নিয়মীয়া বাৰ্তা, ১১ আগষ্ট : সমগ্ৰ বিশ্বতে প্ৰতিদিনে বৃদ্ধি পাই আহিছে গোলকীয় উষ্ণতা৷ যি উষ্ণতাই বেয়াকৈ প্ৰভাৱিত কৰিছে অসমকো৷ বিগত বৰ্ষৰ দৰে এইবেলিও অকল্পনীয়ভাৱে তাপমান বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত পুৱা ৭:৩০ বজাতে আৰম্ভ কৰিবলগীয়া হৈছে বিদ্যালয়সমূহৰ পাঠদান৷ এনে সময়তে জলবায়ু পৰিবৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিক লৈ সচেতনতা প্ৰকাশ কৰি নিজৰ এবছৰীয়া পুত্ৰৰ ওপজা দিনত গছপুলি ৰোপণ কৰি যোৱা ৮ আগষ্টত আদৰ্শ দেখুৱালে এগৰাকী দিনহাজিৰা কৰি জীৱন নিৰ্বাহ কৰা লোকে৷
প্ৰতিদিনে পুৱা হাতত দাখন লৈ কামলৈ ওলাই নগ’লে পৰিয়াল পোহপাল দিব নোৱাৰা বজালী জিলাৰ শিয়ালমাৰী গাঁৱৰ গোলাপ ৰয় নামৰ দিনহাজিৰা কৰা ব্যক্তিগৰাকীয়ে তেওঁৰ পুত্ৰ মনদীপ ৰয়ৰ এবছৰীয়া জন্মদিনত নিজ গাঁৱত কেইবাজোপা গছপুলি ৰোপণেৰে যি পৰিৱেশ সজাগতা দেখুৱালে তাক লৈ সমগ্ৰ অঞ্চলতে বিশেষ চৰ্চা হৈছে৷
উল্লেখ্য যে গ্ৰীন মিছন, বজালীৰ সঞ্চালক তথা বিশিষ্ট পৰিৱেশকৰ্মী আনন্দ খাটনিয়াৰে বিগত কেইবাবছৰ ধৰি ৰাইজক প্ৰতিটো উৎসৱতে গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনাই আহিছে৷ বিশেষকৈ কাৰোবাৰ মৃত্যুৰ দিনত তথা ওপজা দিনত কেক কটাৰ পৰিৱৰ্তে গছপুলি ৰোপণ কৰি তাক প্ৰতিপালন কৰিবলৈ আহ্বান জনাই আহিছে৷ খাটনিয়াৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে বিভিন্নজনে নিজৰ আপোনজনৰ জন্ম আৰু মৃত্যুৰ দিনত গছপুলি ৰোপণ কৰি পৰিৱেশৰ ভাৰসাম্য ৰক্ষাত সৰুকৈ হ’লেও বৰঙণি আগবঢ়াই আহিছে৷ যোৱাটো ব’হাগ বিহুত শিয়ালমাৰীত অনুষ্ঠিত বিহু সন্মিলনৰ অনুষ্ঠানত আনন্দ খাটনিয়াৰে গছপুলি ৰোপণ কৰি নিজৰ ভাষণত অঞ্চলটোৰ ৰাইজক আপোনজনৰ ওপজা দিনটো কেক কাটি, বেলুন ফুলাই আড়ম্বৰপূৰ্ণভাৱে পালন কৰাৰ বিপৰীতে ভৱিষ্যত প্ৰজন্মৰ বাবে এখন সেউজ পৃথিৱী গঢ় দিয়াৰ স্বাৰ্থত গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনায়৷ সাম্প্ৰতিক সময়ত ব্যাপক হাৰত সৃষ্টি হোৱা পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ বাবে গছপুলি ৰোপণ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে বুলি তেওঁ নিজৰ ভাষণত উল্লেখ কৰি আমাৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰতি আমি চিন্তা নকৰিলে ইয়াৰ পৰিণাম আমিয়েই ভুগিব লাগিব বুলি কৈ সকলোকে জন্মদিনত কেক নাকাটি সেই ধনেৰে গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনাইছিল৷ এনে এক প্ৰেক্ষাপটতে গাঁওখনৰ দিনহাজিৰা কৰা গোলাপ ৰয়ে পুত্ৰৰ এবছৰীয়া ওপজা দিন উপলক্ষে গছপুলি ৰোপণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি দুদিন পূৰ্বে আনন্দ খাটনিয়াৰৰ স’তে যোগাযোগ কৰে আৰু খাটনিয়াৰ তথা গাঁওখনৰ ৰাইজৰ সহযোগত এবছৰীয়া পুত্ৰৰ হতুৱাই শিয়ালমাৰী পূব চুবাৰ ৰাজহুৱা নামঘৰ প্ৰাংগণত কেইবাজোপা গছপুলি ৰোপণ কৰাৰ লগতে তাক সুৰক্ষিত কৰাৰ দিহা কৰে৷ গছপুলি ৰোপণ উপলক্ষে অনুষ্ঠিত বিনয় মেধিয়ে আঁত ধৰা অনুষ্ঠানটিত উপস্থিত দেৱশিশুটিৰ পৰিয়ালবৰ্গৰ লগতে, গাঁওবাসী তথা গাঁৱৰে অৱসৰী শিক্ষক নবীন দত্ত, গঞা ৰাইজৰ সভাপতি সদানন্দ তালুকদাৰ, সম্পাদক প্ৰফুল্ল ৰয় আদিয়ে অংশগ্ৰহণ কৰি এই ব্যতিক্ৰমী চিন্তা আৰু প্ৰচেষ্টাক গাঁওবাসী ৰাইজে শলাগ লয়৷
এগৰাকী দিনহাজিৰা কৰা ব্যক্তি, যিয়ে দিনৰ দিনটো হাজিৰা কৰি পৰিয়াল পোহপাল দিয়াৰ বাদে আন চিন্তা কৰিবলৈ আহৰি নাই৷ কিন্তু সেই দিনহাজিৰা কৰা সাধাৰণ ব্যক্তিগৰাকীয়ে চাৰি মাহ পূৰ্বে শুনা এক ভাষণৰ দ্বাৰা প্ৰভাৱান্বিত হৈ আজিপৰ্যন্ত মনত ৰাখি নিজৰ পুত্ৰৰ প্ৰথমটো জন্মদিনত গছপুলি ৰোপণ কৰি যি পৰিৱেশ সচেতনতাৰ দৃষ্টান্ত দাঙি ধৰিলে, সেয়া আজিৰ জলবায়ু পৰিৱৰ্তনৰ দিনত সঁচাকৈ অতি প্ৰশংসনীয় আৰু অনুকৰণীয় বুলি সচেতন মহলত চৰ্চিত হৈছে আৰু দিনহাজিৰা কৰা পিতৃৰ শলাগ লৈ তেওঁৰ পুত্ৰক ওপজা দিনটোত গাঁৱৰ ৰাইজে হিয়া উজাৰি আশীৰ্বাদ দিয়ে৷
প্ৰেৰক কল্যাণ কলিতা