নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বগাহাতীত পৰিণত বোকাখাতৰ ৭৩ লাখটকীয়া পোনা উৎপাদন কেন্দ্ৰ

🔹 চোৰে লৈ গ’ল বহু মূল্যৱান সামগ্ৰী
🔹 টেংকৰ ভিতৰত চলে মদ-ভাং-ড্ৰাগছৰ আড্ডা
নিয়মীয়া বাৰ্তা, ১৮ জুলাই : বোকাখাতৰ মীন পালন কেন্দ্ৰৰ ৭৩ লাখটকীয়া মাছ উৎপাদন কেন্দ্ৰত এতিয়া মদ, ভাং, ড্ৰাগছৰ আড্ডা ৷ মাছ উৎপাদন কেন্দ্ৰৰ বহু মূল্যৱান সামগ্ৰী চোৰে চুৰি কৰি লৈ গ’ল ৷ বোকাখাতত চৰকাৰী ধন অপচয়ৰ এক জলন্ত নমুনা । ৭৩ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা মাছৰ পোনা উৎপাদন কেন্দ্ৰৰ বহু মূল্যৱান সামগ্ৰী লৈ গ’ল চোৰে । বোকাখাতত বগাহাতীত পৰিণত মাছৰ পোনা উৎপাদন কেন্দ্ৰ । অসম চৰকাৰৰ মীন বিভাগৰ ৭৩ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা মাছৰ পোনা উৎপাদন কেন্দ্ৰত বৰ্তমান মাছৰ পোনাৰ পৰিবৰ্তে পোৱা যায় মদ, ভাং, ড্ৰাগছৰ অৱশিষ্ট অংশ । নিশা হ’লেই পোনা উৎপাদন টেংকৰ ভিতৰত চলে মদ, ভাং আৰু ড্ৰাগছৰ আড্ডা । ২০২৩ চনৰ ২৪ আগষ্টত উদ্বোধন কৰা হৈছিল মাছৰ পোনা উৎপাদন কেন্দ্ৰটো ৷ স্থানীয় মীনপালকসকলে চৰকাৰৰ এই মাছৰ পোনা উৎপাদন কেন্দ্ৰটোৰ পৰা উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰিছিল ৷ কিন্তু উদ্বোধনৰ পিছতেই বহু মূল্যৱান সামগ্ৰী লৈ গ’ল চোৰে । কেন্দ্ৰটোৰ পানী যোগানৰ বাবে স্থাপন কৰা মূল দুটা বৃহৎ পানী মটৰসহ বহু সামগ্ৰী চোৰে লৈ যোৱাৰ সংক্ৰান্তত গোলাঘাট জিলাৰ মীন পালন বিষয়াই আজি কেন্দ্ৰটো পৰিদৰ্শন কৰি সামগ্ৰী চুৰি সংক্ৰান্তত বোকাখাত থানাত এজাহাৰ দাখিল কৰিয়েই দায়িত্ব সামৰিছে। কেন্দ্ৰটো চোৱাচিতা কৰিবলৈ নাই কোনো চকীদাৰ অথবা কৰ্মচাৰী । তাৰেই সুযোগ ল’লে চোৰে ৷ কোনো ৰখীয়া নথকাৰ সুযোগ লৈ চোৰে সামগ্ৰী চুৰি কৰাৰ লগতে কেন্দ্ৰটোত এতিয়া চলে মদ, ভাং, ড্ৰাগছৰ আড্ডা । ইয়াকে লৈ বোকাখাতৰ বিভিন্ন দল-সংগঠনৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কেন্দ্ৰটো পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত মীন বিভাগ, চৰকাৰে কিবা পদক্ষেপ গ্ৰহণ কৰিবনে, সি লক্ষণীয় হ’ব ৷
প্ৰেৰক সুদীপ্ত তামুলী
You might also like