নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৮৬সংখ্যক যুৱ মহোৎসৱ

🔹 ৰাজপথত জিলিকিল বাৰেৰহণীয়া সংস্কৃতি

নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰ : ঢকুৱাখনাৰ ৰাজপথত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা । বৃহত্তৰ ঢকুৱাখনা অঞ্চলৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৮৬সংখ্যক বাৰ্ষিক যুৱ মহোৎসৱ আৰু অভিভাৱক সমাৰোহৰ সৈতে সংগতি ৰাখি উলিওৱা হয় এই সাংস্কৃতিক শোভাযাত্ৰা। বুধবাৰৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিভিন্ন প্ৰতিযোগিতামূলক খেল-ধেমালিৰে আৰম্ভ হোৱা বাৰ্ষিক যুৱ মহোৎসৱ আৰু অভিভাৱক সমাৰোহৰ আজি অন্তিম দিনা পুৱা ৯.৩০ বজাত ছাত্ৰ-ছাত্ৰীসকলে উলিওৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক কমল বৰগোঁহায়ে। বিদ্যালয়খনৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ উপস্থিতিত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰি শিক্ষক বৰগোহাঁয়ে কয়- সংস্কৃতি হৈছে কোনাে এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্রতিভা।ভাষা, সাহিত্য, সুকুমাৰ কলা দর্শন আদি ক্ষেত্রত প্রকাশ পােৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠী। পৰিৱৰ্তনৰ ঢৌত যি আধুনিকতাৰ বতাহ আহিছে তাত আমি ক’ব নোৱাৰাকৈয়ে আমাৰ কৃষ্টি-সংস্কৃতিক বিপদলৈ ঠেলি দিছোঁ ৷ লোককৃষ্টি, লোক-সংস্কৃতি, লোক-পৰম্পৰা আদি ৰক্ষা কৰিব নোৱাৰিলে আমাৰ চিনাকি হেৰাই যাব৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ কলাকৃষ্টিৰ উন্মেষ ঘটোৱা কাৰ্যক ভূয়সী প্ৰশংসা কৰি উদ্বোধক বৰগোহাঁয়ে এই কলাকৃষ্টিৰ চৰ্চা কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আহ্বান জনায়।

শোভাযাত্ৰাৰ প্ৰাকমুহূৰ্তত বিদ্যালয়ৰ অধ্যক্ষ কল্পনা গগৈয়ে বন্তি প্ৰজ্বলন আৰু জ্যেষ্ঠ শিক্ষয়িত্ৰী বীণা দত্তই এটি ঘোষা পৰিৱেশনেৰে বিদ্যালয়খনত এক আধ্যাত্মিক পৰিৱেশৰ সূচনা কৰে। শোভাযাত্ৰাত অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলে বিহু নৃত্য, মিচিং বিহু নৃত্য, ঝুমুৰ, সত্ৰীয়া নৃত্য, গায়ন-বায়ন, বিয়ানাম, দৰা-কইনা, মাছমৰীয়া, খেতিয়ক, স্বচ্ছ অভিযান, কাষত কলহ লৈ পানী তোলা, শগুন সংৰক্ষণ আদি অসংখ্য বিষয়ৰ প্ৰতীকী ৰূপ উপস্থাপন কৰি ঢকুৱাখনা নগৰৰ আকাশ-বতাহ জীপাল কৰি তোলে। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে স্বকীয় সাজপাৰ পৰিধান কৰি শোভাযাত্ৰাত অংশগ্ৰহণ কৰি শোভাযাত্ৰাৰ সৌষ্ঠৱ বঢ়ায়৷ বিদ্যালয়ৰ সকলো শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকে অংশগ্ৰহণ কৰা সাংস্কৃতিক শোভাযাত্ৰা ঢকুৱাখনা নগৰৰ মাজেৰে কচু কৈৱত্ৰ পথেৰে আহি পুনৰ ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সামৰণি পৰে ৷ এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই ৰাইজক মুহিবলৈ সক্ষম হয়৷

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like