আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি এক গুৰুত্বপূর্ণ প্ৰাক-নির্বাচনী সমীক্ষা প্ৰকাশ কৰিছে The News Tab আৰু IND CHOICH GROUP নামৰ সংস্থাই। সমীক্ষাত ৫২% ভোটাৰে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড০ হিমন্ত বিশ্ব শৰ্মাক।
সামগ্রিক সমীক্ষা অনুসৰি ড০ হিমন্ত বিশ্ব শর্মাই ৫২%, গৌৰৱ গগৈয়ে ৩৬% ভোট লাভ কৰিছে। এই সমীক্ষাত পুনৰবাৰ ক্ষমতা লাভৰ দিশে আগবাঢ়ি আছে NDA জোঁট।
উল্লেখ্য যে THE NEWS TABৰ প্ৰাক নিৰ্বাচনী সমীক্ষা অনুসৰি ১২৬টা বিধানসভা সমষ্টিত NDA জোঁটে প্ৰায় ৯৫ৰ পৰা ১০০খন আসন লাভ কৰাৰ সম্ভাৱনা আছে।
আনহাতে, কংগ্ৰেছ নেতৃত্বাধীন জোঁটৰ সম্ভাব্য আসন ১০ৰ পৰা ১৩খনৰ ভিতৰত সীমাবদ্ধ আৰু AIUDFৰ ফলাফলো এইবাৰ যথেষ্ট দুর্বল হ’ব পাৰে বুলি সমীক্ষাত উল্লেখ কৰা হৈছে। সমীক্ষা অনুসৰি ড০ হিমন্ত বিশ্ব শর্মাই পুনৰবাৰ মুখ্যমন্ত্ৰী হোৱাৰ দিশে আগবাঢ়ি আছে। প্ৰায় ৫৬ শতাংশ ভোটাৰে তেওঁক পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে।
আনহাতে কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে লাভ কৰিছে প্ৰায় ৩৮ শতাংশ সমৰ্থন। আনহাতে, IND CHOICH GROUP নামৰ সংস্থাই প্ৰকাশ কৰা সমীক্ষা অনুসৰি বিভিন্ন শ্ৰেণীৰ ভোটাৰৰ মাজত মুখ্যমন্ত্ৰী পছন্দৰ ক্ষেত্ৰত উল্লেখযোগ্য পাৰ্থক্য দেখাবলৈ পোৱা গৈছে। পুৰুষ ভোটাৰৰ মাজত ৫৬ শতাংশই ড০ হিমন্ত বিশ্ব শৰ্মাক, ৩৩ শতাংশই কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে সমৰ্থন কৰে।
লগতে, মহিলা ভোটাৰৰ মাজত এই সমৰ্থন আৰু অধিক হোৱা দেখা গৈছে। সমীক্ষা অনুসৰি ৬৬ শতাংশ মহিলা ভোটাৰে ড০ হিমন্ত বিশ্ব শৰ্মাক, ১৮ শতাংশই গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে। যুৱ ভোটাৰৰ মাজতো ড০ হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা অধিক হোৱা দেখিবলৈ পোৱা যায়।
লগতে প্ৰতিটো সমীক্ষাতে মুছলমানৰ প্ৰবল জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে গৌৰৱ গগৈয়ে। আনহাতে, সমগ্ৰ পৰিস্থিতি বিশ্লেষণ কৰিলে অনুমান কৰিব পাৰি যে এই মুহূৰ্তত ৰাজনৈতিক সমীকৰণত NDA আগবাঢ়ি আছে।
ডিজিটেল ডেস্ক, ১৬ মাৰ্চ