নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘৪০০ আসনেৰে মোদী প্রধানমন্ত্রী হ’লে পাক অধিকৃত কাশ্মীৰ ওভতাই আনিব’

🔹 পঞ্জাবৰ পাটিয়ালাত মুখ্যমন্ত্রী ড০ শর্মাৰ বিশাল ৰোড শ্ব’

বিশেষ বাৰ্তা, ১৪ মে’ : অসমৰ তিনিটা পর্যায়ত লোকসভা নির্বাচনৰ ভোটগ্রহণ হৈ যোৱাৰ পাছত বিজেপিৰ অন্যতম ষ্টাৰ কেম্পেইনাৰ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বহিঃৰাজ্যত ধাৰাবাহিকভাৱে নির্বাচনী প্রচাৰ অব্যাহত ৰাখিছে৷ ওড়িশা, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, দিল্লীৰ পাছত কালি মুখ্যমন্ত্রী ড০ শর্মাই পঞ্জাবত নির্বাচনী প্রচাৰ চলায়৷ পঞ্জাবৰ পাটিয়ালা লোকসভা সমষ্টিৰ বিজেপি প্রার্থী প্রীণিত কৌৰৰ হৈ মুখ্যমন্ত্রী ড০ শর্মাই সমষ্টিটোত এক বিশাল ৰোড শ্ব’ত অংশগ্রহণ কৰে৷ প্রচণ্ড গৰমকো নেওচি হাজাৰ হাজাৰ সমর্থকৰ হর্ষোল্লাসৰ মাজত মুখ্যমন্ত্রী ড০ শর্মাই প্রায় দুঘণ্টা ৰোড শ্ব’ কৰি বিজেপি দল আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ হৈ নির্বাচনী প্রচাৰ চলায়৷ ৰোড শ্ব’ৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পাটিয়ালাৰ বিজেপি প্রার্থী প্রীণিত কৌৰ জয়ী হ’বই৷ আজিৰ বিশাল ৰোড শ্ব’ই এই কথা প্রতিপন্ন কৰিছে৷ পঞ্জাবৰ জনসাধাৰণক এইবাৰ লোকসভা নির্বাচনত বিজেপিক জয়যুক্ত কৰাৰ লগতে প্রধানমন্ত্রী নৰেন্দ্র মোদীক ৪০০খন আসন উপহাৰ দি পুনৰ প্রধানমন্ত্রী পদত অধিষ্ঠিত কৰোৱাৰ আহ্বান জনাই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিজেপি ক্ষমতালৈ আহিলে অহা ১০ বছৰত পঞ্জাবক দেশৰ ভিতৰতে প্রথমখন প্রদেশত পৰিণত কৰিব৷ আপ, কংগ্রেছ, ভগৱন্ত মান, ৰাহুল গান্ধীয়ে পঞ্জাবক নেতৃত্ব দিব নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রগতিশীল পঞ্জাবৰ বাবে বিজেপিৰ বিকল্প নাই৷ অচিৰেই বিজেপিয়ে পঞ্জাবক আপমুক্ত কৰিব৷ ড্রাগছেৰে নহয়, সম্পদেৰে পঞ্জাব দেশৰ ভিতৰত এক নম্বৰ প্রদেশ হ’ব৷ মুখ্যমন্ত্রী ড০ শর্মাই আপ আৰু কংগ্রেছক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে পঞ্জাবত আপ আৰু কংগ্রেছে যুঁজে৷ ইটো দলে সিটো দলৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰে৷ কিন্তু দিল্লীৰ ৰাজনীতিত আপ আৰু কংগ্রেছে ইলু ইলু কৰে৷ দুয়োটা দলে দিল্লীত আই লাভ ইউ, আই লাভ ইউ কৰে৷ দিল্লীত আপ আৰু কংগ্রেছে ইণ্ডি জোঁট বন্ধনত থাকে৷ পঞ্জাবত তেওঁলোক কয়– আমি বেলেগ বেলেগ৷ এয়া কেনেধৰণৰ নাটক? কংগ্রেছ–আপৰ গোপন বুজাবুজিয়ে পঞ্জাবক সমূলি ধ্বংস কৰিব৷ প্রগতিশীল পঞ্জাবৰ বাবে বিজেপিৰ বিকল্প নাই৷ আনহাতে, পঞ্জাবৰ মুখ্যমন্ত্রী ভগৱন্ত মানকো সমালোচনা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পঞ্জাবৰ মুখ্যমন্ত্রী দিল্লীলৈ গৈ তিহাৰ জে’লৰ পৰা অন্তর্ৱর্তীকালীন জামিনত ওলোৱা অপৰাধীক স্বাগতম জনায়৷ এয়া কি মুখ্যমন্ত্রীৰ কাম? ঋণৰ টকাৰে পঞ্জাবৰ মুখ্যমন্ত্রীয়ে অসম, মেঘালয়ৰ বিজ্ঞাপন প্রকাশ কৰে৷ বিজ্ঞাপন দিলে পঞ্জাবত দিয়ক, অসমত দি কি লাভ? অথচ পঞ্জাব চৰকাৰৰ জিডিপিৰ ৪৭ শতাংশ ঋণ আছে৷ বিধানসভা নির্বাচনৰ সময়ত পঞ্জাবৰ মহিলাসকলক মাহে এহেজাৰ টকাকৈ দিয়াৰ প্রতিশ্রুতি পালন নকৰা কার্যৰ বাবেও পঞ্জাব চৰকাৰক সমালোচনা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রতিশ্রুতি দিলে প্রতিশ্রুতি ৰক্ষা কৰিব লাগে৷ অসম চৰকাৰে মহিলাসকলক মাহে ১,২৫০ টকা, ছত্তিশগড় চৰকাৰে মহিলাসকলক মাহে ১,০০০ টকা, মধ্যপ্রদেশ চৰকাৰে মহিলাসকলক মাহে ১,২৫০ টকাকৈ প্রদান কৰি আহিছে৷ ২০১৪ চনত নৰেন্দ্র মোদী দেশৰ প্রধানমন্ত্রী হোৱাৰ পাছত বিগত ১০টা বছৰত সমগ্র উত্তৰ–পূবত শান্তিৰ পৰিৱেশ উভতি অহাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আজি অঞ্চলটোত কোনেও বোমা বিস্ফোৰণ, এ কে ৪৭ৰ গুলীৰ শব্দ নুশুনে৷ ২০২১ চনত ড০ শর্মাই মুখ্যমন্ত্রীৰ দায়িত্ব গ্রহণৰ পাছত ড্রাগ্ছৰ বিৰুদ্ধে শূন্য সহনশীলতাৰে অভিযান চলোৱাৰ উল্লেখ কৰি কয় যে অসমত এতিয়া ড্রাগ্ছ বেপাৰীৰ স্থান যমপুৰী৷ পঞ্জাবতো বিজেপিৰ চৰকাৰ আহিলে ড্রাগ্ছৰ বিৰুদ্ধে অনুৰূপ ব্যৱস্থা চলিব৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে ২০১৯ চনৰ লোকসভা নির্বাচনত অসমত বিজেপিয়ে ৯খন আসনত জয়লাভ কৰিছিল৷ এইবাৰ ৰাজ্যখনৰ ১৪খন আসনৰ ভিতৰত ১২–১৩খনত বিজেপি মিত্রজোঁটে জয়লাভ কৰিব৷ আনহাতে, প্রধানমন্ত্রী মোদীক এইবাৰ ৪০০খন আসনত জয়ী কৰোৱাৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পাক অধিকৃত কাশ্মীৰ ওভতাই অনা, কৃষ্ণ জনমভূমি মন্দিৰ নির্মাণ, জ্ঞানব্যাপী মছজিদৰ স্থানত কাশী–বিশ্বনাথ মন্দিৰ স্থাপনৰ বাবেই মোদীক ৪০০খন আসনত জয়ী কৰোৱাটো প্রয়োজন৷

You might also like