নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰ : মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত ছাতিয়ান তুলি গাঁৱত যোৱানিশা সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড। গাঁওখনৰ শ্বাহাব উদ্দিনৰ গৃহত যোৱানিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত দুটা গৃহ সম্পূৰ্ণ ভস্মীভূত হোৱাৰ লগতে লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়। উল্লেখ্য যে অগ্নিনিৰ্বাপক বাহিনী আহে যদিও তেতিয়ালৈ গৃহ, সা-সম্পত্তি ভস্মীভূত হয়। বৃহত্তৰ লাহৰীঘাটত এটা অগ্নিনিৰ্বাপক কেন্দ্ৰ নাই। লাহৰীঘাট অঞ্চলৰ কোনো ঠাইত অগ্নিকাণ্ড সংঘটিত হ’লে মৈৰাবাৰী, ধিং অথবা ভূৰাগাঁৱৰ পৰা অগ্নিনিৰ্বাপক বাহিনী আহিব লাগে । গতিকে লাহৰীঘাট অঞ্চলৰ স্থানীয় ৰাইজে লাহৰীঘাটত এটা অগ্নিনিৰ্বাপক কেন্দ্ৰ স্থাপন কৰিবলৈ দাবী জনাই আহিছে ।
প্ৰেৰক আবুল কালাম