নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত শৌচাগাৰক কেন্দ্ৰ কৰি গুৰুলা-গুৰুলকৈ প্ৰহাৰৰ অভিযোগ

🔹 মৰেল পুলিছিঙৰ ঘটনা সন্দৰ্ভত গোচৰ
নিয়মীয়া বাৰ্তা,  ২১ মে’ :  হোজাই জিলাত ক্ৰমশ: বৃদ্ধি পাইছে মৰেল পুলিচিঙৰ অমানৱীয় কাণ্ড ৷ মৰেল পুলিচৰ অমানৱীয় কাম-কাজত স্তম্ভিত হৈ পৰিছে সচেতন ৰাইজ৷ শেহতীয়াভাৱে হোজাই জিলাৰ ডবকাত নিতৌ সংঘটিত হৈছে এনেবোৰ ঘটনা ৷ ডবকা চিকিৎসালয়ৰ মহিলা চিকিৎসকক মাৰপিট কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ ডবকা মিকিৰ আটি আদৰ্শ গাঁৱত হাতে হাতে লাঠী লৈ পুৰুষ-মহিলাৰ মাজত তয়াময়া যুদ্ধ লাগে । মাত্ৰ এটা শৌচাগাৰক কেন্দ্ৰ কৰি একাংশ লোকে হানিফ আলী, হালিমা খাতুন আৰু পাৰবিনা বেগমক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ মাৰপিট কৰাৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। ভুক্তভোগীয়ে ডবকা থানাত জিবাবুৰ ৰহমান, মুজিবুৰ ৰহমান, চাইদুৰ ৰহমান, নিজামউদ্দিন, আতাবুৰ ৰহমান, নবি হুছেইন, আনোৱাৰ হুছেইন, হাফিজা খাতুন, আনুৰা খাতুন, জাহানাৰা বেগমসহ বৃহৎ এটি দলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ লগতে বিপৰীত পক্ষয়ো গোচৰ তৰিছে৷ আৰক্ষীৰ নিৰপেক্ষ তদন্তত প্ৰকৃত ঘটনা পোহৰলৈ আহিব ৷

 

প্ৰেৰক কিশলয় ডি গোস্বামী

You might also like