🔹 পাষণ্ড কেৰামত আলীক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰ : বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অধীনস্থ মাজেৰ আলগা আৰক্ষী চকীৰ অন্তৰ্গত ঔডুবিৰ কচুদোলা দ্বিতীয় খণ্ড গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড । পাষণ্ড স্বামীয়ে বিশেষভাৱে সক্ষম পত্নীক লাঠীৰে মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । মহিলাগৰাকীৰ পিতৃয়ে থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে পাষাণ স্বামী কেৰামত আলীক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, কচুদোলা দ্বিতীয় খণ্ড গাঁৱৰ কেৰামত আলীয়ে প্ৰথমা পত্নী থকাৰ পিছতো প্ৰায় দুবছৰ পূৰ্বে একে গাঁৱৰে আনিছা খাতুনৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ে । বিশেষভাৱে সক্ষম আনিছা খাতুনৰ সৈতে কেৰামত আলীয়ে প্ৰেমৰ সম্পৰ্ক গঢ়ি পলুৱাই নি বিয়া পাতে । মহিলাগৰাকীৰ পিতৃয়ে থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰা মতে, পাষণ্ড স্বামী কেৰামত আলীয়ে তেওঁৰ দ্বিতীয় পত্নী বিশেষভাৱে সক্ষম আনিছা খাতুনক প্ৰায়েই শাৰীৰিকভাৱে নিৰ্যাতন চলাই আহিছিল। যোৱা ৫ তাৰিখে কেৰামত আলীয়ে তেওঁৰ পত্নীক শাৰীৰিকভাৱে আক্ৰমণ কৰি আহত কৰিছিল। পিতৃ পৰিয়ালৰ সৈতে দেখা-সাক্ষাৎ কৰিব দিয়া নাছিল। আনকি চিকিৎসাৰ ব্যৱস্থা কৰা নাছিল বুলি অভিযোগ উঠিছে। এনে সময়তে আজি পুৱা কেৰামত আলীয়ে নিজৰ পত্নীৰ মৃত্যু হোৱা বুলি পিতৃৰ পৰিয়ালক অৱগত কৰে । পিছত যোগীঘোপা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মহিলাগৰাকীৰ পৰিয়ালৰ লোকে দাবী কৰা মতে, কেৰামত আলীয়ে নিজৰ দ্বিতীয় পত্নীক লাঠীৰে মৰিয়াই হত্যা কৰে। পিতৃৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে পাষণ্ড স্বামী কেৰামত আলীক গ্ৰেপ্তাৰ কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।
প্ৰেৰক টিংকু চন্দ্ৰ দাস