বিশেষ বাৰ্তা, ১৩ আগষ্ট : চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ সমীপৱৰ্ত্তী ন-জৱকাত কালি নিশা মাতাল পিতৃৰ কুঠাৰৰ ঘাপত পুত্ৰৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, সোণাৰি থানাৰ অন্তৰ্গত ন-জৱকা সৰুপথাৰ নিৱাসী হেম দৈমাৰী নামৰ ব্যক্তিজনে সুৰামত্ত অৱস্থাত কনিষ্ঠ পুত্ৰ বিপ্লৱ দৈমাৰীক কুঠাৰেৰে উপৰ্যুপৰি ঘপিওৱাৰ ফলত গুৰুতৰভাৱে আহত হয় । গুৰুতৰভাৱে আহত বিপ্লৱক সংকটজনক অৱস্থাত পৰিয়ালৰ লোকে সোণাৰি ৰজাপুখুৰীস্থিত চৰাইদেউ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও নিশা প্ৰায় ১২ বজাত চিকিৎসকে বিপ্লৱৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ জানিব পৰা মতে, হেম দৈমাৰীয়ে ঘৰতে অবৈধ চুলাই প্ৰস্তুত কৰি বিক্ৰী কৰি অহাৰ লগতে নিজেও মদ সেৱন কৰি প্ৰায়ে সুৰামত্ত অৱস্থাত থাকে ৷ কালি নিশা প্ৰায় ৮.৩০ বজাত সুৰামত্ত অৱস্থাত থকা পিতৃৰ সৈতে পুত্ৰৰ কিবা কথাত মতানৈক্যৰ সৃষ্টি হোৱাত টিউবৱেলত গা ধুই থাকোঁতে বিপ্লৱক পাছফালৰ পৰা পিতৃয়ে উপৰ্যুপৰি কুঠাৰেৰে ঘপিয়ায় ৷ আনহাতে, আজি সোণাৰি আৰক্ষীয়ে পুত্ৰহন্তা হেম দৈমাৰীক আটক কৰি তদন্ত আৰম্ভ কৰিছে ৷
প্ৰেৰক দীপাংকৰ পাল