নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত চিৰাখোৱা মহিশঘুমাত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। ইটাভাতাত জুই লগাবলৈ গৈ মৃত্যুমুখত পৰে ২২ বছৰীয়া এজন যুৱক। ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। জানিব পৰা মতে, আজি দিনৰ ভাগত চিৰাখোৱা মহিশঘুমা গাঁৱৰ আব্দুল খালেকৰ পুত্ৰ আলী আকবৰ ৰহমান (২২) নামৰ যুৱকজনে ইটাভাতাত জুই লগাবলৈ চিৰাখোৱা গাঁৱত থকা ইটাভাতাত উপস্থিত হৈছিল আৰু জুই লগাই থকাৰ সময়তে ভৰি পিছলি তলত পৰি যায়। ফলত ইটাভাতাৰ ইটাৰ তলত পৰি যুৱকজনে কৰুণ মৃত্যুক সাবটি লয়। ঘটনাস্থলীত কালাপানী আৰক্ষী চকীৰ আৰক্ষী আৰু মানকাচৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মা বৰুৱা উপস্থিত হৈ চৰজমিন তদন্তৰ পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।
প্ৰেৰক ফাৰহাদ আহমেদ