৰ বাবে জাপানত নিশ্চিতভাৱে মুকলি হ’ব চাকৰিৰ বাট৷ কালি দিছপুৰ লোকসেৱা ভৱনত এডভাণ্টেজ আছাম ২.০ৰ প্রস্তুতি সন্দর্ভত এক সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়– জাপানে আমাৰ পৰা মানৱ সম্পদ নিব বিচাৰিছে৷ প্রথম অৱস্থাত ৫০ হাজাৰ যুৱক–যুৱতীয়ে জাপানত কাম কৰাৰ সুযোগ পাব৷ ইয়াৰ বাবে জাপানিজ ভাষা শিকাটো জৰুৰী হ’ব৷ নিযুক্তিৰ সুযোগ লাভ কৰা কোনো যুৱক–যুৱতীয়ে যদি জাপানত কাম কৰিব নিবিচাৰে, তেন্তে ভাৰতস্থিত জাপানৰ প্রতিষ্ঠানসমূহত কাম কৰাৰ সুযোগ লাভ কৰিব৷ দক্ষিণ–পূব এছিয়াত থকা জাপানৰ বৃহৎ প্রতিষ্ঠানসমূহতো এই যুৱক–যুৱতীসকলে নিযুক্তি লাভৰ সুযোগ পাব৷ তেওঁ ইয়াকো উল্লেখ কৰে যে জাপানে পর্যায়ক্রমে অসমৰ মহাবিদ্যালয়, অভিযান্ত্রিক মহাবিদ্যালয় আদিতো জাপানী ভাষাৰ পাঠ্যক্রম আৰম্ভ কৰিব৷ এই মহাবিদ্যালয়সমূহত জাপানৰ পৰা অধ্যাপক আহি পাঠদান কৰিব৷ ৰাজ্য চৰকাৰে জাপানৰ অধ্যাপকসকলৰ থকা–মেলাৰ সুবিধা প্রদান কৰিব৷ আনহাতে, ছিংগাপুৰৰ সৈতেও অসম চৰকাৰে এক বুজাবুজি চুক্তিত উপনীত হ’ব৷ মুখ্যমন্ত্রী ড০ শর্মাই এই সন্দর্ভত কয়– ছিংগাপুৰত অসমৰ নার্ছৰ প্রয়োজন৷ অসমৰ বিএছচি নার্ছিং মহাবিদ্যালয়সমূহৰ্ পৰা প্রশিক্ষিত নার্ছ ছিংগাপুৰলৈ নিয়াৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰিব৷ ছিংগাপুৰে বিএছচি নার্ছিং মহাবিদ্যালয়সমূহত্ ইংৰাজী ভাষাৰ এক পাঠ্যক্রম আৰম্ভ কৰিব৷ ইয়াৰ বাবে এক বিশেষ পাঠ্যক্রমো প্রস্তুত কৰিব ছিংগাপুৰে৷ এই পাঠ্যক্রমত যিসকল নার্ছ উত্তীর্ণ হয় তেওঁলোকক ভাৰতস্থিত ছিংগাপুৰ উচ্চায়ুক্তই দেশখনলৈ নিয়াৰ ব্যৱস্থা কৰিব আৰু উচ্চ হাৰৰ দৰমহাৰে নিযুক্তি প্রদান কৰিব৷ ইতিমধ্যে ১৭গৰাকী যুৱতী ছিংগাপুৰত নার্ছ হিচাপে কর্মৰত হৈ আছে৷ মুখ্যমন্ত্রী ড০ শর্মাই জানিবলৈ দিয়া মতে, শেহতীয়া ছিংগাপুৰ ভ্রমণৰ সময়ত তেওঁ এই যুৱতীকেইগৰাকীক সাক্ষাৎ কৰিছিল আৰু তেওঁলোকে ছিংগাপুৰত যথেষ্ট আনন্দৰে কাম কৰি থকা বুলি জানিবলৈ দিছে৷ এনেদৰে জাপান আৰু ছিংগাপুৰত অসমৰ প্রশিক্ষিত যুৱক–যুৱতীয়ে কর্মসংস্থাপন লাভ কৰাৰ সুযোগে যথেষ্ট পৰিৱর্তন আনিব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই মন্তব্য কৰে৷

You might also like