নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬৮সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: “মোৰ দৰে সাধাৰণ ছোৱালী এগৰাকীয়ে জুৰীৰ স্পেচিয়েল মেনচন হোৱাটো অতি ডাঙৰ কথা”-আইমী বৰুৱা

নিয়মীয়া বাৰ্তা, ২৩ জুলাই: শুকুৰবাৰে ঘোষিত ৬৮সংখ্যক ৰাষ্ট্রীয় চলচ্চিত্র বঁটাত অসমৰ চাৰিখন ছবিয়ে আঁজুৰি আনিলে পাঁচটা সন্মান৷ স্বাভাৱিকতে এয়া অসমীয়া চলচ্চিত্র উদ্যোগটোৰ বাবে আন এক গৌৰৱ ৰূপে বিবেচিত হৈছে৷ ক’ভিডসৃষ্ট জটিল পৰিস্থিতিৰ পৰিপ্রেক্ষিতত দুবছৰ পলমকৈ ঘোষণা হোৱা ২০২০ চনৰ ৰাষ্ট্রীয় চলচ্চিত্র বঁটা লাভ কৰা অসমৰ এই চাৰিখন ছবি হ’ল– ব্রিজ, ছেমখৰ, মানাহ আৰু মানুহ (মানস এণ্ড পিপল) আৰু কাচিচিনিথু (দ্য বয় উইথ এ গান)৷

ইয়াৰে ‘ফিচাৰ ফিল্ম’ শিতানত সবিতা দেৱী প্রযোজিত আৰু কৃপাল কলিতা পৰিচালিত ‘ব্রিজ’–এ শ্রেষ্ঠ অসমীয়া ছবি হিচাপে ৰজত কমল বঁটা লাভ কৰিছে৷ ইয়াৰ বাবে ছবিখনলৈ আগবঢ়োৱা হ’ব ৰজত কমলৰ উপৰি এক লাখ টকা৷ সেইদৰে আইমী বৰুৱা প্রডাকচন ছ’চাইটী প্রযোজিত আৰু আইমী বৰুৱা পৰিচালিত ‘ছেমখৰ’–এ শ্রেষ্ঠ ডিমাচা ছবিৰ ৰজত কমল লাভ কৰিছে৷ এই বঁটাৰ বাবে ছবিখনলৈ ৰজত কমলসহ এক লাখ টকা পুৰস্কাৰ হিচাপে লাভ কৰিব৷ ইয়াৰ উপৰি বহুচর্চিত ছবিখনৰ মুখ্য চৰিত্রত অভিনয় কৰা পৰিচালক আইমী বৰুৱাই জুৰীৰ ‘স্পেচিয়েল মেনচন’ লাভ কৰিবলৈ সক্ষম হৈছে৷ যিটো যথেষ্ট গুৰুত্বপূর্ণ বিষয়৷

ইফালে, ‘নন ফিচাৰ ফিল্ম’ শিতানত শ্রেষ্ঠ চুটি ছবিৰ ৰজত কমল বঁটা লাভ কৰিছে কার্বি ভাষাত নির্মিত কাচিচিনিথু (দ্য বয় উইথ এ গান) নামৰ ছবিখনে৷ এই বঁটাৰ বাবে ছবিখনৰ প্রযোজক–পৰিচালক খঞ্জন কিশোৰ নাথে লাভ কৰিব ৰজত কমলৰ উপৰি ৫০ হাজাৰ টকাৰ পুৰস্কাৰ৷ একেটা শিতানত শ্রেষ্ঠ পৰিৱেশ সম্পর্কীয় ছবিৰ ৰজত কমল লাভ কৰিবলৈ সক্ষম হৈছে মানস ৰাষ্ট্রীয় উদ্যান–আৰণ্যকৰ দ্বাৰা যুটীয়াভাৱে প্রযোজিত তথা দীপ ভূঞা পৰিচালিত মানাহ আৰু মানুহ (মানস এণ্ড পিপল) নামৰ ছবিখনে৷ এই বঁটাৰ বাবেও ছবিখনৰ প্রযোজক–পৰিচালক আগবঢ়োৱা হ’ব ৰজত কমল আৰু ৫০ হাজাৰ টকাৰ পুৰস্কাৰ৷

