নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এন ৱাই এফ ডব্লিউ ৭ম ছিজন: নিউয়ৰ্ক ফেশ্বন উইকত ইণ্ডিয়ান ফেশ্বন ট্ৰাংক

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰী: ইণ্টাৰনেচনেল ইনষ্টিটিউট অফ ফেশ্বন ডিজাইন (আইএনআইএফডি) আৰু লণ্ডন স্কুল অফ ট্ৰেণ্ডছ (এলএছটি)য়ে নিউয়ৰ্ক ফেশ্বন সপ্তাহৰ সময়ত ৭ম চিজনৰ বাবে “ইণ্ডিয়ান ফেশ্বন ট্ৰাংক” উপস্থাপন কৰে।

খাদী কাপোৰ ভাৰতীয় সংস্কৃতি আৰু ফেশ্বনৰ এক অবিচ্ছেদ্য অংশ। এক কালজয়ী সৌন্দৰ্য্যৰ আকৰ খাদীৰ মূল্যৱান ঐতিহাসিক আৰু সাংস্কৃতিক প্ৰাসংগিকতা আছে। নিউয়ৰ্ক ফেশ্বন উইকৰ সময়ত ইণ্টাৰনেচনেল ইনষ্টিটিউট অফ ফেশ্বন ডিজাইন (আইএনআইএফডি)ৰ যুৱ ডিজাইনাৰসকলৰ দ্বাৰা নিমজ, হাতে-কটা প্ৰাকৃতিকভাৱে বোৱা কাপোৰ খাদীক উদযাপন কৰিবলৈ “ইণ্ডিয়ান ফেশ্বন ট্ৰাংক” উপস্থাপন কৰা হয়। বিভিন্ন অঞ্চল, পৰম্পৰা আৰু সংস্কৃতিৰে পৰিবেষ্টিত সমগ্ৰ ভাৰতৰ আইএনআইএফডি কেন্দ্ৰৰ শিক্ষাৰ্থীসকলে “খাদী”ক উমৈহতীয়া উপাদান হিচাপে লৈ প্ৰস্তুত কৰা তেওঁলোকৰ সমৃদ্ধ ঐতিহ্যৰ সংগ্ৰহবোৰ প্ৰদৰ্শন কৰে। উদীয়মান আইএনআইএফডি ডিজাইনাৰসকলে খাদীক পৰম্পৰা আৰু আধুনিকতাৰ ভাৰসাম্য বহনকাৰী কাপোৰ হিচাপে বিশ্বৰ আটাইতকৈ সন্মানীয় ফেশ্বন সপ্তাহ ‘নিউয়ৰ্ক ফেশ্বন উইক’ত প্ৰদৰ্শন কৰা দেখা যায়।

নিউয়ৰ্কস্থিত ভাৰতৰ কনছুলেট জেনেৰেল, কনছুল (প্ৰেছ, তথ্য আৰু সংস্কৃতি) বিপুল দেৱে এই অনুষ্ঠানটো প্ৰত্যক্ষ কৰি যুৱ ডিজাইনাৰসকলৰ অপৰিসীম প্ৰতিভা আৰু সৃষ্টিশীল ডিজাইনৰ শলাগ লয়।

আইএনআইএফডি গুৱাহাটীৰ কেন্দ্ৰ সঞ্চালক চিঙ্কি আগৰৱালে কয় যে, “এইটো আমাৰ চহৰখনৰ বাবে গৌৰৱৰ বিষয় যে আমাৰ ছাত্ৰ ডিজাইনাৰসকলে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে প্ৰিমিয়াৰ ফেশ্বন উইক ‘এনৱাইএফডব্লিউ’ত প্ৰদৰ্শনৰ বাবে গৈ দেশলৈ সুনাম কঢ়িয়াই আনিছে। আমাৰ ডিজাইনাৰসকলে এৰ্টি পোছাকৰ ডিজাইন আৰু প্ৰস্তুতকৰণৰ সময়ত বাণিজ্যিক দিশটোও সজাগতাৰে বিবেচনা কৰি চাইছিল। আইএনআইএফডি গুৱাহাটীৰ শিক্ষাৰ্থীসকলে আটাইতকৈ সন্মানীয় আন্তঃৰাষ্ট্ৰীয় মঞ্চ নিউয়ৰ্ক ফেশ্বন উইকত লাভ কৰা তেওঁলোকৰ সফলতাক লৈ আনন্দিত আৰু তেওঁলোকে ইয়াক সম্পূৰ্ণ উৎসাহ আৰু উদ্দীপনাৰে উদযাপন কৰিছে।

২৭ বছৰৰো অধিককালৰ ঐতিহ্যসম্পন্ন ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অৱ ফেশ্বন ডিজাইন (আই এন আই এফ ডি) হৈছে ছাত্ৰ-ছাত্ৰীসকলক এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চ প্ৰদান কৰাৰ বাবে পৰিচিত এক প্ৰতিষ্ঠান। ১ টা প্ৰতিষ্ঠান, ৩ খন মহাদেশ, ৩ খন দেশ, ৩টা ফেশ্বন উইক, ইণ্টাৰনেচনেল ইনষ্টিটিউট অফ ফেশ্বন ডিজাইন (আইএনআইএফডি)য়ে বিশ্বব্যাপী নিজৰ এক শক্তিশালী উপস্থিতি স্থাপন কৰিছে আৰু এয়া হৈছে বিশ্বৰ প্ৰথম ফেশ্বন প্ৰতিষ্ঠান যিয়ে বিশ্বৰ দুখন মুখ্য ফেশ্বন ৰাজধানী নিউয়ৰ্কত ৭ম ছিজনৰ বাবে আৰু লণ্ডনত ৮ম ছিজনৰ বাবে তেওঁলোকৰ শিক্ষাৰ্থীৰ সংগ্ৰহ প্ৰদৰ্শন কৰাৰ লগতে যোৱা ৩৩টা ছিজনৰ বাবে একেৰাহে মুম্বাইৰ লেকমে ফেশ্বন উইকত প্ৰদৰ্শন কৰিছে। ৫৪ সাজ সুন্দৰ পোছাকৰ সৈতে এই ভাৰতীয় অনুষ্ঠানটোৱে নিউয়ৰ্কৰ জাকজমকতাপূৰ্ণ ফেশ্বন জগত আৰু মিডিয়াক মন্ত্ৰমুগ্ধ কৰি এনৱাইএফডব্লিউত বৃহৎ সফলতা লাভ কৰে।

You might also like