নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰকীয়া প্ৰেমত পৰি কোভিড পজিটিভ হ’ল যুৱক

নিয়মীয়া বাৰ্তা ১৯ ছেপ্টেম্বৰঃ এজন ২৮ বছৰীয়া বিবাহিত যুৱক। নিজৰ বৈবাহিক জীৱনক লৈ সুখী নাছিল যুৱকজন। যাৰ বাবে যুৱকজনে পৰকীয়া প্ৰেমত লিপ্ত হৈছিল। এই প্ৰেমৰ খাতিৰতেই যুৱকজনে এটা আজৱ সিদ্ধান্ত ল’লে, পত্নীক ফোন কৰিলে আৰু ক’লে জীয়াই নাথাকো তাৰ পিছত যুৱক জন নিৰুদ্দেশ।

আৰক্ষীৰ সূত্ৰৰ মতে নৱী মুম্বাই এজনৰ যুৱকে যোৱা ২৪ জুলাই নিজৰ পত্নীক ফোন কৰি ক’লে যে তেওঁ কোভিড পজিটিভ, আৰু বাচি নাথাকে। কিন্তু পত্নীয়ে কিবা কোৱাৰ আগতে ফোনটো কাটি দিলে। তাৰ পিছৰে পৰা যুৱক জন নিৰুদ্দেশ হৈ আছিল।

আৰক্ষীয়েও অনুসন্ধান আৰম্ভ কৰিলে। যুৱকজনৰ বাইক, হেলমেট, চাবি আৰু বেগ মুম্বাইৰ উপকণ্ঠ অঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছিল। কিন্তু কোনো শুংসূত্ৰ পোৱা নাছিল যুৱক জনৰ। আৰক্ষীয়ে চিচিটিভিৰ ফুটেজ সহায় লৈছিল ।

বহু অনুসন্ধানৰ অন্তত যুৱকজন ওলাল । নতুন প্ৰেয়সীৰ সৈতে ইন্দোৰত বাস কৰিছিল যুৱকজনে। মুম্বাই আৰক্ষী ইন্দোৰত উপস্থিত হৈ যুৱকজনক কৰায়ত্ত কৰে। আৰক্ষীৰ সোধপোচত যুৱকজনে সকলো কথা স্বীকাৰ কৰি কৈছিল যে  বৈবাহিক জীৱনক লৈ সুখী নাছিল আৰু নিজৰ প্ৰেমিকাৰ লগত সংসাৰ কৰিবলৈ  কোভিড পজিটিভ হোৱাৰ কথা কৈ পলাই গৈছিল মুম্বাইৰ পৰা।

You might also like