ইফালে, শ্রেষ্ঠ অসমীয়া ভাষাৰ ছবিৰ ৰজত কমল লাভ কৰাৰ পাছত আহ্লাদিত হৈ পৰা ‘ব্রিজ’ৰ পৰিচালক কৃপাল কলিতাই ‘নিয়মীয়া বার্তা’ৰ আগত কয় যে অসমৰ এক জ্বলন্ত সমস্যা বানপানীক দৃশ্য–শ্রব্যৰ মাজেৰে উপস্থাপনৰ প্রয়াস কৰা ব্রিজে ১৯টাকৈ বিভিন্ন ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রী সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷ এইবাৰ শ্রেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল হোৱাৰ খবৰে নিশ্চিতভাৱে পৰিচালক হিচাপে মোক আনন্দিত কৰিছে৷ জীৱন যিকোনো প্রকাৰে জীয়াই থাকিব লাগিব– এই বিষয়টোকে পটভূমি হিচাপে লৈ ছবিখন নির্মাণ কৰা হৈছে৷ সম্পূর্ণ সত্য ঘটনাৰ আধাৰত নির্মাণ কৰা ছবিখনৰ মূল পটভূমি আছিল অসমৰ বিভিন্ন সংবাদ মাধ্যমত প্রকাশিত পাঁচটা বাতৰি৷ তদুপৰি ব্রিজৰ মূল চৰিত্রটোৱেই হ’ল বানপানী৷ পৰিচালক হিচাপে ইতিমধ্যে মই এই ছবিখনৰ প্রসংগতে ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রী প্রেক্ষাপটত অসমৰ বানপানী ৰাষ্ট্রীয় সমস্যা হ’ব লাগে বুলি যুক্তি দর্শাই আহিছোঁ৷ পৰিচালক কলিতাই জানিবলৈ দিয়া মতে, অহা ৩০ ছেপ্ঢেম্বৰত ব্রিজে মুক্তি লাভ কৰিব৷

সেইদৰে জুৰীৰ স্পেচিয়েল মেনচন তথা ডিমাচা ভাষাৰ ছবিৰ সন্মান লাভ কৰা ‘ছেমখৰ’ৰ অভিনেত্রী–পৰিচালক আইমী বৰুৱাই নিজৰ প্রতিক্রিয়া ব্যক্ত কৰি কয়– মই অত্যন্ত সুখ অনুভৱ কৰিছোঁ৷ এইটো পর্যায়লৈ যাম বুলি মই কেতিয়াও ভবা নাছিলোঁ৷ ইণ্ডিয়ান পেনোৰামাৰ পাছত এইবাৰ ৰাষ্ট্রীয় চলচ্চিত্র বঁটাতো ছেমখৰ অন্তর্ভুক্ত হ’ল৷ মোৰ দৰে সাধাৰণ ছোৱালী এগৰাকীয়ে জুৰীৰ স্পেচিয়েল মেনচন হোৱাটো অতি ডাঙৰ কথা৷ ছবিখনৰ সৈতে জড়িত প্রতিজন কলা–কুশলীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ কিয়নো তেওঁলোক নহ’লে ছেমখৰৰ নির্মাণ সম্ভৱ হৈ নুঠিলহেঁতেন৷ শ্রেষ্ঠ চুটি ছবিৰ সন্মান লাভ কৰা কাচিচিনিথুৰ প্রযোজক–পৰিচালক খঞ্জন কিশোৰ নাথেও অনুৰূপ প্রতিক্রিয়া ব্যক্ত কৰে৷ কার্বি ভাষাত নির্মিত চুটি ছবিখনৰ পটভূমি সন্দর্ভত তেওঁ কয়– মই এসময়ৰ সন্ত্রাসবাদ বিধ্বস্ত কার্বি আংলঙত ডাঙৰ–দীঘল হোৱা ল’ৰা৷ ৯০ৰ দশকত পাহাৰীয়া জিলাখনত সন্ত্রাসবাদে জোকাৰি গৈছিল৷ যিয়ে নেকি বিৰূপ প্রভাৱ পেলাইছিল শিশুসকলৰ মনস্তত্ত্বত৷ প্রধানতঃ ইয়াকে পটভূমি হিচাপে লৈয়েই ছবিখন নির্মাণ কৰা হৈছে৷ তেওঁ জানিবলৈ দিয়া মতে ২০১৯ চনত নির্মাণ কৰা এই ছবিখনৰ পূর্বে ২০১৬ চনত চোৰ নামৰ আন এখন চলচ্চিত্র পৰিচালনা কৰিছিল৷ তদুপৰি শেহতীয়াকৈ তেওঁ পৰিচালনা কৰা এটা নির্জন দুপৰীয়া নামৰ ছবিখন সম্প্রতি পোষ্ট প্রডাকচন পর্যায়ত আছে৷ পৰিৱেশ সম্পর্কীয় শ্রেষ্ঠ ছবিৰ ৰজত কমল লাভ কৰা মানাহ আৰু মানুহৰ পৰিচালক দীপ ভূঞায়ো ৰাষ্ট্রীয় চলচ্চিত্র বঁটাৰ তালিকাত নিজৰ ছবিখন অন্তর্ভুক্ত হোৱাৰ বাবে যথেষ্ট সুখী হোৱা বুলি জানিবলৈ দিয়ে৷

You might also like