নিয়মীয়া বাৰ্তা, ১ মে’ : Assam Nagaland সীমান্তৰ চুঙাজানত চাৰি কোটি টকাৰ ড্ৰাগছ জব্দ। পঞ্চায়ত নিৰ্বাচনত আৰক্ষী প্ৰশাসন সকলো ব্যস্ত থকাৰ সুবিধা লৈ ড্ৰাগছ সৰবৰাহত ব্যস্ত ড্ৰাগছ মাফিয়া। সৰুপথাৰ সম জিলা Assam Nagaland অসম নাগালেণ্ড সীমান্তৰ ১ নং চুঙাজানৰ নাওঘাটত আজি সন্ধিয়া বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে।
গোলাঘাট জিলাৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী বিষয়া জন দাস,সৰুপথাৰ সম জিলা আৰক্ষী বিষয়া দ্বীপেন পাতৰ,বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুষ্টম ৰাজ ব্ৰহ্মা, চুঙাজান আৰক্ষী থানাৰ ভাৰপাপ্ত আৰক্ষী বিষয়া মনোজ হাতীমূৰীয়া আৰু ১৫৫ নং CRPFৰ এটা বৃহৎ দলে যুটীয়া ভাবে অভিযান চলাই এই বৃহৎ পৰিমাণৰ ড্ৰাগছ খিনি জব্দ কৰিবলৈ সক্ষম হয়।
এখন বোলেৰ বাহনত মণিপুৰৰ পৰা অসম নাগালেণ্ড সীমান্ত হৈ বোকাজান অভিমুখে এখন বোলেৰ বাহনত আনি থকাৰ অৱস্থাত আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই জব্দ কৰে উক্ত ড্ৰাগছ খিনি। উক্ত বোলেৰ বাহনখনৰ নম্বৰ হৈছে AS 09 J4268। বাহন খনৰ লগতে লোকজনৰ পৰা এটা মোবাইল ফোন, আধাৰ কাৰ্ড,পানকাৰ্ড আদি জব্দ কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
গাড়ীখনৰ চিতৰ তলত গোপন চেম্বাৰ বনাই চাবোনৰ বাকচত পলিথিনেৰে মেৰিয়াই লুকুৱাই আনিছিল ড্ৰাগছখিনি। মুঠ ৪৯টা চাবোনৰ বাকচত ৬৭১.৯২ গ্ৰাম ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে জনোৱাৰ মতে ইয়াৰ বজাৰ মূল্য প্ৰায় চাৰি কোটি। উক্ত লোকজনৰ নাম আছিদূল আলি পিতৃৰ নাম মহম্মদ আলি ঘৰ বোকাজান জ্যোতি নগৰ ৱাৰ্ড নং ৬ বুলি জানিব পৰা গৈছে। সীমান্ত অঞ্চলটোৱে এনেদৰে সঘনাই ড্ৰাগছ সৰবৰাহ কৰাত চিন্তিত হৈ পৰিছে সচেতন ৰাইজ।