নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশেষ লেখা : ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰৰ সামাজিক ন্যায়

মানৱ ডেকা, বিধায়ক

কোৱা হয় যে শিশু এটিৰ মাজেৰে সমাজ গঢ় দিয়াত মাতৃ আৰু শিক্ষকৰ আটাইতকৈ বেছি ভূমিকা থাকে৷ ইতিবাচক কথা যে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে যোৱা দহটা বছৰত ‘মাতৃ’ শক্তিক সমৃদ্ধ কৰিবলৈ ইটোৰ পাছত সিটো অভূতপূর্ব পদক্ষেপ গ্রহণ কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ লগত খোজত খোজ মিলাই অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো ‘নাৰী’ শক্তিক ন্যায় দিবলৈ পূর্বে কাহানিও নেদেখা এক সামাজিক আন্দোলন আৰম্ভ কৰিছে৷ নাৰী শক্তিক অৱহেলা কৰাৰ পৰম্পৰাকে প্রত্যাহ্বান জনোৱা অসম চৰকাৰৰ পদক্ষেপে ৩ বছৰ নৌহওঁতেই ইতিবাচক ফলাফলো দিবলৈ আৰম্ভ কৰিছে৷ ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰৰ এজন সদস্য হিচাপে আমি চিনাক্ত কৰিছোঁ অর্থনীতিৰ লগতে সামাজিক পৰিৱর্তন, অসমীয়া নাৰীৰ জীৱনলৈ ফলপ্রসূ পৰিৱর্তন আনিবলৈ সক্ষম হোৱা ৫টা পদক্ষেপ৷

(১) অৰুণোদয় : প্রায়েই নেতিবাচক চক্রৰ পৰা প্রচাৰ চলে যে বিনামূলীয়াকৈ ১,২৫০ টকা বেংক একাউণ্টত সুমুৱাই দিয়াৰ বাবে মহিলা কর্মবিমুখ হৈছে৷ পিছে ন’বেল বঁটা বিজয়ী অর্থনীতিবিদ অভিজত বেনার্জীৰ শেহতীয়া এক গৱেষণাই দেখুৱাইছে অত্যন্ত ইতিবাচক এক তথ্যহে৷ দক্ষিণ এছিয়া আৰু আফ্রিকাত চলি থকা সামাজিক ন্যায়ৰ চৰকাৰী আঁচনিসমূহৰ ওপৰত চলা গৱেষণাই দেখুৱাইছে য’ত মহিলাই চৰকাৰৰ পৰা নির্দিষ্ট সময়ত এটা নির্দিষ্ট পৰিমাণত ধন পোৱাটো সুনিশ্চিত হৈছে তাতেই কর্মমুখী হোৱাৰ প্রৱণতা বৃদ্ধি পাইছে৷ ধৰি লোৱা হওক গাঁৱৰ এগৰাকী মহিলাই অলপ জমা টকা আৰু ঋণৰ টকাৰে এখন তাঁতশাল কিনি সৰুকৈ ব্যৱসায় কৰিব খুজিছে৷ কিন্তু যদি কামটোত বিফল হৈ পইচা পানীত পৰিলে কি হ’ব বুলি ভাবি মহিলাগৰাকী ৰৈ দিছে৷ কিন্তু যেতিয়াই মাহত ১,২৫০ টকা বেংক একাউণ্টত সোমোবই বুলি নিশ্চিতি আহিছে, তেতিয়াই মহিলাগৰাকীয়ে ব্যৱসায় কৰাৰ ‘ৰিস্ক’টো ল’ব পৰা হৈছে৷ কাৰণ ব্যৱসায়ত কিবা কাৰণে লোকচান হ’লেও ১,২৫০ টকাটো আহিবই৷ একধৰণৰ নিৰাপত্তা, সকাহ, সাহস অৰুণোদয়ে প্রদান কৰিছে৷ মাজত কোনো মধ্যভোগী নোহোৱাকৈ, ক’তো তাঁতবাটি নকৰাকৈ অৰুণোদয়ৰ অধীনত বছৰি ১৫,০০০ টকা৷ মহিলাৰ বাবে এয়া এক সন্মান, এই সন্মানে আত্মবিশ্বাস বৃদ্ধি কৰিছে, কর্মবলৰ অংশ হ’বলৈ মহিলাক উৎসাহিতহে কৰিছে, কর্মবিমুখ কৰা নাই৷

