নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ প্রাণ কুমাৰ দাসক ৰাষ্ট্রীয় উপ সভাপতি নিযুক্তি

নিয়মীয়া বাৰ্তা ২ মেঃ অসমৰ প্রাণ কুমাৰ দাসক ভাৰতীয় জনতা পার্টীৰ কিষাণ মর্চাৰ ৰাষ্ট্রীয় সমিতিৰ উপ–সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে৷ পূর্বে মজদুৰ মর্চা আৰু কিষাণ মর্চাৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি হিচাপে কার্যনির্বাহ কৰা প্রাণ কুমাৰ দাস কিষাণ মর্চাৰ ৰাষ্ট্রীয় সমিতিত অন্তর্ভুক্ত হোৱা অসম তথা উত্তৰ–পূর্বাঞ্চলৰ একমাত্র ব্যক্তি৷ উল্লেখ্য যে আজি ঘোষণা কৰা কিষাণ মর্চাৰ ৰাষ্ট্রীয় সমিতিখনৰ উপ–সভাপতি হিচাপে দাসসহ মুঠ ৭জনক অন্তর্ভুক্ত কৰা হৈছে৷ সেইদৰে তিনিজনক সাধাৰণ সম্পাদক আৰু ৭জনক দিয়া হৈছে সম্পাদকৰ দায়িত্ব৷

মন কৰিবলগীয়া যে বিজেপিৰ ৰাষ্ট্রীয় পর্যায়ত ইয়াৰ পূর্বে বিশেষ দায়িত্বৰে সন্মানিত হৈছিল অসমৰ মঙলদৈৰ সাংসদ দিলীপ শইকীয়া৷ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক হিচাপে উচ্চ পদত দিলীপ শইকীয়াৰ স্থান লাভৰ পাছতে প্রাণ কুমাৰ দাসক কিষাণ মর্চাৰ ৰাষ্ট্রীয় সমিতিৰ উপ সভাপতি হিচাপে নিযুক্তি দিয়াটো যথেষ্ট তাৎপর্যপূর্ণ দিশ ৰূপে পৰিগণিত হৈছে৷ ইয়াৰ পূর্বেও ৰাষ্ট্রীয় সমিতিৰ উপ–সভাপতি ৰূপে বিজয়া চক্রৱর্তী আৰু সম্পাদক হিচাপে ৰমেন ডেকাই স্থান লাভ কৰিছিল৷ প্রাণ কুমাৰ দাসক ৰাষ্ট্রীয় স্তৰত দিয়া এই দায়িত্বই ৰাজ্যিক বিজেপিয়ে ৰাষ্ট্রীয় স্তৰত অধিক সুযোগ লাভ কৰিব বুলি ধাৰণা কৰা হৈছে৷

You might also like