নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ অসমৰ দ্বিতীয় সৰ্ববৃহৎ ভূমিপুত্ৰ জনজাতি মিচিংসকলৰ নৱম ‘মিচিং যুৱ মহোৎসৱ’ ২০২৪ চনৰ ১ ফ্ৰেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব উত্তৰ অসমৰ ধেমাজিৰ বগীবিল দলঙৰ কাৰেং চাপৰিত। আজি মিচিংসকলৰ পৰম্পৰাগত ধৰ্মীয় মাংগলিক ৰীতি-নীতিৰে এক উৎসৱমুখৰ পৰিৱেশত লাইখুটা স্থাপন কৰা হয়। কাৰেং চাপৰিত অনুষ্ঠিত অনুষ্ঠানত মিচিং মাংগলিক কাৰ্য সম্পন্ন কৰাৰ পাছত আনুষ্ঠানিকভাৱে লাইখুঁটা স্থাপন কৰে ‘মিচিং যুৱ মহোৎসৱ’ৰ উপদেষ্টা তথা জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে। ইয়াৰ পিছত মুকলিকৈ বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীত কাৰেং চাপৰি, ডাম্বোক, মেচাকি আৰু চিলাপথাৰ আদি বিভিন্ন ঠাইৰ মিচিং সাংস্কৃতিক কৃষ্টি দলৰ দ্বাৰা প্ৰদৰ্শন কৰা গোমৰাম নৃত্য-ঐনিঃতমৰ সুৰত আবাল-বৃদ্ধ যুৱক-যুৱতী পুৰুষ-মহিলা আদি সকলোৱে একাকাৰ হৈ নৱমসংখ্যক মিচিং যুৱ মহোৎসৱৰ সফলতা কামনাৰে নৃত্য-গীতত মতলীয়া হৈ পৰে। ইয়াৰ লগে লগে মিচিং জাতীয় সাজপাৰৰ ভিন্নধৰ্মীয় ৰঙৰ মাজত গঢ় লৈ উঠা এক অন্যন্য পৰিৱেশে সমগ্ৰ ব্ৰহ্মপুত্ৰৰ লোহিত পাৰ মুখৰিত কৰি তোলাই নহয় বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰ সৃষ্টি হয়। লাইখুঁটা স্থাপন কাৰ্যসূচীৰ লগত সংগতি ৰাখি এখনি মুকলি সভাও অনুষ্ঠিত কৰা হয়। উক্ত সভাত যুৱ মহোৎসৱ উপদেষ্টা তথা বিধায়ক ভুৱন পেগুৱে কয় যে টাকাম মিচিং পৰিন কেবাঙৰ নেতৃত্বত এইবাৰৰ পৰা উদযাপন কৰা হব নৱম সংখ্যক মিচিং যুৱ মহোৎসৱ৷ আৰু এই বগীবিল কাৰেং চাপৰিত প্ৰত্যেক বছৰে স্থায়ীভাৱে উদযাপন কৰা হব মিচিং যুৱ মহোৎসৱ। তদুপৰি পৌৰাণিক সাংস্কৃতিক বাদ্যযন্ত্ৰ আৰু লোক সংস্কৃতি প্ৰদৰ্শন কৰাৰো ব্যৱস্থা কৰা হ’ব এই যুৱ মহোৎসৱত। মিচিং যুৱ মহোৎসৱত মিচিং জনগোষ্ঠীৰ বিলুপ্ত হৈ পৰা ৰীতি-নীতি সম্পৰ্কীয়, সাজ-পোছাকৰ লগতে জনগোষ্ঠীটোৰ বিভিন্ন কৃষ্টি সংস্কৃতি ধৰ্মীয় পূজা পাতল প্ৰদৰ্শন কৰা হ’ব। আজিৰ লাইখুটা স্থাপন অনুষ্ঠানত সদৌ মিচিং ছাত্ৰ সন্থা (টিএমপিকে)ৰ সভাপতি তিলক দলে, মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুম, সাধাৰণ সদস্য প্ৰতাপ চন্দ্ৰ টায়ে, কনক দলে, জিলা পৰিষদৰ উপ সভানেত্ৰী বন্তিবালা পেগু, জিলা পৰিষদৰ সদস্য ইন্দ্ৰকুমাৰ চুংক্ৰুাং,টিএমপিকে চিলাপথাৰ জিলা সমিতিৰ সম্পাদক মানস কুলি, এমএমকে চিলাপথাৰ জিলা সমিতিৰ সভাপতি ৰাজু পেগু, সম্পাদক চিবিৰাম টাহু, টিএমএমকে চিলাপথাৰ জিলা সমিতিৰ সভানেত্ৰী গুণলতা মৰাং, সম্পাদিকা জয়া পেগু, টিএমপিকে, এমএমে, টিএমএমকে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, চিলাপথাৰ জিলা আৰু ১৩খন আঞ্চলিক সমিতিৰ বিষয়ববীয়াৰ লগতে বহু গণ্যমান্য বিশিষ্ট ব্যক্তিৰ লগতে প্ৰায় সহস্ৰাধিক লোক উপস্থিত থাকে।
প্ৰেৰক কৰবী দলে