নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাঞ্জা বিক্ৰী কৰাৰ সন্দেহত ৭৫ বছৰীয়া বৃদ্ধক মাৰপিট

🔹 চাৰিদুৱাৰৰ বগীজুলিত মৰেল পুলিচিঙৰ ঘটনা : অঞ্চলজুৰি চাঞ্চল্য 

নিয়মীয়া বাৰ্তা, ২১ মে’ : শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰৰ বগীজুলিত আজি এক মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হোৱাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে । ৰাইজৰ পৰা জানিব পৰা অনুসৰি, চাৰিদুৱাৰৰ ৪নং বগীজুলিত দোকানত গাঞ্জা বিক্ৰী কৰাৰ সন্দেহ কৰি এটা ৬-৭ জনীয়া যুৱকৰ দলে প্ৰসাদ বৰ্মন নামৰ এজন ৭৫ বছৰীয়া বৃদ্ধক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে । পিছত আৰক্ষীয়ে খবৰ লাভ কৰি ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় যদিও ঘটনা সংঘটিত কৰা যুৱককেইজনে পলায়ন কৰে। আৰক্ষীয়ে আঘাতপ্ৰাপ্ত বৃদ্ধজনক উদ্ধাৰ কৰি চাৰিদুৱাৰৰ ৩০খন বিছনাযুক্ত গ্ৰামীণ চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰে। আনহাতে, ঘটনাটো সংঘটিত কৰা যুৱককেইজনৰ সন্ধানত চাৰিদুৱাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । বাতৰি লিখা সময়লৈকে আৰক্ষীৰ তদন্ত অব্যাহত আছে যদিও যুৱককেইজনক আটক কৰা হোৱা নাই । এনেদৰে এচাম যুৱকে আইন হাতত তুলি লৈ মৰেল পুলিচিঙৰ দৰে নিকৃষ্ট ঘটনা সংঘটিত কৰা কাৰ্যক অঞ্চলজুৰি সচেতন মহলে গৰিহণা দিছে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like