নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৰুতৰভাৱে অসুস্থ ৭০টি শিশুলৈ বিশেষ সাহায্য স্বাস্থ্য বিভাগৰ

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ গুৰুত্বপূৰ্ণ আঁচনি। গুৰুতৰভাৱে অসুস্থ শিশুলৈ আৰ্থিক অনুদান ৰাজ্য চৰকাৰৰ। হৃদৰোগৰ অস্ত্ৰোপচাৰ আৰু অস্থি মজ্জা সংৰোপণৰ বাবে বাংগালুৰু আৰু কলকাতা অভিমুখী ৭০টি শিশুক বিমানৰ টিকট দিয়ে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। GMCHত অনুষ্ঠিত এক অনুষ্ঠানত এই সাহায্য বিতৰণ কৰা হয়।

প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ ৭০তম জন্মদিনৰ সৈতে সংগতি ৰাখি পালন কৰা ‘সেৱা সপ্তাহ’ উপলক্ষে অসমৰ স্বাস্থ্য বিভাগৰ এই পদক্ষেপ।শিশুসকলৰ এই অস্ত্ৰোপচাৰৰ লগতে যাত্ৰাকালৰ সকলো ব্যয় অসম চৰকাৰৰ স্বাস্থ্য বিভাগে বহন কৰিব ৷ নৰেন্দ্ৰ মোদীৰ “সকলোৰে বাবে স্বাস্থ্য” ভৱিষ্যদৰ্শনৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমি এই উদ্যোগ গ্ৰহণ কৰিছো বুলি মন্তব্য কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

 

আনহাতে ১২ বছৰৰ তলৰ শিশুসকলৰ যকৃৎ, বৃক্ক আৰু অস্থি মজ্জা সংৰোপণৰ বাবে ৰাজ্য চৰকাৰে  ১০০ শতাংশ সহায় কৰিব ৷ ইয়াৰ বাবে প্ৰথম পৰীক্ষণ শিৱিৰ অহা ১০ অক্টোবৰত অনুষ্ঠিত হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই। 

You might also like