নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শাৰীৰিক সম্পর্ক নহ’লে পত্নীৰ অন্য পুৰুষৰে প্রেম পৰকীয়া নহয়

🔹 দম্পতীৰ বিবাদৰ গোচৰত মধ্যপ্রদেশ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূর্ণ ৰায়

নিউজ ডেস্ক, ১৬ ফেব্রুৱাৰী : স্বামীৰ উপৰি অন্য কোনো পুৰুষৰ সৈতে পত্নীৰ সম্পর্ক থাকিব পাৰে৷ কিন্তু শাৰীৰিক সম্পর্ক নাথাকিলে অন্য পুৰুষৰ সৈতে থকা প্রেমক পৰকীয়া বুলি ক’ব পৰা নাযায়৷ শেহতীয়াকৈ এটা গোচৰত এই ৰায়দান কৰিছে মধ্যপ্রদেশ উচ্চ ন্যায়ালয়ে৷ বিচাৰপতি জিএছ আহলুৱালিয়াই উল্লেখ কৰিছে যে স্বামীৰ বাহিৰে অন্য পুৰুষৰ সৈতে যদি শাৰীৰিক সম্পর্ক থাকে, তেন্তে তাক পৰকীয়া বুলি অভিহিত কৰা যায়৷ কিন্তু শাৰীৰিক সম্পর্ক নাথাকিলে তাক পৰকীয়া বুলি অভিহিত কৰিব পৰা নাযাব৷ মধ্যপ্রদেশৰ এক দম্পতীৰ গোচৰৰ শুনানিৰ সময়ত এই কথা উল্লেখ কৰিছে উচ্চ ন্যায়ালয়ৰ বিচাৰপতিগৰাকীয়ে৷ মধ্যপ্রদেশৰ এক পাৰিবাৰিক আদালতত বিচাৰাধীন হৈ আছে গোচৰটো৷ এই গোচৰত পত্নীক চাৰি হাজাৰ টকাকৈ অন্তর্ৱর্তী ভৰণ–পোষণৰ নির্দেশ দিয়ে পাৰিবাৰিক আদালতে৷ সেই নির্দেশক প্রত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় মহিলাগৰাকীৰ স্বামী৷ গোচৰটোত মহিলাগৰাকীৰ স্বামীয়ে অভিযোগ কৰে যে তেওঁৰ পত্নীৰ অন্য পুৰুষৰ সৈতে প্রণয়ৰ সম্পর্ক আছে৷ সেইবাবে কোনোধৰণৰ ভৰণ–পোষণ তেওঁৰ পত্নীয়ে পোৱা উচিত নহয় বুলিও ন্যায়ালয়ত উল্লেখ কৰে মহিলাগৰাকীৰ স্বামীয়ে৷ আইনী খবৰ পৰিৱেশন কৰা ৱেবছাইট ‘বাৰ এণ্ড বেঞ্চ’ৰ তৰফৰ পৰা প্রকাশ কৰা অনুসৰি, গোচৰটো খাৰিজ কৰি দিছে মধ্যপ্রদেশ উচ্চ ন্যায়ালয়ে৷ ন্যায়ালয়ে উল্লেখ কৰা অনুসৰি, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৪৪(৫) ধাৰা আৰু ফৌজদাৰী দণ্ডবিধিৰ ১২৫(৪) ধাৰাত এই বিষয়টো উল্লেখ আছে৷ দুয়োটা ধাৰা অনুসৰি শাৰীৰিক সম্পর্ক নাথাকিলে স্বামীৰ উপৰি অন্য পুৰুষৰ সৈতে মহিলাৰ প্রণয়ৰ সম্পর্ক থাকিলে তাক পৰকীয়া বুলি অভিহিত কৰিব নোৱাৰি৷ গতিকে, মহিলাগৰাকীক প্রাপ্য ভৰণ–পোষণ স্বামীক আদায় দিবলৈ নির্দেশ দিছে ন্যায়ালয়ে৷

You might also like