নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত নতুনকৈ ৮২ গৰাকী লোকৰ দেহত ক’ৰোনা; আক্ৰান্তৰ সংখ্যা ৪৭৭৭ জনলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ১৮ জুনঃ ৰাজ্যত নতুনকৈ ৮২ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ২২ গৰাকী বাক্সাৰ, ১৪ গৰাকী কাৰ্বি আংলঙৰ, ১১ গৰাকী চিৰাঙৰ, ৯ গৰাকী ডিব্ৰুগড়ৰ, ৭ গৰাকী ধুবুৰীৰ, ৫ গৰাকী গোলাঘাটৰ, ২ গৰাকী শিৱসাগৰৰ, ২ গৰাকী নগাঁৱৰ, ২ গৰাকী বৰপেটাৰ, ২ গৰাকী কামৰূপ মহানগৰৰ, এগৰাকী বিশ্বনাথৰ, এগৰাকী নলবাৰীৰ, এগৰাকী চৰাইদেউৰ, এগৰাকী তিনিচুকীয়াৰ, এগৰাকী কোকৰাঝাৰৰ, এগৰাকী ধেমাজিৰ ৷
যাৰ পাছতে অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৪৭৭৭ জনলৈ বৃদ্ধি ঘটিছে । লগতে এইপৰ্যন্ত ৰাজ্যত সম্প্ৰতি ২১১১ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে আৰু সুস্থ হোৱা ৰোগীৰ সংখ্যা হৈছে ২৬৫৪ গৰাকী ।
আনহাতে আজি পুনৰ এগৰাকী লোক ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে । ইয়াৰ লগে লগে ৰাজ্যত বিয়োগ হোৱা ব্যক্তিৰ সংখ্যা ৯ জনলৈ বৃদ্ধি ঘটে ।

You might also like