নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰৌতাত ৰাষ্ট্ৰীয় পথত বাছৰ খুন্দাত চাইকেল আৰোহীৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰ : বিটিআৰৰ ওদালগুৰি জিলাৰ ৰৌতা পৰিষদীয় সমষ্টিৰ এলেকাস্হ পশ্চিম গেলাবিলত কালি এক পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু ঘটে । জানিব পৰামতে, দুই নম্বৰ সোণাজুলি গাঁৱৰ নিবাসী ৫২ বছৰীয়া প্ৰেম পৌড়েল নামৰ এজন লোকে ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে চাইকেল চলাই গৈ থকা অৱস্থাত শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ পৰা দৰং জিলাৰ মঙ্গলদৈ অভিমুখে তীব্ৰ বেগেৰে গৈ থকা এ এছ -১৩ এ চি ২৫৬৬ আলট্ৰাবাছ এখনে লোকজনক পিছফালৰ পৰা খুন্দা মাৰি চোঁচৰাই নিয়াত থিতাতে মৃত্যু ঘটে। দুৰ্ঘটনাৰ কথা জানিব পাৰি আৰক্ষীয়ে আলট্ৰাবাছখন লাগে লগে জব্দ কৰে আৰু দুৰ্ঘটনাত মৃত্যু ঘটা লোকজনৰ মৃতদেহটো ওদালগুৰি জিলা অসামৰিক চিকিৎসালয়ত মৰণোত্তৰৰ পৰীক্ষাৰ কাৰণে প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।

প্ৰেৰক বলোৰাম পাঠক

You might also like