নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা উ: মা: বিদ্যালয়ৰ ৮৭সংখ্যক বিদ্যালয় সপ্তাহৰ সাংস্কৃতিক শোভাযাত্রা

🔹 ৰাজপথত উজলিল জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি

নিয়মীয়া বাৰ্তা,  ১৪ নৱেম্বৰ : বৰ অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি গায়ন-বায়নেৰে পুনৰ উজ্জীৱিত হৈ পৰিল ঢকুৱাখনা সম-জিলাৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদ ৷ সোমবাৰৰ পৰা ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰম্ভ হৈছে ৮৭সংখ্যক বিদ্যালয় সপ্তাহ। ৫ দিনীয়াকৈ বিভিন্ন প্রতিযোগিতামূলক খেল-ধেমালিৰে আৰম্ভ হোৱা বাৰ্ষিক যুৱ মহোৎসৱ আৰু অভিভাৱক সমাৰোহৰ আজি চতুৰ্থ দিনা পুৱা ৯ বজাত বিদ্যালয়ৰ শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীৰ অংশগ্ৰহণেৰে পুৱা বিদ্যালয় প্ৰাংগণৰ পৰা উলিওৱা হয় বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা । বিদ্যালয়ৰ অধ্যক্ষ কল্পনা গগৈসহ সমূহ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্রীসকলৰ সহযোগত বৰ্ণময় সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে প্ৰাক্তন ছাত্ৰ তথা কণ্ঠশিল্পী অক্ষয়প্ৰীত গগৈয়ে। এই শোভাযাত্ৰাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি গায়ন-বায়ন, ভাওনাৰ বিভিন্ন চৰিত্ৰ, বিভিন্ন জনগোষ্ঠীয় নৃত্য, অসমীয়া সমাজৰ পৰম্পৰা, উপাদান আৰু প্ৰণালী বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত উপস্থাপন কৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে। সাম্প্ৰতিক সময়ৰ বহুকেইটা সমস্যা- পৰিৱেশ সংৰক্ষণ, প্লাষ্টিক বৰ্জনৰ ওপৰত সজাগতা সৃষ্টিৰ উপৰি তাঁতশাল, বিহুৰ লোকাচাৰ, মাছ ধৰা, শিক্ষা ব্যৱস্থাৰ বিভিন্ন বিষয়বস্তুৰ সুন্দৰ প্রতিফলন ঘটায় সাংস্কৃতিক শোভাযাত্রাত বিদ্যালয়ৰ প্ৰতিটো শ্ৰেণীৰ ছাত্ৰ- ছাত্রীসকলে। উল্লেখ্য যে এই সাংস্কৃতিক শোভাযাত্ৰাই ঢকুৱাখনা নগৰ হৈ প্ৰায় ৫ কিলোমিটাৰ পথ পৰিভ্ৰমণ কৰি পুনৰ বিদ্যালয়ত সামৰণি পৰে। বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি শোভাযাত্ৰাত অংশগ্ৰহণ কৰি শোভাযাত্ৰাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। বৰ অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ চহকী কৃষ্টি -সংস্কৃতিৰ সমাহাৰ ঘটা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই ঢকুৱাখনাবাসীক মুগ্ধ কৰি তোলে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like