(২) বাল্য বিবাহ : ২০২৩ চনত বিশ্বৰ ভিতৰতে প্রথম হিচাপে ভাৰতে চন্দ্রৰ দক্ষিণ মেৰুত মহাকাশযান অৱতৰণ কৰাইছিল৷ তাৰ পাছত কল্পনা কৰক এই একেখন দেশতে আজিও বাল্য বিবাহ চলি আছে৷ কন্যা শিশু, কিশোৰীৰ বিৰুদ্ধে অভিশাপ বিবেচিত হোৱা এই বাল্য বিবাহৰ বিৰুদ্ধে ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰে যুদ্ধৰ দৰে অভিযান আৰম্ভ কৰিছে৷ বাল্য বিবাহৰ অভিযান চলাবলৈ যোৱা অৱস্থাতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ব্যক্তিগত আক্রমণ চলোৱা হৈছিল৷ বহু শক্তি দেৱাল হৈ থিয় হৈছিল৷ সামাজিক পৰিৱর্তন আনিবলৈ গৈ অপ্রিয় হোৱাৰ আশংকা থকা সত্ত্বেও মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কোনো আপোচ নকৰিলে৷ বাল্য বিবাহৰ এই মহা অভিযানৰ পাছত যোৱা কেইটামান মাহত এক স্বতঃস্ফূর্ত সজাগতা আহি পৰিছে৷ বাল্য বিবাহ বন্ধ হৈ পৰাৰ পাছত আমাৰ ৰাজ্য খুব সোনকালেই পুষ্টিহীনতা আৰু নৱজাতক শিশুৰ মৃত্যু(INFANT MORTALITY)ক চিৰবিদায় দিয়াৰ পথত আগবাঢ়ি আছে৷

(৩) সংখ্যালঘু মহিলাৰ উন্নয়ন : অসম বিধানসভাৰ বাজেট অধিৱেশনতে আহিব দেশৰ ভিতৰতে প্রথম হিচাপে বহু বিবাহবিৰোধী বহুচর্চিত বিধেয়ক৷ সকলো ঠিকে-ঠাকে থাকিলে অহা ৬০ দিনৰ ভিতৰতে অসমত নিষিদ্ধ হ’ব বহু বিবাহ৷ ন্যায় পাব নীৰৱে চকুলো টুকি থকা বহু সংখ্যালঘু মহিলাই৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সামাজিক ন্যায় দিয়াৰ এই যুগান্তকাৰী পদক্ষেপক লৈ কেৱল ৰাষ্ট্রীয় পর্যায়তে নহয়, আন্তঃৰাষ্ট্রীয় পর্যায়তো ব্যাপক চর্চা হৈছে৷ ভোটলাভৰ দৃষ্টিৰে অপ্রিয় হোৱা সত্ত্বেও আমাৰ চৰকাৰে সংখ্যালঘু মহিলাক দ্বিতীয় শ্রেণীৰ নাগৰিক কৰি ৰখাৰ পৰম্পৰাৰ বিৰুদ্ধে ব্যাপক যুদ্ধ চলাই গৈছে৷ মুছলমান মহিলা ১৬–১৭ বছৰত তিনি-চাৰিটা ল’ৰা-ছোৱালীৰ মাক হোৱাৰ সলনি ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰৰ লক্ষ্য চিকিৎসক-অভিযন্তা বনোৱা৷ তাৰবাবেই চৰ অঞ্চলত এই চৰকাৰৰ ৩ বছৰ নৌহওঁতেই স্থাপন কৰা হৈছে শতাধিক বিদ্যালয় আৰু মহাবিদ্যালয়৷ কেৱল ধর্মীয় শিক্ষাই নহয়, বিজ্ঞানসন্মত শিক্ষাৰে সংখ্যালঘু নাৰীয়ে নতুন ভাৰতত ৰাখিব নতুন চানেকি৷ কেৱল মুখেৰে নহয়, নিজৰ কামৰ মাজেৰে ড০ শর্মা চৰকাৰে স্থাপন কৰিছে এই নজিৰ৷ যোৱা তিনিটা বছৰত বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাত সংখ্যালঘু যুৱতীৰ উত্থান চৰকাৰৰ এই চিন্তাৰে ফচল৷

