নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত বিধ্বংসী অগ্নিকাণ্ড, লক্ষাধিক টকাৰ সম্পত্তি বিনষ্ট

🔹 জুইত জাহ গ’ল ন-বোৱাৰীৰ সোণৰ আ-অলংকাৰ, ফাৰ্নিচাৰ

নিয়মীয়া বাৰ্তা, ১০ মে’ : ৰঙিয়াত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডত  কেইবাটাও বাসগৃহ ভস্মীভূত হয়। জুইত জাহ গ’ল ন-বোৱাৰীৰ সোণৰ আ-অলংকাৰ, সমস্ত ফাৰ্নিচাৰসহ লক্ষাধিক টকাৰ সা-সামগ্ৰী । ৰঙিয়াৰ পূব সাহানৰ নিৱাসী চাহনুৰ আলীৰ গৃহত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like