বিশেষ বাৰ্তা, ৪ অক্টোবৰঃ আজি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে মোদী কেবিনেটে। উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে ৰাজসাহায্য ২০০ টকাৰ পৰা ৩০০ টকালৈ বৃদ্ধি কৰিছে কেবিনেটে। ৰক্ষা বন্ধন আৰু ওনাম উপলক্ষে কেবিনেটে এলপিজিৰ ২০০ টকা কৰ্তনৰ কথা ঘোষণা কৰিছিল। আজি উজ্জ্বলাৰ হিতাধিকাৰীৰ বাবে ধনৰাশি ২০০ টকাৰ পৰা ৩০০ টকালৈ বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে বৈঠকৰ অন্তত সংবাদ মেলযোগে কয় যে, কেবিনেট বৈঠকখন প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল। আমি ৰক্ষা বন্ধন আৰু ওনাম উপলক্ষে এলপিজি চিলিণ্ডাৰৰ দাম ২০০ টকা হ্ৰাস কৰিছিলোঁ। এই মূল্য ১১০০ টকাৰ পৰা ৯০০ টকালৈ হ্ৰাস পালে। উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীয়ে ৭০০ টকাত গেছ লাভ কৰিবলৈ আৰম্ভ কৰে। উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীৰ ভগ্নীসকলে এতিয়া লাভ কৰিব ৩০০ টকাৰ ৰাজসাহায্য। অৰ্থাৎ উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীসকলে এতিয়া ৬০০ টকাত গেছ চিলিণ্ডাৰ লাভ কৰিব।