নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯৩ আসনত প্রতিদ্বন্দ্বিতা কৰি ২৯খনতহে কংগ্রেছে দেখিলে বিজয়ৰ মুখ

আজমলৰে মিত্রতা কৰি ফল ভুগিলে বিগ ব্রাদাৰে

নিয়মীয়া বাৰ্তা ৪ মেঃ বদৰুদ্দিন আজমলৰ সৈতে মিত্রতা কৰি ধূলিসাৎ হ’ল কংগ্রেছ৷ আজমলৰ হাতত ধৰি কংগ্রেছে এইবাৰ চৰকাৰ গঠনৰ সপোন দেখিছিল৷ পিছে কালি প্রকাশিত নির্বাচনী ফলাফলত দেখা গ’ল বিপৰীত ছবি৷ একমাত্র এ আই ইউ ডি এফৰে মিত্রতা কৰাৰ বাবেই কংগ্রেছে ৯৩খন আসনত প্রতিদ্বন্দ্বিতা কৰি মাত্র ২৯খনতহে বিজয়ৰ মুখ দেখিবলৈ সক্ষম হ’ল৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে ২০১৬ চনৰ বিধানসভা নির্বাচনত এ আই ইউ ডি এফৰে মিত্রতা নকৰাকে ধৰি বাঁও দলে কৰা ভোট বিভাজনৰ বাবে কংগ্রেছে ৩০টা সমষ্টিত পৰাজয়বৰণ কৰিবলগীয়া হোৱা বুলি যুক্তি দর্শাই এইবাৰ মিত্রতাত আবদ্ধ হোৱাত গুৰুত্ব দিয়ে৷ পিছে এ আই ইউ ডি এফ আৰু বাঁও দলৰে কৰা মিত্রতাৰ ফলত ২০১৬ চনৰ তুলনাত মাত্র তিনিখনহে আসন বৃদ্ধি পালে৷ ২০১৬ চনত কংগ্রেছে ২৬খন আসনত জয়লাভ কৰিছিল৷

এইবাৰ কংগ্রেছৰ আসনৰ সংখ্যা ২৯খনলৈহে বৃদ্ধি পালে৷ ইয়াৰ বিপৰীতে আজমলৰে কৰা মিত্রতাৰ বাবে উজনি অসমত এইবাৰ অতি লক্ষণীয়ভাৱে হ্রাস পালে কংগ্রেছৰ আসনৰ সংখ্যা৷ ২০১৬ চনত কংগ্রেছে উজনি অসমত গোলাঘাট, সৰুপথাৰ, তিতাবৰ, মৰিয়নি, শিৱসাগৰ, নাজিৰা আৰু ডুমডুমা সমষ্টিত জয়লাভ কৰিবলৈ সক্ষম হৈছিল৷ পিছে এইবাৰ কংগ্রেছে কেৱল তিতাবৰ, মৰিয়নি, নাজিৰা আৰু থাওৰা সমষ্টিতে সীমাবদ্ধ থাকিবলগীয়া হ’ল৷ কংগ্রেছৰ এক সূত্রৰ মতে, আজমলৰে কৰা মিত্রতাৰ বাবে বহু সম্ভাৱনাময় সমষ্টিত কংগ্রেছে এইবাৰ পৰাজয়বৰণ কৰিবলগীয়াত পৰে৷ কংগ্রেছৰ এই ক্ষতিৰ বিপৰীতে সাংঘাতিক উপকৃত হৈছে এ আই ইউ ডি এফ দল৷ এইবাৰ নির্বাচনত এ আই ইউ ডি এফে ১৯টা সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়ায়৷ কালি ঘোষিত নির্বাচনী ফলাফলত দেখা গ’ল সেই ১৯টা সমষ্টিৰ ভিতৰত ১৬টাতে এ আই ইউ ডি এফে সাফল্যৰ হাঁহি মাৰিবলৈ সক্ষম হ’ল৷

You might also like