নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্নীতিৰ সম্রাট জয়ন্ত গোস্বামীৰ ঘৰত জব্দ ৮০ লাখ টকা

🔹 ২০ হাজাৰ ঘোচ লৈ গ্রেপ্তাৰ কার্যবাহী অভিযন্তা

বিশেষ বার্তা,  ১৪ মে’ : দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্রহণ কৰা ৰাজ্য চৰকাৰৰ বলিষ্ঠ পদক্ষেপক ভেঙুচালি কৰি আজিও একাংশ চৰকাৰী বিষয়াই নির্বিবাদে চলাই নিছে দুর্নীতিৰ বজাৰখন৷ ২০ হাজাৰ টকা দেখাত কম যেন লাগিলেও এই সাধাৰণ পৰিমাণৰ ধনখিনিৰো মোহ এৰিব নোৱাৰি কালি দুর্নীতি নিবাৰক আৰু তদাৰকী সঞ্চালকালয়ৰ জালত পৰে লখিমপুৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঘিলামৰা সংমণ্ডলৰ কার্যবাহী অভিযন্তা জয়ন্ত গোস্বামী৷ ঠিকাৰ ধন মুকলিৰ নামত এজন ঠিকাদাৰৰ পৰা কালি গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীৰ এখন হোটেলত ২০ হাজাৰ টকা লৈ থকা সময়তে হাতে-লোটে দুর্নীতি নিবাৰকে ধৰা পেলায় কার্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক৷ উল্লেখ্য যে জল জীৱন মিছন আঁচনি ৰূপায়ণৰ নামত কার্যবাহী অভিযন্তা জয়ন্ত গোস্বামীয়ে একাংশ ঠিকাদাৰৰ সৈতে মিলি ব্যাপক অনিয়মেৰে চৰকাৰী পুঁজিৰ লুণ্ঠন চলাইছিল৷ ঠিকা প্রদানৰ পৰা আৰম্ভ কৰি ঠিকাৰ ধন মোকলাই দিয়ালৈকে বিভিন্ন ঠিকাদাৰৰ পৰা বিষয়াজনে দাবী কৰিছিল মোটা অংকৰ কমিছন৷ কমিছনৰ ধন আদায় নিদিয়া পর্যন্ত ঠিকাৰ বিলৰ ফাইলত স্বাক্ষৰ কৰাৰ পৰাও বিৰত আছিল বিষয়াজন৷ বিভাগীয়ভাৱে বহুকেইজন ঠিকাদাৰে বিভিন্ন সময়ত বিষয়াজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল যদিও ঊর্ধ্বতন কর্তৃপক্ষই কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাছিল৷ ঘিলামৰা সংমণ্ডল কার্যালয়ৰ বহু কর্মচাৰী বিষয়াজনৰ এনে আচৰণত অতিষ্ঠ হৈ পৰিছিল যদিও কার্যালয়টোৰ শীর্ষ বিষয়া হোৱাৰ সুবাদত তেওঁৰ বিৰুদ্ধে কোনো তলতীয়া কর্মচাৰীয়ে মাত মতাৰ সাহস কৰিব পৰা নাছিল৷ কিন্তু এশ গৰু খালে বাঘৰো মৰণ৷ বিষয়াজনৰ এনে উদ্ধতালিত অসন্তুষ্ট হৈ একাংশ ঠিকাদাৰৰ মাজৰ পৰা এগৰাকীয়ে দুর্নীতি নিবাৰক আৰু তদাৰকী সঞ্চালকালয়ত অভিযোগ দাখিল কৰে৷ সেইমর্মে দুর্নীতি নিবাৰকে কালি পূর্বপৰিকল্পিতভাৱে জাল পেলাই হেঙেৰাবাৰীৰ ধৃতিপ্রভা নামৰ হোটেলখনত ঠিকাদাৰজনৰ পৰা ২০ হাজাৰ টকা উৎকোচ লৈ থকাৰ সময়তে হাতে-লোটে কার্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক গ্রেপ্তাৰ কৰে৷ উল্লেখ্য যে বিভিন্ন সময়ত দুর্নীতি নিবাৰকে কার্যালয়ত ধন লৈ থকা অৱস্থাত বহু বিষয়াক গ্রেপ্তাৰ কৰাৰ বাবে আৰক্ষীক আভুৱা–ভাঁৰি নিজৰ উদ্দেশ্য সফল কৰাৰ বাবে কৌশলপূর্ণভাৱে কার্যবাহী অভিযন্তা জয়ন্ত গোস্বামীয়ে নিজৰ কার্যালয়ত উৎকোচৰ ধন গ্রহণ কৰাৰ সলনি সাধাৰণ হোটেলত ঠিকাদাৰৰ পৰা ধন সংগ্রহ কৰাৰ ফন্দি পাতিছিল৷ আৰক্ষী সূত্রই সদৰী কৰা মতে, এনেদৰে আগতেও বহুবাৰ মহানগৰীৰ বিভিন্ন স্থানত ঠিকাদাৰক সাক্ষাৎ কৰি উৎকোচৰ ধন আদায় কৰিছিল জয়ন্ত গোস্বামীয়ে৷ ইপিনে, বিষয়াজনক উৎকোচৰ ধন হাতে-লোটে লৈ থকা অৱস্থাত দুর্নীতি নিবাৰকে গ্রেপ্তাৰ কৰাৰ পাছতে হেঙেৰাবাৰীত থকা তেওঁৰ প্রাসাদোপম অট্টালিকাতো অভিযান চলায়৷ উক্ত অভিযানত তদন্তকাৰী দলটোৱে প্রায় ৮০ লাখ টকা (নগদ) বিষয়াজনৰ ঘৰৰ পৰা জব্দ কৰে৷ জব্দ হোৱা ধনৰ পৰিমাণ প্রত্যক্ষ কৰি হতভম্ব হৈ পৰা তদন্তকাৰী দলটোৱে দুটাকৈ টকা গণা মেচিন আনিহে ধনখিনি গণিবলৈ সক্ষম হয়৷ ইয়াৰ বাদেও বিভিন্ন আপত্তিজনক তথ্য–পাতিও বিষয়াজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে দুর্নীতি নিবাৰকে৷ গুৱাহাটী মহানগৰীৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঘিলামৰা সংমণ্ডল চৌহদত থকা কার্যবাহী অভিযন্তাজনৰ চৰকাৰী আৱাসতো ঢকুৱাখনা মহকুমা আৰক্ষী, সোৱণশিৰি ৰাজহ চক্র বিষয়া আৰু ঘিলামৰা আৰক্ষী থানাৰ এটা দলে অভিযান চলাই চৰকাৰী নিয়ম অনুসৰি বিষয়াজনৰ বাসভৱনটো ছীল কৰি দিয়ে৷ সম্প্রতি বিষয়াজনক দুর্নীতি নিবাৰকে গ্রেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে৷

প্ৰেৰক ৰাজীৱ বৰুৱা

You might also like