নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিবন্ধী লোকলৈ ড্রোনেৰে পেন্সনৰ ধন প্রেৰণ

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰী: ওড়িশাৰ অৰণ্যই ঘেৰি থকা প্রত্যন্ত গাঁৱৰ প্রতিবন্ধী লোক এজনৰ বাবে পেন্সনৰ টকা পঞ্চায়তৰ পৰা ড্রোনেৰে প্রেৰণ কৰা ঘটনাক বিভিন্ন মহলে প্রশংসা কৰিছে৷ লোকজনৰ নাম হেতাৰাম সতনামী৷ জন্মৰে পৰা প্রতিবন্ধী সতনামীয়ে চলা–ফুৰা কৰিব নোৱাৰে৷ গতিকে চৰকাৰী পেন্সনৰ টকা তেওঁলৈ ড্রোনেৰে পঠিওৱাৰ ব্যৱস্থা ল’লে গাঁৱৰ মুৰব্বীয়ে৷ ৰাজ্যখনৰ নুৱাপাৰা জিলাৰ ঘন অৰণ্যৰ মাজত থকা ভুটকাপাৰা নামৰ গাঁওখনত বাস কৰে সতনামীয়ে৷ চৰকাৰী পেন্সনৰ বাবে ২ কিলোমিটাৰ দূৰৈৰ পঞ্চায়ত কার্যালয়লৈ যোৱাটো তেওঁৰ বাবে যন্ত্রণাদায়ক হৈ পৰিছিল৷ সতনামীৰ কষ্ট লাঘৱ কৰিবলৈ অনলাইনত অর্ডাৰ কৰি ড্রোন ক্রয় কৰে গাঁৱৰ মুৰব্বী সৰোজ আগৰৱালাই৷ এই ড্রোনৰ জৰিয়তে সতনামীৰ ঘৰলৈ পেন্সনৰ ধন পঞ্চায়তৰ পৰা প্রেৰণৰ ব্যৱস্থা কৰিলে আগৰৱালাই৷ গাঁৱৰ প্রধান আগৰৱালাৰ এনে কার্যক প্রশংসা কৰিছে স্থানীয় খণ্ড উন্নয়ন বিষয়ায়ো৷

You might also like