বিশেষ বাৰ্তা, ৭ ফেব্ৰুৱাৰী : কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ পৰা এইবাৰ অসমৰ বাহিৰলৈ প্ৰেৰণ কৰিব ৬ কোটি টকাৰ ৰঙালাউ। ইয়াৰ বাবে এতিয়া অবিৰত ব্যস্ততা সমষ্টিটোৰ যুৱ কৃষকৰ। মন্ত্ৰীগৰাকীৰ উৎসাহ আৰু সহযোগিতাত সমষ্টিটোত গঠন হোৱা বিহংগম কৃষি উৎপাদন কোম্পানী নামৰ সংগঠনটোৰ চেয়াৰমেন দেৱেন্দ্ৰ বাৰুকীয়ালৰ সৈতে যোগাযোগ কৰি জানিব পৰা মতে এইক্ষেত্ৰত কৃষিমন্ত্ৰী গৰাকীৰ উদ্যোগত ন শতাধিক যুৱ কৃষক ব্যস্ত আছে সমষ্টিৰ সমগ্ৰ উত্তৰাঞ্চলত। যোৱা বছৰ ৰাজ্যৰ বাহিৰলৈ পথোৱা হৈছিল ২ কোটি টকাৰ ৰঙালাউ।যোৱা বছৰটোত কৰা হৈছিল ১০ হাজাৰ বিঘা মাটিত ৰঙালাউ খেতি। কিন্তু এইবাৰ তিনিগুণ অধিক মাটিত কৰা হৈছে ৰঙালাউ খেতি। ৩০ হাজাৰ বিঘাৰো অধিক মাটিত কৰা হৈছে ৰঙালাউ খেতি।আজি আমি ক্ষেত্ৰ ভিত্তিত কিছু ভ্ৰমণ কৰি দেখা পোৱা মতে প্ৰকৃততেই যেন সাকাৰ হ’ব যুৱ কৃষকৰ বৃহৎ সপোন।যেনিয়েই চোৱা যাই তেনিয়েই দেখা গ’ল দিগন্ত ব্যাপ্ত ৰঙালাউ খেতিৰ পথাৰ। এই যুৱ কৃষক সকলৰ মাজত আছে যুৱ কৃষক ৰূপে অসম চৰকাৰৰ পৰা পুৰস্কৃত হোৱা ললিত দত্ত,উদ্যোগী যুৱ কৃষক ৰাজীৱ ছেত্ৰীৰ দৰে কৃষক।লহ পহকৈ বগাই সেউজীয়া দলিচাত হালধীয়া ফুলেৰে জাতিষ্কাৰ হৈছে ৰঙালাউৰ বৃহৎ বৃহৎ পথাৰ। ইতিবাচক আন এটা দিশ হ’ল, এই যুৱ কৃষক সকলক কৃষি বিভাগে সকলো দিহা পৰামৰ্শ আগ বঢ়াইছে। স্বয়ং কৃষিমন্ত্ৰী অতুল বৰা মাজে সময়ে কৃষি ক্ষেত্ৰলৈ গৈ যোগাইছে উৎসাহ।
প্ৰেৰক অমৰ শৰ্মা