নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৮ বছৰ ঊর্ধ্বৰ ব্যক্তিক ভেকচিনঃ ৬ মে’লৈ স্থগিত টিকাকৰণ

নিয়মীয়া বাৰ্তা ২ মেঃ ক’ভিড সংক্রমণ প্রতিৰোধ কৰিবলৈ অহা ৬ মে’ৰ পাছত ১৮ বছৰৰ পৰা ৪৫ বছৰ তলৰ ৰাজ্যৰ প্রতিজন ব্যক্তিকে প্রদান কৰা হ’ব ভেকচিন৷ স্বাস্থ্য বিভাগে ইতিমধ্যে ১৮ বছৰৰ ঊর্ধ্বৰ প্রতিজনকে ভেকচিন প্রদানৰ বাবে ৫ লাখ ভেকচিন ক্রয়ৰ আর্জি পেচ কৰিছে কেন্দ্রীয় চৰকাৰৰ ওচৰত৷ আজি এই কথা সদৰী কৰিলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্যই৷ তেওঁ প্রকাশ কৰা মতে, ১ মে’ৰ পৰা ১৮ বছৰৰ ঊর্ধ্বৰসকলক ভেকচিন প্রদান কার্যসূচী আৰম্ভ হোৱাৰ কথা আছিল যদিও ৬ মে’লৈ ইয়াক স্থগিত কৰা হৈছে৷

ইতিমধ্যে অসম চৰকাৰে ৫ লাখ ভেকচিন ক্রয়ৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে৷ এই ভেকচিনসমূহ আহি পোৱাৰ পাছত ৬ মে’ৰ পাছত পর্যয়ক্রমে ১৮ বছৰ ঊর্ধ্বৰ প্রতিজনকে ভেকচিন প্রদান কৰা হ’ব৷ ইতিমধ্যে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ভেকচিন প্রদান ১৮ বছৰৰ ঊর্ধ্বৰ লোকসকলৰ বাবে অহা ৬–৭ মে’ত ভেকচিন অসমত আহি পাব বুলি জানিবলৈ দিছিল৷ উল্লেখ্য যে স্বাস্থ্য বিভাগে প্রতিদিনে এক লাখ লোকক ভেকচিন প্রদানৰ লক্ষ্য বান্ধি লৈছে৷ এই লক্ষ্যৰে শুকুৰবাৰৰ দিনটোত ৰাজ্যত ১,২৭,৫৫৫জনক ভেকচিন প্রদান কৰা হয়৷ এইপর্যন্ত ৰাজ্যত ২৪,৬৬,৩২১জনক ভেকচিন প্রদান কৰা হৈছে৷ বর্তমান ৰাজ্যত মজুত আছে ৫,৩৭,৭২৭টা ভেকচিন৷

You might also like