গাজাত ইজৰাইলৰ আক্ৰমণ, ৫ সাংবাদিকৰ প্ৰাণহানি
ইজৰাইলে গাজাত কৰা আক্ৰমণত পাঁচজন সাংবাদিকৰ মৃত্যু হৈছে, য’ত কাটাৰৰ মিডিয়া হাউচ আল জাজিৰাৰ আনাছ আল-শ্বাৰিফো অন্তৰ্ভুক্ত। গাজা চহৰৰ আল-শ্বিফা হাস্পতালৰ ওচৰত সাংবাদিকৰ বাবে নিৰ্মিত এটা গৃহত ইজৰাইলৰ আক্ৰমণত এইসকলৰ মৃত্যু হৈছে।
নিউজ এজেন্সী এএফপিৰ প্ৰতিবেদন অনুসৰি, কালি নিশা গাজা চহৰৰ আল-শ্বিফা হাস্পতালৰ মুখ্য দুৱাৰৰ বাহিৰত থকা গৃহত হোৱা আক্ৰমণত ৭জন লোকৰ প্ৰাণহানি হৈছে। ইয়াৰ ভিতৰত আল জাজিৰাৰ সাংবাদিক মহম্মদ কাৰিকেহ আৰু কেমেৰামেন ইব্ৰাহিম জহিৰ, মহম্মদ নৌফল আৰু মোয়ামেন আলিভাও আছে।
🎯STRUCK: Hamas terrorist Anas Al-Sharif, who posed as an Al Jazeera journalist
Al-Sharif was the head of a Hamas terrorist cell and advanced rocket attacks on Israeli civilians and IDF troops.
Intelligence and documents from Gaza, including rosters, terrorist training lists and… pic.twitter.com/ypFaEYDHse— Israel Defense Forces (@IDF) August 10, 2025
ইজৰাইলৰ আক্ৰমণৰ বিষয়ে আল জাজিৰাৰ আনাছ আল-শ্বাৰিফে তেওঁৰ শেষ পোষ্টত লিখিছিল, “যদি মোৰ এই শব্দবোৰ আপোনালোকৰ ওচৰলৈ পায়, তেন্তে জানি থওক যে ইজৰাইলে মোক হত্যা কৰি মোৰ কণ্ঠ দমন কৰাত সফল হৈছে, কিন্তু গাজাক পাহৰি নাযাবা।” আল জাজিৰাই এজন স্থানীয় হাস্পতালৰ প্ৰধানৰ উদ্ধৃতিৰে কৈছে যে গাজা চহৰত তেওঁলোকৰ গৃহত হোৱা ইজৰাইলৰ আক্ৰমণত তেওঁলোকৰ ৪জন সাংবাদিক নিহত হৈছে।
ইজৰাইল ডিফেন্স ফৰ্চ (আইডিএফ)এ আনাছক সন্ত্ৰাসবাদী বুলি অভিহিত কৰিছে। ইজৰাইলৰ সামৰিক বাহিনীৰ তৰফৰ পৰা কৰা সামাজিক মাধ্যমৰ পোষ্টত কোৱা হৈছে যে হামাছৰ সন্ত্ৰাসবাদী আনাছ আল-শ্বাৰিফে নিজকে আল জাজিৰাৰ সাংবাদিক বুলি দাবী কৰিছিল। আল-শ্বাৰিফ হামাছৰ এটা সন্ত্ৰাসবাদী গোটৰ নেতা আছিল আৰু তেওঁ ইজৰাইলৰ নাগৰিক আৰু আইডিএফ সৈন্যৰ ওপৰত ৰকেটৰ দ্বাৰা আক্ৰমণ কৰিছিল।
আইডিএফে কৈছে যে গাজাৰ পৰা পোৱা গোপন তথ্য আৰু দস্তাবেজ, য’ত তালিকা, সন্ত্ৰাসবাদী প্ৰশিক্ষণৰ তালিকা আৰু বেতনৰ ৰেকৰ্ড অন্তৰ্ভুক্ত, সেইবোৰে প্ৰমাণ কৰে যে আনাছ আল-শ্বাৰিফ আল জাজিৰাৰ সৈতে জড়িত এজন হামাছ কৰ্মী আছিল। লগতে কোৱা হৈছে যে প্ৰেছ বেজ সন্ত্ৰাসবাদৰ বাবে ঢাল নহয়।
Niyomiya Barta Desk, 11 August, 2025