(৪) মহিলা উদ্যোগী গঢ়াত গুৰুত্ব : এটা সময় আছিল যেতিয়া দৰিদ্র, নিম্ন মধ্যবিত্ত মহিলাৰ লগত দূৰ–দূৰণিলৈ বেংকৰ কোনো সম্পর্ক নাছিল৷ ২০১৪ চনৰ পাছত মোদী চৰকাৰে অনা জনধন আঁচনিয়ে ভাৰত নামৰ এই বিশাল দেশত আনিলে বৈপ্লৱিক পৰিৱর্তন৷ মহিলাক অর্থনৈতিকভাৱে সমৃদ্ধ কৰাৰ যাত্রাত আৰু এখোজ আগুৱাই ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰে আৰম্ভ কৰিছে অভিলাষী আঁচনি৷ মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান MMUA—, এই আঁচনিৰ অধীনত ১৪৫ বিধৰ ব্যৱসায় কৰিব পৰাকৈ অসম চৰকাৰে প্রথম কিস্তিত ১০ হাজাৰ, দ্বিতীয় কিস্তিত ১২,৫০০ টকা আগবঢ়োৱাৰ লগতে বেংক ঋণৰ ৰূপত আগবঢ়াব ১২,৫০০ টকা৷ ইয়াৰ পূর্বে মাইক্র’ফাইনেঞ্চ ঋণ ৰেহাই, মহিলা আত্মসহায়ক গোটলৈ অনুদানকে ধৰি গ্রহণ কৰা আঁচনিসমূহে ব্যাপক সুফল দিবলৈ আৰম্ভ কৰিছে৷ যদি ভালদৰে মন কৰে বহু ঠাইত, আনকি সিংহভাগ শ্বপিং মলতো আজিকালি গাঁৱৰ মহিলা উদ্যোগীয়ে প্রস্তুত কৰা সামগ্রী খুবেই সুলভ৷ লাহে লাহে বিদেশলৈ ৰপ্তানি হ’ব ধৰিছে অসমীয়া মহিলাই প্রস্তুত কৰা পৰম্পৰাগত বিভিন্ন সামগ্রী, আচাৰ, পিঠা–পনা, গামোচা, কাপোৰ৷ এয়া স্বনির্ভৰশীল নাৰীয়ে বহু বছৰৰ মূৰত মূৰ তুলিবলৈ আৰম্ভ কৰা এক নতুন অসমৰ আগজাননী৷

(৫) ড্রাগ্ছবিৰোধী অভিযানৰ ফল : ড্রাগ্ছত আসক্ত হৈ সাধাৰণতে বিপথগামী হয় যুৱক, কিশোৰ, বয়ষ্ক পুৰুষ৷ কিন্তু কেতিয়াবা মাতৃ, কেতিয়াবা পত্নী, কেতিয়াবা ভগ্ণীৰ ৰূপত ড্রাগ্ছৰ কুফলৰ বলি সদায় হয় মহিলা৷ ড্রাগ্ছৰ বাবেই মহিলা ভয়ংকৰ গার্হস্থ্য হিংসা, জিঘাংসাৰ চিকাৰ হ’বলগীয়া হয়৷ তাৰবাবেই ড্রাগ্ছবিৰোধী অভিযানৰ পৰা আটাইতকৈ বেছি উপকৃত হৈছে নাৰী সমাজ৷ আমাৰ চৰকাৰে শপতগ্রহণ কৰাৰ দিনটোৰ পৰাই ড্রাগ্ছৰ বিৰুদ্ধে কাহানিও নেদেখা আপোচবিহীন এখন যুদ্ধ আৰম্ভ কৰিছিল৷ এই যুদ্ধ এতিয়াও বাকী৷ কিন্তু যোৱা সময়ছোৱাৰ কঠোৰ অভিযানৰ পাছত ড্রাগ্ছজনিত হিংসাৰ ঘটনা ৫০ শতাংশলৈকে কমি আহিছে৷ এই যুদ্ধ সহজ নাছিল, এই যুদ্ধ দুর্বল কৰিবলৈ শক্তিশালী চক্র অনবৰতে সক্রিয় হৈ আছিল৷ কিন্তু আজি সকলো প্রত্যাহ্বান নেওচি অসম ড্রাগ্ছবিৰোধী আপোচবিহীন অভিযানেৰে সকলো ৰাজ্যেৰ বাবে আদর্শ হৈ পৰিছে৷

এজন বিধায়ক হিচাপে নহয়, এজন সাধাৰণ নাগৰিক হিচাপে দেখি ভাল লাগিছে যে লেহেমীয়া, পিছতহে চিন্তা কৰে বুলি থকা ধাৰণাক আজি অতীত কৰিছে আমাৰ ৰাজ্যই৷ মহিলাক একবিংশ শতিকাৰ বাবে সকলোফালৰ পৰা যোগ্য কৰাৰ ক্ষেত্রত অসম আজি সকলো ৰাজ্যৰ বাবে বাটকটীয়া৷ এয়া আৰম্ভণিহে আৰু বহুদূৰ যাবলৈ আছে৷ কাৰণ আমাৰ চৰকাৰে বিশ্বাস কৰে হীৰেন ভট্টাচার্যৰ সেই কালজয়ী উক্তি–

মোৰ প্রাণৰো প্রাণৰ
মোৰ গানৰো গানৰ মোৰ দেশ
মোৰ প্রতিটো কামে, প্রতিটো চিন্তাই
এই দেশৰ বুকুত ৰছে শইচ সোণোৱালী
ভৱিষ্যতৰ সপোন৷

ফোন : ৯৮৫৪০-২২২২৩

You might also like